ৰাজ্যত আইনৰ শাসন নিশ্চিত কৰাৰ দাবী চি পি আই(এম)ৰ :* *বটদ্ৰৱাৰ ঘটনাৰ ন্যায়িক তদন্ত হওক* - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 22 May 2022

demo-image

ৰাজ্যত আইনৰ শাসন নিশ্চিত কৰাৰ দাবী চি পি আই(এম)ৰ :* *বটদ্ৰৱাৰ ঘটনাৰ ন্যায়িক তদন্ত হওক*

Responsive Ads Here

 *




W7s news ষ্টাফৰিপোৰ্টাৰ: নগাঁও জিলাৰ বটদ্ৰৱা থানাত ধিঙৰ  ছালনাবড়ী গাঁৱৰ এজন যুৱকৰ পুলিচৰ জিম্মাত থকা অৱস্থাত মৃত্যু হোৱাৰ পাছতে ২১ মে'ৰ দিনৰ ভাগতে থানাখনত সংঘটিত অগ্নিসংযোগৰ ঘটনা আৰু দেওবাৰে পুলিচে গাঁওবাসীৰ মাজত চলোৱা উপদ্ৰৱ আৰু অত্যাচাৰৰ ঘটনাত চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। পাৰ্টিয়ে সমস্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনোৱাৰ লগতে আইনৰ শাসন হাতত তুলি লোৱা  দোষী পুলিচ বিষয়া, থানা জ্বলোৱা এচাম দুৰ্বৃত্ত আদি সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে। চি পি আই (এম)ৰ ৰাজ্যিক কমিটিয়ে কয়, ৰাজ্যৰ প্ৰায়বোৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিমতে ছালনাবড়ী গাঁৱৰ পোনা মাছ ব্যৱসায়ী ছফিকুল ইছলাম নামৰ এজন যুৱকক ২০ মে'ৰ নিশা পুলিচে আটক কৰি বটদ্ৰৱা থানালৈ আনে আৰু তেওঁৰ মুক্তিৰ বাবদ ছফিকুলৰ পত্নীৰ পৰা এটা হাঁহ আৰু দহ হেজাৰ টকা দাবী কৰে। পুলিচে বিচৰামতে পত্নীয়ে ধনৰ যোগাৰ কৰিব নোৱাৰি হাঁহ এটাকে লৈ নিশাই থানালৈ যায়। কিন্তু পুলিচৰ দাবী পূৰণ নোহোৱাত পত্নীৰ সন্মুখতে ছফিকুলক প্ৰচণ্ড প্ৰহাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে। পত্নী উভতি আহি পাছদিনা টকা লৈ পুনৰ থানালৈ যাওঁতে ছফিকুল নগাঁৱৰ অসামৰিক চিকিৎসালত ভর্তি হৈছে বুলি পুলিচৰ পৰাই জানিব পাৰে। কিন্তু অসামৰিক চিকিৎসালয়খনত পত্নীসহ  আত্মীয়সকলে ছফিকুল ইছলামক মৃত অৱস্থাত 'পোষ্টমৰ্টেম' কক্ষতহে দেখে। এই ঘটনা ছফিকুলৰ গাঁৱত বনজুইৰ দৰে প্ৰচাৰ হোৱাৰ লগে লগে উত্তেজনাৰ সৃষ্টি হয় আৰু একাংশ লোকে বটদ্ৰৱা থানালৈ আহি প্ৰতিবাদ কৰাৰ লগতে থানাখনতো অগ্নিসংযোগ কৰি ছাৰখাৰ কৰে আৰু পুলিচৰ ওপৰতো আক্ৰমণ কৰে বুলি একাংশ সংবাদ মাধ্যমত প্রকাশ পাইছে। চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে পুলিচৰ জিম্মাত ছফিকুল ইছলামৰ মৃত্যু আৰু একাংশ দুষ্কৃতিকাৰীৰ দ্বাৰা আৰক্ষী থানা জ্বলাই দিয়াৰ ঘটনাক তীব্র নিন্দা আৰু সমস্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী কৰিছে। আইনৰ শাসন কোনো পক্ষই হাতত তুলি ল'ব নোৱাৰে বুলি পাৰ্টিয়ে দৃঢ় মত প্ৰকাশ কৰিছে। 

আটাইতকৈ উদ্বেগজনক কথাটো হৈছে দেওবাৰে অঞ্চলটোত চলোৱা পুলিচৰ অত্যাচাৰ আৰু সন্ত্ৰাস। থানা আক্ৰমণৰ পোতক তুলিবলৈ পুলিচে আইন সম্পূৰ্ণ নিজৰ হাতত তুলি লৈছে আৰু কোনো বাচ-বিচাৰ নকৰাকৈ পুলিচ প্ৰশাসনে স্থানীয় লোকসকলৰ ঘৰ-দুৱাৰ এফালৰ পৰা ভাঙি নিৰ্মম উচ্ছেদ অভিযান আৰম্ভ কৰি দিছে। এইসকল লোকক পুলিচে অবৈধ দখলকাৰী, সন্দেহজনক নাগৰিক, বাংলাদেশী, 'জেহাদী' আদি আখ্যা দি উৎপীড়ন-অত্যাচাৰ চলাই আছে। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে অসম পুলিচে সাম্প্ৰদায়িক অপপ্ৰচাৰতো লিপ্ত হৈছে। আইনী প্ৰক্ৰিয়াৰে 'বাংলাদেশী' বা 'অবৈধ নাগৰিক' বুলি চিনাক্ত হোৱাৰ আগতেই ধৰ্মীয় সংখ্যালঘুসকলৰ একাংশ লোকৰ ওপৰত এনেদৰে অত্যাচাৰ চলোৱাটো সম্পূৰ্ণ আইন বিৰুদ্ধ আৰু কোনো আধুনিক সভ্য সমাজত এয়া গ্রহণযোগ্য নহয়। শেহতীয়াভাৱে যোৱা ২৮ এপ্ৰিলত বৰপেটাৰ মাননীয় চেছন ন্যায়াধীশৰ আদালতে গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীৰ জামিন আৱেদন মঞ্জুৰ কৰি  অসমত বৰ্তমান চৰকাৰৰ শাসনত 'পুলিচ ৰাজ' চলাৰ আশংকা কৰি এটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ তথা ৰায়দান কৰিছিল। আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ শাসন কালত সেই আশংকা বাস্তৱত পৰিণত হ'বলৈ গৈ আছে বুলি চি পি আই (এম) দলে মত প্ৰকাশ কৰিছে। দৰাচলতে পুলিচে আইনৰ শাসন ৰক্ষাৰ সলনি ৰাজ্যত আইনহীনতাৰহে সূচনা কৰিছে। পাৰ্টিয়ে বটদ্ৰৱাৰ ঘটনাৰ খৰতকীয়া ন্যায়িক তদন্তৰ দাবী জনোৱাৰ লগতে দোষী পুলিচ আৰু থানা জ্বলোৱা দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনগত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ৰাজ্যত আইনৰ শাসন প্ৰতিষ্ঠাৰ দাবী সজোৰে উত্থাপন কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *