W7s news ষ্টাফৰিপোৰ্টাৰ': - অসম লেখিকা সমাজৰ এটা শাখা দেওবাৰে মুম্বাই মহানগৰত গঠন কৰা হয়। মীৰা সোণোৱালক সভাপতি আৰু গীতা শৰ্মাক সম্পাদক হিচাপে লৈ গঠন কৰা অসম লেখিকা সমাজ,মুম্বাই সমন্বয় শাখাত বিভিন্ন কৰ্মসূত্ৰে মুম্বাইত বসবাস কৰা বহুসংখ্যক মহিলা লেখিকাই যোগদান কৰে। গুগলমিট যোগে অনুষ্ঠিত হোৱা সভাখনত অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈ, প্ৰধান সম্পাদক বৰ্ণালী দত্ত বৰা, কোষাধ্যক্ষ ৰত্না ৰংচেহনপী আৰু সাংগঠনিক সম্পাদক অনিতা গগৈয়ে অংশগ্ৰহণ কৰাৰ ওপৰিও মুম্বাই শাখাৰ উপদেষ্টা শ সদানন্দ গগৈয়েও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। এই সভাখনত অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈয়ে কয় -আমি মানৱীয়তাবোধৰ সৈতে ভাষাৰ হকে, সাংস্কৃতিক দিশ, জাতীয়তাবোধ বৃদ্ধিৰ বাবে মানসিক ভাৱে সংঘবদ্ধ হৈ কাম কৰি যাব লাগিব। আমি কেৱল কাম কৰি যাম। ফল বিভুৰ হাতত। অনুষ্ঠানটো কেইবাগৰাকী শিল্পীয়ে গীত আৰু কবিতাৰে জীপাল কৰি তোলে।' উল্লেখ্য, ২০২১ চনৰ নৱেম্বৰ মাহত গঠন হোৱা অসম লেখিকা সমাজৰ ইতিমধ্যে ২০ টাৰো অধিক জিলা আৰু আঞ্চলিক শাখা গঠন হৈছে। নৱগঠিত আন্তঃৰাজ্যিক শাখাৰ প্ৰথমখন শাখা হিচাপে অসম লেখিকা সমাজ, মুম্বাই সমন্বয় শাখাৰ সকলো বিষয়ববীয়া আৰু সদস্যক অসম লেখিকা সমাজৰ হৈ সভাপতি পদুমী গগৈ আৰু প্ৰধান সম্পাদক বৰ্ণালী দত্ত বৰাই অভিনন্দন জ্ঞাপন কৰে।
No comments:
Post a Comment