এছ’চিয়েশ্যন অৱ আৰ্কিটেক্টছ, অসমৰ সহযোগত স্থপতিবিদসকলক সন্মান জনালে হাফেলে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 29 May 2022

এছ’চিয়েশ্যন অৱ আৰ্কিটেক্টছ, অসমৰ সহযোগত স্থপতিবিদসকলক সন্মান জনালে হাফেলে

 





W7s news গুৱাহাটী: বিল্ডাৰ আৰু স্থপতিবিদসকলক সন্মান জনোৱাৰ উদ্দেশ্যেৰে হাফেলে গুৱাহাটীত দ্য এছ’চিয়েশ্যন অৱ আৰ্কিটেক্টছ, অসমৰ সৈতে সহযোগিতাৰে এক বঁটা প্ৰদান কাৰ্যসূচী আয়োজন কৰে। এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে ভাৰত চৰকাৰৰ স্থাপত্য পৰিষদৰ সভাপতি স্থপতিবিদ হাবীব খান, স্থপতিবিদ প্ৰকাশ শাণ্ডিল্য, আৰু স্থপতিবিদ অমিতাভ শৰ্মা আদিকে ধৰি বহু বিশিষ্ট লোক। অনুষ্ঠানৰ আৰম্ভণিতে সন্মানীয় অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়, তাৰ পিছত হাফেলৰ দক্ষিণ এছিয়াৰ পৰিচালন সঞ্চালক জুৰ্গেন উলফে ভাষণ আগবঢ়াই। ইয়াৰ পিছতে এক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়, য’ত একাধিক ডিজাইনাৰ আৰু স্থপতিবিদক ক্ষেত্ৰখনত কৰা উল্লেখযোগ্য কামৰ বাবে বঁটা প্ৰদান কৰা হয়। ডিজাইনাৰ গিল্ডৰ স্থপতিবিদ দেৱাশিশ চক্ৰৱৰ্তী, ক্লিন শ্লেট ডিজাইনৰ স্থপতিবিদ মানস ৰাজকুমাৰ আৰু আৰতি ঠাক্কৰ, এবিডিএছৰ স্থপতিবিদ অৰবিন্দ বাৱৰী, ড্ৰিম স্পেচৰ স্থপতিবিদ কৌশিক দাস, আভাণ্ট-গাৰ্ডেৰ স্থপতিবিদ সুমীত বাগ্ৰী আৰু মমতা বগ্ৰী, বাংকা এণ্ড এছ’চিয়েটছৰ স্থপতিবিদ সন্তোষ বাংকা। উল্লেখ্য যে বৃত্তিটোৰ সম্ভাৱনা, মৰ্যাদা আৰু নৈতিকতা উন্নত কৰাৰ লগতে স্থাপত্যত জনচেতনা অনাৰ লক্ষ্য ৰাখিছে এছ’চিয়েশ্যন অৱ আৰ্কিটেক্টছ আছামে। ১৯৮১ চনত প্ৰতিষ্ঠা হোৱাৰ পৰাই দ্য এছ’চিয়েশ্যন অৱ আৰ্কিটেক্টছ, অসম (AAA) কৰ্মশালা, আলোচনা চক্ৰ, প্ৰদৰ্শনীৰ ব্যৱস্থা আৰু অংশগ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈ আহিছে আৰু সমাজৰ সকলো সংশ্লিষ্ট শ্ৰেণীলৈ ক্ষেত্ৰখনৰ তথ্য, ধাৰা আৰু প্ৰযুক্তিগত উন্নতি প্ৰদানৰ দিশত নিৰ্দেশিত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here