W7s news ষ্টাফৰিপোৰ্টাৰ: অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুস্থান পথিকৰ উদ্যোগত বি বৰুৱা কৰ্কট প্ৰতিস্থান, অনুপম জীৱন,এছ এম ছি ৮৯,স্বৰাজ, টপ চেম,কনজুমাৰ ৰাইটছ অৰগেনাইজেছন ৰ সহযোগত চতুৰ্থ সংখ্যক ধঁপাত বিৰোধী সজাগতাৰ আন দুটা কাৰ্যসূচী ৱাকাথন আৰু চিত্ৰাংকন প্ৰতিযোগিতা দেওবাৰে সম্পন্ন কৰা হয় । পুৱা ৭ বজাত নেহৰু ষ্টেডিয়ামত ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, অসম ৰাজ্যিক পৰিবহন বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাস ,ভাৰতীয় দন্ত চিকিৎসা সন্থা মহিলা কোষৰ অধ্যক্ষা ডাঃ ৰুবী কটকী, অসম ৰাজ্যিক শ্ৰম বিভাগৰ আয়ুক্ত অনামিকা টিৱাৰী য়ে ফ্লেগ অফ কাৰ্যসূচীৰে উদ্বোধনী কৰা ধঁপাত বিৰোধী খোজত প্ৰায় হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে। এই সজাগতাৰ খোজ এছ বি দেওৰা কলেজ হৈ ভোগেশ্বৰী ফুকননী ইনডৰ ষ্টেডিয়াম দিছপুৰত অন্ত পৰে। অসম আৰক্ষীৰ চতুৰ্থ নং ,দহ নং,এঘাৰ নং বেটেলিয়ন, কামাণ্ডোৰ জোৱান সকলৰ লগত এছ কে হাজৰিকা কলেজৰ ছাত্ৰ-ছাত্ৰী সকল,বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসক তথা কৰ্মীবৃন্দ ,অসম ক্ৰিয়া সন্থাৰ সদস্য ,এছ এম ছি ৮৯ ৰ সদস্য, পৰিবহন বিভাগৰ কৰ্মচাৰী, বিভিন্ন শিক্ষা অনুস্থানৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ কৰা এই সজাগতাৰ খোজত ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বিৰোধীতাৰ লগতে অন্যান্য নিচাসক্ত দ্ৰব্য খাই অনিয়ন্ত্ৰিত ভাৱে গাড়ী চলোৱা আৰু দুৰ্ঘটনা হোৱাৰ বিষয়েও পৰিবহন বিভাগৰ তৰফৰ পৰা সজাগতা কৰা হয়। আজিৰ দ্বিতীয় কাৰ্যসূচী হিচাপে শ্ৰদ্ধাঞ্জলি কাননত বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ধঁপাত বিৰোধী সজাগতাৰ বাবে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতা পুৱা ১১ বজাত উদ্বোধন কৰে বিশিষ্ট চিত্ৰশিল্পী আমিনুল হক আৰু জ্ঞানেন্দ্ৰ কাকতিয়ে। গুৱাহাটী আৰ্টিষ্ট গ্ৰীল্ডৰ সহযোগত আয়োজন কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাত দুশৰো উৰ্ধৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। চাৰিটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী আৰু বিগত দিনত অনুষ্ঠিত কৰা তৰ্ক প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু পষ্টাৰ প্ৰতিযোগিতাৰ বিজয়ী সকলক ৩১ মে' বিশ্ব ধঁপাত বিৰোধী দিৱসৰ দিনা ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত আয়োজন কৰা কাৰ্যসূচীত বঁটা সমূহ বিতৰণ কৰা হ'ব।
Post Top Ad
Responsive Ads Here
Sunday, 29 May 2022

পথিকৰ উদ্যোগত ধঁপাত বিৰোধী ৱাকাথন আৰু চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment