W7s news ষ্টাফৰিপোৰ্টাৰ: ডলু চাহ বাগিচাত উচ্ছেদ অভিযানৰ বিৰুদ্ধে কাছাৰৰ উদাৰবন্দত পথ অৱৰোধ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দেওবাৰে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ এটা সঁজাতি দলৰ প্ৰতিবাদ কার্যসূচী ৰূপায়ণ কৰে। ডলু চাহ বাগিচত গ্ৰীণ ফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে কেইবাদিন ধৰি চলা চা গছ উচ্ছেদ অভিযান স্থলীত যোৱাৰ উদ্দোশ্যে ৰাওনা হয় কেইবাজনো বিধায়কৰ প্ৰতিনিধি দলটো ৷কিন্তু ডলু যোৱা পথত আৰক্ষীয়ে বেৰিকেড গড়ি দলটোক যাবলৈ বাধা প্ৰদান কৰে ৷দীৰ্ঘ সময় ধৰি আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱাৰ পছত শিলচৰ- কুম্ভিৰগ্ৰাম পথত বহি প্ৰতিবাদ সাব্যস্ত কৰে দলে ৷দীৰ্ঘসময় ধৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ উপস্থিত হৈ পথ অবৰোধমুক্ত কৰে। দলটোত বিৰোধী দলপতি দেবব্ৰত শইকীয়া , বিধায়ক কমলক্ষ দে পুৰকায়স্থ, বিধায়ক নুৰুল হুদা, খলিল উদ্দিন মজুমদাৰ,ভাস্কৰ বৰুৱা সহ কেইবাজনো প্ৰদেশ কংগ্ৰেছ নেতা ৷ বাতৰি লিখা পৰলৈ কংগ্ৰেছী নেতা সকলক আৰক্ষীয়ে মুকলি কৰি দিয়া নাই। তেওঁলোকক উধাৰবন্দ কাঁচাকান্তি মন্দিৰত আটক কৰি ৰাখে৷
আনহাতে, সম্পুৰ্ণ বেআইনী ভাবে আৰক্ষীয়ে পথ অবৰোধ কৰিছে বুলি অভিযোগ কৰিছে দেবব্ৰত শইকীয়াই ৷শ্ৰমিকৰ দুঃখ দুৰ্দৰ্শাৰ বুজ লবলৈ তেওঁলোকে এবাৰ যোৱাৰ কথা আছিল যদিও আৰক্ষীয়ে সম্পূৰ্ণ বেআইনী ভাবে তেঁওলোকক আবদ্ধ কৰি ৰাখিছে।ডলু বাগিচাৰ উচ্ছেদৰ আৰত বহু ডাঙৰ ৰহস্য আছে ৷সেয়েহে কংগ্ৰেছী সকলক অসহায় শ্ৰমিকৰ ওচৰত যাবলৈ দিয়া হোৱা নাই বুলি অভিযোগ কৰে বিধায়ক কমলক্ষ দে পুৰকায়স্থই ৷ উচ্ছেদ কৰা চাহ গছ সমূহ বিক্ৰিৰ বাবে এতিয়া ছিন্ডিকেট হ'ব বুলিও অভিযোগ কৰে কমলাক্ষই। ইপিনে ,বটদ্ৰবা থানাৰ ঘটনা লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কংগ্ৰেছ বিধায়িনি পৰিষদৰ নেতা দেবব্ৰত শইকিয়া আৰু ৰূপহী হাটৰ বিধায়ক নচৰুল হুদায় । তেওঁ লোকে আৰক্ষী জিম্মাত থকা লোকৰ মৃত্যু আৰু তাৰ পাছত থানা জ্বলাই দিয়াৰ ঘটনাক দুৰ্ভাগ্য জনক বুলি অভিহিত কৰি এই ঘটনাৰ উচ্চ পৰ্যায় তদন্তৰ দাবি জনায়।
No comments:
Post a Comment