হাইস্কুল টে'টৰ বিসংগতি দূৰ কৰি সকলো খালী পদত নিযুক্তিৰ দাবীত গুৱাহাটীত ডি বাই এফ আই- এছ এফ আই প্রতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 May 2022

হাইস্কুল টে'টৰ বিসংগতি দূৰ কৰি সকলো খালী পদত নিযুক্তিৰ দাবীত গুৱাহাটীত ডি বাই এফ আই- এছ এফ আই প্রতিবাদ

 





W7s news ষ্টাফৰিপোৰ্টাৰ': হাইস্কুল টেটৰ বিসংগতি দূৰ কৰি শিক্ষকৰ সকলো খালী পদ পূৰণ কৰাৰ দাবীত প্রতিবাদী আন্দোলন কার্যসূচী হাতত ল'লে ভাৰতৰ গণতান্ত্রিক যুব ফেডাৰেছন (ডি বাই এফ আই) আৰু ভাৰতৰ ছাত্র ফেডাৰেছন (এছ এফ.আই)ৰ অসম ৰাজ্যিক কমিটিয়ে। অসম চৰকাৰৰ অহেতুক হস্তক্ষেপ, স্বজন তোষণ আৰু টে'ট এস্পাৱাৰ কমিটিৰ দায়িত্বহীনতাৰ বাবে হাইস্কুল টেটৰ ফলাফলত গুৰুতৰ অনিয়ম হৈছে বুলি অভিযোগ উত্থাপন জৰিছে ছাত্ৰ সংগঠন দুটাই। শনিবাৰে ছাত্ৰ সংগঠন দুটাই ইয়াৰ প্ৰতিবাদত গুৱাহাটী ক্লাব ৰটাৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শনিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানত টেটৰ ফলাফলত হোৱা বিসংগতিৰ কথা প্ৰকাশ পাইছে। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শৰ্মাই টেট শিক্ষক নিযুক্তিত নিকা আৰু স্বচ্চতাৰে হোৱা বুলি দাবী কৰি থকাৰ সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হৈছে এই টেট পৰীক্ষাৰ ফলাফলৰ গুৰুতৰ বিসংগতি আৰু অনিয়ম। ডি বাই এফ আই-এছ এফ আইৰ স্পষ্ট অভিযোগ, অসম চৰকাৰৰ এয়া এক বৃহত শৈক্ষিক কেলেংকাৰী। এই সম্পৰ্কে অসম চৰকাৰৰ জ্ঞাতসাৰে হোৱা এই শৈক্ষিক অনিয়মৰ ফলত ৰাজ্যখনৰ হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়া বঞ্চনাৰ স্বীকাৰ হ'বলগীয়া হৈছে। অসম চৰকাৰৰ অধীনত কি পৰ্যায়ত শৈক্ষিক বিশৃংখলা চলিছে সেয়া 'গ্ৰেছ মার্ক'ৰ বিষয়টোৱে স্পষ্ট কৰিছে। টে'ট এম্পাৱাৰ কমিটিয়ে হাইস্কুলত থকা খালী পদৰ বিপৰীতে প্ৰাৰ্থীৰ সংখ্যা দুগুণ কৰিবলৈ ‘গ্ৰেছ মার্ক'ৰ ব্যৱস্থা কৰিছে। কিন্তু আচৰিত কথাটো হৈছে সেই সময়ত অসম চৰকাৰ বা শিক্ষা বিভাগৰ হাতত খালী পদৰ সম্পৰ্কত কোনো সঠিক তথ্য নাছিল। উচ্চমাধ্যমিক টেট এম্পাৱাৰ কমিটিয়ে এই অন্যায়ৰ মাজেৰে বৃহত সংখ্যক শিক্ষিত যুৱক-যুৱতীৰ জীৱনলৈ দুর্যোগ নমাই আনিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া বায় অনুসৰি হাইস্কুল টেটৰ ফলাফলত দিয়া 'গ্ৰেছ' ব্যৱস্থা বাতিল কৰিছে। একেটা ৰায়তে ন্যায়ালয়ে

মাধ্যমিক শিক্ষা বিভাগৰ নিয়ম নীতি ভংগ কৰা কেইবাটাও দিশ উন্মোচিত হৈছে। নিজৰ মইমতালিৰে কাম কৰা তথ্য ন্যায়ালয়ৰ ৰায়ত স্পষ্ট হৈছে। এই সম্পৰ্কে এছ এফ আইৰ সম্পাদক নিৰংকুশ নাথে কয়-  টে’ট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ একাংশই ইতিমধ্যে হাইস্কুলৰ প্ৰথম পৰ্যায়ত আৰু বিটিএডিৰ হাইস্কুলত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে। আশ্চৰ্যকৰ কথা হৈছে একাংশ প্ৰাৰ্থীক গ্ৰেছ (উপহাৰ) নম্বৰ দি পাছ কৰাই দিয়াৰ সময়তে একাংশ প্ৰাৰ্থীয়ে গড়ে ৬০ শতাংশ আৰু সংৰক্ষিত পদৰ প্ৰাৰ্থী গড়ে ৫৫ শতাংশ নম্বৰ পোৱাৰ পাছতো উত্তীর্ণৰ তালিকাৰ পৰা নাম বাদ পৰিছে। অর্থাৎ নিজৰ খেয়াল খুচি মতে ফলাফল ঘোষণা কৰিছে। এই গোটেই প্ৰক্ৰিয়াটোত অর্থাৎ বিভাগৰ নীতি ভংগৰ প্ৰক্ৰিয়াত ৰাজনৈতিক হস্তক্ষেপ আৰু প্ৰভাবে কাম কৰাৰ পূৰ্ণ সম্ভবনা আছে। এক গভীৰ ষড়যন্ত্রৰ আৰু ৰাজনৈতিক স্বজন তোষণৰ ফলত হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে যাতনা ভুগিবলগীয়া হৈছে। এনে অন্যায়ৰ বিৰুদ্ধে যুৱক-যুৱতী সকলে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হ'বলগীয়া হৈছে। দুই বছৰৰ দীঘলীয়া আইনী যুঁজৰ অন্তত শিক্ষা বিভাগ তথা চৰকাৰৰ মুখা খোল খাইছে। কিন্তু এই দীর্ঘ আইনী প্রক্রিয়াত নিবনুৱা যুৱক-যুৱতী সকলে লাখ লাখ টকা খৰচ কৰিবলগীয়া হৈছে।

আজিৰ আন্দোলনৰ মাজেৰে সংগঠনন্বয়ে স্বজন-তোষণ আৰু দুৰ্নীতি মুক্তভাৱে নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। হাইস্কুলসমূহত খালী হৈ থকা সকলো শিক্ষক পদৰ নিযুক্তিৰ মাজেৰে সকলো টেট উত্তীর্ণক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈও আমি দাবী জনাইছো।' এই কাৰ্যসূচীত ডি বাই এফ আইৰ সম্পাদক

নিতু ৰঞ্জন দাসৰ লগতে অন্যান্য সদস্য সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here