কামৰূপ মহানগৰ জিলাত ঋতুস্ৰাৱ স্বচ্ছতা দিবস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 May 2022

কামৰূপ মহানগৰ জিলাত ঋতুস্ৰাৱ স্বচ্ছতা দিবস পালন

 


মহিলাৰ বাবে ঋতুস্ৰাৱ কাৰ্ডৰ ব্যৱস্থা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ



W7s news ষ্টাফৰিপোৰ্টাৰ: সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো শনিবাৰে

পালন কৰা হয় ঋতুস্ৰাৱ, স্বচ্ছতা দিৱস। এই উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ সহযোগত মহানগৰীৰ দিশপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্রীয়ভাৱে এক বিশেষ সজাগতা অনুষ্ঠানৰ আয়োজন করা হয়। ঋতুস্ৰাৱৰ সৈতে জড়িত অন্ধবিশ্বাস দূৰ কৰাৰ লগতে স্বচ্ছতা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে পালন কৰা এই দিৱসৰ লগত সংগতি ৰাখি পুৱা অনুষ্ঠিত কৰা হয় এক সজাগতামূলক শোভাযাত্রা। শোভাযাত্রাত অংশ লয় বিদ্যালয়খনৰ ছাত্র-ছাত্রী, শিক্ষক শিক্ষয়ত্ৰী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়া সকলে। শোভাযাত্রা মুকলি কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিশ্যন সঞ্চালক ডাঃ এম.এছ লক্ষ্মী প্রিয়াই জনায় যে মহিলাসকলে ঋতুস্ৰাৱ চক্ৰৰ তথ্য যাতে নিয়মিত লিপিবদ্ধ কৰি যাব পাৰে তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ভৰফৰ পৰা শীঘ্ৰে আৰম্ভ কৰা হ'ব ঋতুস্ৰাৱ কাৰ্ডৰ ব্যৱস্থা। শোভাযাত্ৰাৰ পাছত ছাত্রী সকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এখন সজাগতা সভাও অনুষ্ঠিত কৰা হয়। সজাগতা সভাখনত মিশ্যন সঞ্চালক ডাঃ এম. এছ লক্ষ্মী প্ৰিয়াৰ লগতে উপস্থিত থাকে অভিনেত্রী ৰিছা ছেত্রী, কামৰূপ মহানগৰৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাস আৰু পাণ্ডু এফ আৰ ইউৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ অনুৰাধা বৰঠাকুৰ আৰু দিশপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ অধ্যক্ষ। এই দিৱসৰ লগতে সংগতি ৰাখি ২৮ মে'ৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে অনুষ্ঠিত কৰিছে এখন অনলাইন ঋতুস্ৰাৱজনিত স্বচ্ছতা সজাগতা প্রতিযোগিতাৰো। ইচ্ছুকসকলে www.nhm.assam.gov.in ত গৈ এই প্রতিযোগিতাত অংশ ল'ব পাৰিব। সকলো অংশগ্রহণকাৰীয়ে লাভ কৰিব একোখনকৈ ই-প্রমাণপত্র। লগতে তেওঁলোকৰ প্ৰমাণপত্ৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সামাজিক মাধ্যমৰ পেজতো আপল'ড কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here