ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ "আপোনাৰ দুৱাৰমুখত যোগ"নামৰ এক প্ৰকল্পৰ উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 16 May 2022

ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ "আপোনাৰ দুৱাৰমুখত যোগ"নামৰ এক প্ৰকল্পৰ উদ্বোধন

 



আজাদী কা অমৃত মহোৎসৱ আৰু অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এই প্ৰকল্প

 ঘোষণা




W7s news ষ্টাফৰিপোৰ্টাৰ:  ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ "আপোনাৰ দুৱাৰমুখত যোগ"নামৰ এক প্ৰকল্পৰ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উদ্বোধন কৰে। আজাদী কা অমৃত মহোৎসৱ আৰু অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এই প্ৰকল্প ঘোষণা কৰে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক,সভাপতি যোগাচাৰ্য সুভাষীশ কৰে। তেওঁ লগতে কয়-“আপোনাৰ দুৱাৰমুখত যোগ" প্রকল্প হৈছে তিনিটা স্তৰৰ গণ যােগ প্রকল্প য'ত অন্তর্ভুক্ত আছে- গুৱাহাটী পৌৰ নিগমৰ ৰ৬০ টা ৱাৰ্ডত তিনিদিনীয়া বিনামূলীয়া যোগ কর্মশালা তথা চিকিৎসা শিবিৰৰ লগতে এটা স্থায়ী ৱার্ড যোগ সুস্থতা কেন্দ্র স্থাপন কৰা হ'ব।অসমৰ প্ৰতিখন জিলাত তিনিদিনীয়া বিনামূলীয়া যোগ কর্মশালা তথা চিকিৎসা শিবিৰ। অসমৰ সকলো শিক্ষানুষ্ঠানত তিনিদিনীয়া বিনামূলীয়া যোগ কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰ। মহানগৰীৰ ১০০টা স্থানত যোগ কেন্দ্ৰ স্থাপনৰ যো-যা চলোৱা হৈছে।' এই প্ৰকল্পটো উদ্বোধন কৰি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শর্মাই যোগ, প্ৰাণায়মৰ মহত্বৰ কথা উল্লেখ কৰে।লগতে প্ৰকল্পটোৰ সফলতা কামনা কৰে। অনুষ্ঠানত বন্তি প্ৰজ্বনল কৰি কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে যোগৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্যোক্তা সকলৰ প্ৰয়াসক শলাগে। এই অনুষ্ঠানত মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি সুৰয জৈন, ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ সম্পাদক ড০ শান্তনু ৰয় চৌধুৰীৰ লগতে অন্যান্য কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here