ডেংগু ৰোগৰ বিৰুদ্ধে সমাজত সজাগতা সৃষ্টিৰ উদেশ্যৰে ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 16 May 2022

ডেংগু ৰোগৰ বিৰুদ্ধে সমাজত সজাগতা সৃষ্টিৰ উদেশ্যৰে ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন

 






W7s news ষ্টাফৰিপোৰ্টাৰ: ডেংগু ৰোগৰ বিৰুদ্ধে সমাজত সজাগতা সৃষ্টিৰ উদেশ্যৰে প্ৰতি বছৰে ১৬ মে'ত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয়। সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাতো সোমবাৰে ডেংগু দিৱস  পালন কৰা হয়।  এই দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত এখন ৰাজ্য জোৰা অনলাইন কুইজ  প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ওদালগুৰিত  এই প্ৰতিযোগিতাৰ উদ্ধোধন কৰে জিলা প্ৰতিষেধক বিষয়া ডা. গণেশ ব্ৰহ্মাই  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  আয়োজিত এক অনুষ্ঠানত ডেংগু মুক্ত অসম শীৰ্ষক কুইজ প্ৰতিযোগিতা খন উদ্ধোধন কৰা হয়। আনহাতে জিলাখনৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ সমূহৰ উদ্যোগত বিভিন্ন প্ৰান্তত ডেংগু ৰোগ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে  সজাগতা সভা, ৰেলী, লিফলেট বিতৰণ আদি কাৰ্যসূচী ৰূপায়ন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here