'সংগীত প্রভা সুদক্ষিণা' শীর্ষক অভিনন্দন গ্ৰন্থ উন্মোচন
W7s news ষ্টাফৰিপোৰ্টাৰ : অসমীয়া আধুনিক সংগীতৰ প্ৰাণপৰশা কণ্ঠ, চাৰিকুৰি আঠটা বসন্ত গৰকা আৰু আঠটা দশকে কণ্ঠ নিগৰাই শ্রোতা ৰাইজৰ মন পুলকিত কৰা শিল্পী সুদক্ষিণা শৰ্মাক সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজহুৱাভাৱে অভিনন্দন জনোৱা হয়।অনুষ্ঠানত ‘সংগীত প্রভা সুদক্ষিণা' শীর্ষক শিল্পীগৰাকীৰ প্ৰতি অভিনন্দনসূচক এখন গ্ৰন্থ উন্মোচন কৰে স্বনামধন্য কবি-গীতিকাৰ আৰু কণ্ঠশিল্পী ড° লক্ষহীৰা দাসে। তেওঁ কয়- সুদক্ষিণা শর্মাই আগবঢ়োৱা অৱদানৰ প্ৰকৃত মূল্যায়ন হোৱা উচিত। তেওঁ সমাজ জীৱনলৈ যথেষ্ট অৱদান আগবঢ়ালে। তেওঁ এগৰাকী জীৱন শিল্পী। আমাৰ সংস্কৃতি ক্ৰমাগত ভাবে বিপন্ন হৈছে। ইয়াৰ বাবে প্ৰতিগৰাকী সংস্কৃতিবান লোকৰ মনত শুভ ভাব উদয় হওঁক।' এই সভাত আধুনিক সংগীতৰ গৱেষক, সাংবাদিক মনজিৎ ৰাজকোঁৱৰে ‘হৰিৰ্মতীৰপৰা নিৰুপমালৈ গ্রামোফোনত অসমীয়া গীত বাণীবদ্ধ কৰা মহিলা কণ্ঠশিল্পী' শীর্ষক বক্তৃতা প্ৰদান কৰে। এই অভিনন্দন গ্ৰন্থখন সম্পাদনা কৰিছেড° সূৰ্য দাস, জুনু বৰাই। সহযোগী সম্পাদক ত্ৰিদিৱ বৰপূজাৰী। আনহাতে বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাই 'হে জয় ৰঘুৰ নন্দন হে ৰাঘৱ ' গীতটো পৰিবেশন কৰে। ড০ সূৰ্য দাসয়ে আঁতধৰা অনুষ্ঠানত শিল্পী লোকনাথ গোস্বামী, মনিষা হাজৰিকা, সূৰ্য গোস্বামী, ড০ পৰমানন্দ মজুমদাৰ, ধীৰাজ গোস্বামীৰ লগতে সাহিত্য, কলা আৰু সমাজ জীৱনৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment