অজিত কুমাৰ ভূঞাৰ সংবাদ মেল - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 23 May 2022

demo-image

অজিত কুমাৰ ভূঞাৰ সংবাদ মেল

Responsive Ads Here

 


উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশ মানিহে  উচ্ছেদ চলাব লাগে


বটদ্ৰৱাৰ ঘটনাক আমি গৰিহণা দিছো


থানা জ্বলোৱা ঘটনাক আমি ধিক্কাৰ দিছো 



W7s news ষ্টাফৰিপোৰ্টাৰ: অসমৰ প্ৰতিখন জিলাই বানৰ কবলত পৰিছে। ডিমা হাচাওৰ পৰিস্থিতি অবৰ্ণনীয়। চৰকাৰে কি কৰিছে আমি গমেই নোপোৱাৰ দৰে হৈছে। অসমৰ বাবে বৰষুণ আৰু বানপানী নতুন কথা নহয়। কিন্তু প্ৰাকৃতিক পৰিবেশ, ভূতাত্তিক গঠন, 

জলবায়ু, ভৌগোলিক অৱস্থান, জৈৱ বৈচিত্ৰৰ প্ৰতি সংবেদনশীল নোহোৱাকৈ যধে মধে নিৰ্মাণকাৰ্য হৈছে-এই ভাষ্য অসম নাগৰিক সমাজৰ সভাপতি, সাংসদ অজিত কুমাৰ ভূঞাৰ। সোমবাৰে অসম নাগৰিক সমাজৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-আমাক নিৰ্মাণ কেন্দ্ৰীক বিকাশ নালাগে, মানৱ কেন্দ্ৰীক বিকাশ লাগে।

বান পীড়িত ৰাইজক শীঘ্ৰেই সাহাৰ্য দিয়ক।

উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশ মানিহে  উচ্ছেদ চলাব লাগে।  ডিমা হাচাও সম্প্ৰতি এক ধংসস্তুপত পৰিণত হৈছে৷ ৰাজ্য বা কেন্দ্ৰ চৰকাৰে দুৰ্গতসকলক উদ্ধাৰৰ কাৰণে কি কৰিছে,পৰিস্থিতি নিয়ন্ত্ৰণলৈ  আনিবলৈ কি কৰিছে আমি নাজানোঁ৷ পৰিস্থিতিটোৱে কিন্তু এক সমৰকালীন মনোযোগ দাবী কৰে৷ অসমৰ বাবে বৰষুণ আৰু বানপানী একো নতুন কথা নহয়৷ কিন্তু, পৰিতাপৰ কথা যে নিৰ্মাণ কেন্দ্ৰীক বিকাশত ব্যস্ত এই চৰকাৰখনে যেন আমাৰ অঞ্চলটোৰ ভৌগলিক পৰিবেশ,জলবায়ু আৰু তাৰ লগত জড়িত অইন প্ৰশ্ন সমূহ সমুলি আওকাণ কৰিছে৷ এটাৰ পাছত এটাকৈ নিৰ্মাণ কাৰ্য চলাই থাকোতে তেওঁলোকে বহনক্ষম বিকাশৰ ধাৰণাটোৰ কথা পাহৰি গৈছে৷ সেয়ে, বাৰিষা আহিলেই আজিকালি আমি সন্ত্ৰস্তহৈ পৰোঁ৷ চাৰিওফালে এক অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ অসমৰ প্ৰাকৃতিক পৰিবেশ, ভূতাত্তিক গঠন, ভূসংৰচনা আৰু জীৱবৈচিত্ৰ্যৰ প্ৰতি সংবেদনশীল নোহোৱাকৈ যধেমধে কৰা নিৰ্মাণ কাৰ্যই আমাৰ ইতিমধ্যে  বিস্তৰ ক্ষতি সাধন কৰিছে৷ নিৰ্বননীকৰণ, কয়লা খনন, নদীৰ বুকু খনন আৰু নিৰ্বিচাৰ নিৰ্মাণে সমগ্ৰ অসমখন ইতিমধ্যে জেৰজেৰীয়া কৰি পেলাইছে৷ বহনক্ষম বিকাশৰ ধাৰণাত প্ৰাকৃতিক পৰিবেশ,ভূতাত্ত্বিক গঠন,ভূসংৰচনা,আৰ্থ-সামাজিক,সাংস্কৃতিক উপাদান, লিংগ আদি কৰি সকলোবোৰ কথা বিবেচনা কৰা হয়৷ কিন্তু, এতিয়া আমাৰ নিৰ্মাণ কেন্দ্ৰীক বিকাশৰ মূল চালিকা শক্তি হৈছে ৰাজনীতিক আৰু ঠিকাদাৰ৷ ডিমা হাচাওত নতুনকৈ নিৰ্মাণ কৰা ৰেলপথ যাত্ৰীবাহী ৰেল চলাচলৰ বাবে উপযোগী নহয় বুলি হেনো ২০১৫ চনতে কোৱা হৈছিল৷তেন্তে কোনে সেই সতৰ্কীকৰণ অমান্য কৰিলে? তাৰ দায়িত্ব এতিয়া কোনে ল’ব? আজি ডিমা হাচাওৰ এই অৱস্থা৷কাইলৈ বৃহৎ নদীবান্ধে সমগ্ৰ অসম উটুৱাই নিব পাৰে! আনহাতে, এই দুৰ্যোগৰ মাজতে  চৰকাৰে আজি অ’ত, কাইলৈ ত’ত উচ্ছেদ  আৰম্ভ কৰিছে৷তাৰ শেহতীয়া উদাহৰণ কাচাৰৰ ডলু চাহ বাগিছা আৰু শিলসাকো৷ আমি এতিয়া  দুই ধৰণৰ উচ্ছেদ দেখিবলৈ পাইছোঁ: এটা তথাকথিত অবৈধভাবে ভূমি দখল কৰা লোকৰ উচ্ছেদ আৰু আনটো নতুন নিৰ্মাণৰ বাবে ঠাই উলিয়াবলৈ কৰা উচ্ছেদ৷ আমি কেতিয়াও নিবিচাৰোঁ ৰাজ্যখনৰ পাহাৰ,পৰ্বত,বিল,জলাহ যিয়ে যেনেকৈ পাৰে দখল কৰক৷কিন্তু, যিকোনো পৰিস্থিতিতে গৰীৱ,দুখীয়াক উচ্ছেদ কৰাৰ আগতে তেওঁলোকৰ পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰৰ৷আকৌ গৰীৱ, দুখীয়াক উচ্ছেদ কৰা হয়, ক্ষমতাবান ধনী কিয় বাচি যায়? আনহাতে নিৰ্মাণৰ উদ্দেশ্যে কৰা উচ্ছেদে তাৰ পৰিবেশত কি প্ৰভাব পেলাব,মানুহৰ জীৱন জীবিকাৰ ক্ষতিপূৰণ কি হ’ব, সেই প্ৰকল্পটোৰ লাভ,লোকচান কি হ’ব -এই কথাবোৰ কিয় বিবেচনা কৰা নহয় আৰু এইবোৰ  কিয় ৰাজহুৱা কৰা নহয়? গুৱাহাটীৰ পৌৰসভাৰ নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰীয়ে ক’লে যে যি য’ত বহি আছে তাতে তেওঁলোক থাকিব পাৰিব৷ তেওঁলোকক মাটিৰ পট্টা দিয়া হ’ব,যিটো নিৰ্বিচাৰে আমি সমৰ্থন নকৰোঁ৷ কিন্তু, তাৰ পিছত সৌ সিদিনা আমি শিলসাকোত কি দেখিলোঁ? অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অসম নাগৰিক সমাজৰ ফালৰ পৰা আমি ক’ব বিচাৰোঁ যে প্ৰথমে আমাক নিৰ্মাণ কেন্দ্ৰীক বিকাশ নালাগে,মানব নেন্দ্ৰীক বিকাশহে লাগে৷দ্বিতীয়তে চৰকাৰে শীঘ্ৰে,অতি তৎপৰাতাৰে বানত ক্ষতিগ্ৰস্ত লোক সকলক উদ্ধাৰ কৰক, তেওঁলোকৰ খেয়াল ৰাখক, তৃতীয়তে উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক৷ বিশেষ প্ৰয়োজনত বেদখল উচ্ছেদ কৰিবলগা হ’লেও,উচ্চতম ন্যায়লয়ৰ নীতি নিৰ্দেশনা মানিহে উচ্ছেদ কৰক, যধেমধে নহয়৷ নতুন নিৰ্মাণৰ বাবে কৰা উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰ আৰু বেছি সতৰ্ক হ’ব লাগিব৷ কোনো পৰিস্থিতিতেই মানবীয় দিশবোৰ এৰাই

 চলিব নোৱাৰিব আৰু এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দ্দেশনা  সম্পূৰ্ণৰূপে মানি চলিব লাগিব৷

বটদ্ৰৱাৰ ঘটনাক আমি গৰিহণা দিছো। থানা জ্বলোৱা ঘটনাক আমি ধিক্কাৰ দিছো। কিন্তু ঘটনাৰ আলম লৈ নীৰিহ লোকক উচ্ছেদ কৰি চৰকাৰে প্ৰতিশোধ লৈছে।

হিংসাৰ উত্তৰ চৰকাৰে হিংসাৰে দিছে।আজি অসমত আইনৰ শাসন নোহোৱা হৈছে। চৰকাৰ প্ৰতিশোধ পৰায়ণ হৈ উঠিছে। চৰকাৰে যি এজেন্দা লৈ কাম কৰিছে তাৰ এক প্ৰতিফলন। হিংসাৰ উত্তৰ চৰকাৰে হিংসাৰে দিলে এখন সমাজ কোন দিশে গতি কৰিব।

জেহাদিৰ কথা কৈছে চৰকাৰে বানাক্ৰান্ত ৰাইজক সাহাৰ্য দিয়ক, ডিমা হাছাওৰ কথা চিন্তা কৰক, এই বিষয়বোৰ ঢাকিবলৈ বিষয়বস্তু সলনি কৰিব বিচাৰিছে।' সংবাদ মেলত অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে কয়-চৰকাৰে

মানব কেন্দ্ৰীক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানবীয় উচ্ছেদ বন্ধ কৰক।'

সংবাদ মেলত সমাজৰ কাৰ্যবাহী সদস্য

মাইনী মহন্তই কয়-

IMG-20220524-WA0009

বটদ্ৰৱাৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা নকৰিবলৈ চৰকাৰক আহ্বান জনালোঁ। সাধাৰণ ৰাইজক ধৰ্মীয় প্ৰৰোচনাৰ বলি নহ'বলৈ অনুৰোধ জনালোঁ। সংৰ্ঘষ হ'লে কোনো ৰাজনৈতিক নেতা, ধনী লোকৰ মৃত্যু নহয়, মৃত্যু হয় কেৱল সাধাৰণ লোকৰ।'

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *