গুৱাহাটী প্ৰেছ ক্লাৱত স্মৃতিচাৰণ সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 15 May 2022

গুৱাহাটী প্ৰেছ ক্লাৱত স্মৃতিচাৰণ সভা

 


ড০ হেমাংগ দত্ত সোঁৱৰণী স্মৰণিকা 'এ ট্ৰিবিউট টু ড০ 

হেমাংগ দত্ত' উন্মোচন




W7s news ষ্টাফৰিপোৰ্টাৰ': গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে এখন স্মৃতিচাৰণ সভা আৰু ড০ হেমাংগ দত্ত সোঁৱৰণী স্মৰণিকা উন্মোচন কৰা হয়। বিগত বর্ষত ক'ভিডত প্ৰাণ হেৰুৱা অতি


মেধা সম্পন্ন তথা ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ হেমাংগ দত্তৰ

স্মৰণিকা 'এ ট্ৰিবিউট টু ড০ হেমাংগ দত্ত' উন্মোচন কৰে 'সাদিন'ৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে। তেওঁ উন্মোচনী ভাষণত কয়-হেমাংগ দত্ত সাংঘাটিক মেধা সম্পন্ন  আছিল। তেওঁ গীত ভাল পাইছিল, সুৰ ভাল পাইছিল। তেওঁৰ এখন নিজা পৃথিৱী আছিল। মৃত্যু জীৱনৰ এটা অংশ। যিসকলে সময় সম্পূৰ্ণ নকৰাকৈ আঁতৰি যায় সেয়া মাথোঁ এটা আক্ষেপৰ সমষ্টি হৈ ৰয়। আমি মৃত্যুৰ কথা নভাবি কাম কৰি থাকোঁ। হেমাংগ দত্তৰ দৰে এজন মেধা, প্ৰতিভাধৰ লোক বৰ সোনকালে আঁতৰি গ'ল। 

তেওঁ ধ্বনিতত্ত্ববিদ আছিল। তেওঁ কৰিব লগীয়া বহুত কাম থকি গ'ল। ৮০, ১০০ বছৰীয়া জীৱন জীয়াই থাকিও মানুহে যি কাম কৰিব পৰা নাই সেই কাম অতি ক'ম বয়সতে হেমাংগই কৰি থৈ গ'ল। তেওঁৰ লগত থকা মানুহ খিনিয়ে তেওঁৰ সৃষ্টি কৰ্মৰে জীয়াই ৰখা উচিত। এই কিতাপখনৰ মাজেদি আমি হেমাংগক লগ পাম। মই জনা নাছিলোঁ যে হেমাংগই মোৰ কিতাপ পঢ়ি ভাল পাইছিল। কিতাপৰ মাজেদিয়েই হয়তো এটা আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল মোৰ আৰু হেমাংগৰ মাজত। এনে কামৰ যোগেদি হেমাংগ জীয়াই থাকিব। এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিবছৰে আয়োজন কৰিব লাগে।' সভাত কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক ৰবীন গোস্বামীয়ে কয়- হেমংগ দত্তৰ দৰে নম্ৰ, ভদ্ৰ আৰু অমায়িক শিক্ষার্থী  খুব কম আছে। কম বয়সতে সমাজলৈ যথেষ্ট বৰঙণি আগবঢ়াই থৈ গ'ল। উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাতত্ত্বৰ গৱেষণাৰ এখন সাৰুৱা পথাৰ আছে।  এই ক্ষেত্ৰত ভাষাতত্ত্বৰ গৱেষণাৰ যথেষ্ট সম্ভাৱনীতা দেখুৱাইছিল

হেমাংগ দত্তই। কিন্তু এনে এক প্ৰতিভাধৰ অকলতে মৰহি গ'ল। সভাত বিশিষ্ট সমাজকর্মী, কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰাক্তন অধ্যাপক মিনতি বৰঠাকুৰ,  সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক পৰী হিলৈদাৰী উপস্থিত থাকি ড০ হেমাংগ দত্তৰ স্মৃতিচাৰণ কৰাৰ লগতে এনেকুৱা এখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা বাবে পৰিয়ালৰ লোকক কৃতজ্ঞতা জ্ঞাপন কৰে।  সভাৰ আৰম্ভণিতে প্ৰয়াত ড০ হেমাংগ দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে। সমজুৱাৰ তৰফৰ পৰা  ড০ হেমাংগ দত্তৰ শিক্ষক তথা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল বৰুৱা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব আৰু ভাষা প্ৰযুক্তিবিদ্যা বিভাগৰ সহকাৰী অধ্যাপক  ড০ অৰূপ কুমাৰ নাথে তেওঁৰ সান্নিধ্যৰ কথা কয় লগতে স্মৃতি চাৰণ কৰে।দিপাঞ্জলি দাস পাঠক  আঁতধৰা সভাখনত  প্ৰয়াত দত্তৰ পিতৃ কল্যাণ দত্ত, মাতৃ চাৰু দত্ত, ভগ্নী ছয়নিকা দত্ত, ভনী জোঁৱাই ঋষিৰাজ দাস,আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here