উত্তৰ-পূৰ্বাঞ্চলত খাদী আৰু গ্ৰামোদ্যোগক উৎসাহিত কৰাৰ প্ৰয়াস কৰি আহিছে কেভিআইচি’-য়ে: বিনয় কুমাৰ চাক্সেনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 15 May 2022

উত্তৰ-পূৰ্বাঞ্চলত খাদী আৰু গ্ৰামোদ্যোগক উৎসাহিত কৰাৰ প্ৰয়াস কৰি আহিছে কেভিআইচি’-য়ে: বিনয় কুমাৰ চাক্সেনা

 



গুৱাহাটীত নিৰ্মাণ কৰিবলগীয়া ‘প্রকৃতিক পেইন্ট প্রশিক্ষণ গোট'ৰ নিৰ্মাণ সম্পৰ্কীয় ফলক মুকলি কৰে চাক্সেনাই



প্ৰতিদিনে উৎপাদন হ'ব ৫০০ লিটাৰ

প্ৰাকৃতিক ৰঙ

W7s news ষ্টাফৰিপোৰ্টাৰ': কেভিআইচি’-ৰ গুৱাহাটীস্থ মুখ্য কার্যালয় চৌহদত এটা ‘প্রাকৃতিক পেইণ্ট প্রশিক্ষণ গোট স্থাপন কৰা হ'ব৷ এইটো

হ'ব উত্তৰ পূৰ্বাঞ্চলত প্ৰথমটো

গোবৰৰ পৰা প্ৰাকৃতিক ৰঙ প্ৰস্তুত কৰা প্ৰকল্প। ইয়াৰ জৰিয়তে প্ৰতিদিনে ৫০০ লিটাৰ প্ৰাকৃতিক ৰঙ উৎপাদন  কৰা হ'ব-এই ভাষ্য 

খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কে ভি আই চি) ৰ অধ্যক্ষ বিনয় কুমাৰ চাক্সেনাৰ। দেওবাৰে 

গুৱাহাটীৰ ৰূপনগৰস্থিত খাদী আৰু গ্ৰামোদ্যোগৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-এই গোটত প্ৰাকৃতিক ৰং উৎপাদন কৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক এই সংক্রান্তীয় প্রশিক্ষণো প্ৰদান কৰা হ'ব। আগন্তক দুইৰ পৰা তিনি মাহৰ ভিতৰত এই গোট সাজু হৈ উঠিব। 

দেশৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত ৩৯টা প্ৰকৃতিক পেইন্ট উৎপাদন গোটে কাম কৰি আছে৷ এইসমূহ গোটত উৎপাদিত প্ৰাকৃতিক পেইণ্টত গৰুৰ গোবৰ ব্যৱহাৰ কৰা হয়৷ এবছৰ গৱেষণা কৰি বিজ্ঞানসন্মত ভাবে প্ৰস্তুত কৰা এই প্ৰাকৃতিক ৰঙত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলি কৰা নহয়। এই ৰঙে মানুহৰ চকুৰো কোনো ধৰণৰ ক্ষতি সাধন নকৰে। ইতিমধ্যে এক কৌটিতকৈ অধিক এনে ৰঙৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে খাদীয়ে। কৃষক সকলৰ উপাৰ্জন দুগুণ কৰা আমাৰ মূল উদ্দেশ্য। লগতে

যুৱক-যুৱতীসকলৰ বাবে বহণক্ষম নিয়োগ সম্ভাৱনা সৃষ্টিক মূল লক্ষ্য হিচাপে গ্ৰহণ কৰা ‘কেভিআইচি’ য়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবেও কর্ম-সংস্থাপনৰ সুযোগ-সুবিধা আগবঢ়োৱাত বিশেষ ভাবে গুৰুত্ব আৰোপ কৰি আহিছে।  নিবনুৱাক সংস্থাপন দিয়া আমাৰ আন এক লক্ষ্য। ভাৰত চৰকাৰে গ্ৰহণ কৰি অহা উন্নয়নমূলক কাৰ্যসূচীৰ অংশ হিচাপেই উত্তৰ-পূৰ্বাঞ্চলতো খাদী আৰু গ্রামোদ্যোগক উৎসাহিত কৰাৰ প্ৰয়াস কৰি অহা হৈছে। কেভিআইচি’-য়ে খাদী আৰু বিভিন্ন ধৰণৰ গ্ৰামোদ্যোগ কার্যক্রম ৰূপায়িত কৰি সমগ্ৰ ভাৰততে ১৬৭.৬৭ লাখ নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰিছে৷ এইসমূহৰ ভিতৰত ভাৰত চৰকাৰৰ ‘এমএছএমই মন্ত্ৰালয়’ৰ এক ধ্বজাবাহী কার্যক্রম হৈছে ‘প্ৰধানমন্ত্ৰীৰ নিয়োগ সম্ভাৱনা সৃষ্টি কার্যক্রম’, যাৰ ‘নোডেল এজেন্সী’ৰ দায়িত্ব বহণ কৰি আহিছে ‘কেভিআিচি’-য়ে৷ এই আঁচনিৰ জৰিয়তে ২০২১-২২ বিত্তীয় বৰ্ষত দেশ জুৰি ৮,২৫,৭৫২ টা নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰা হৈছিল৷ ইয়াৰে ৬৭,৬৯৬ টা উত্তৰ-পূৰ্বাঞ্চলত আৰু ২৭,৯৬৮টা আছিল অসমত৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক অধিক গুৰুত্ব দি আহিছে। সেইদৰে অসমত হৈ থকা হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ সমগ্ৰ অসমত ৭০০ টা মৌ-মাখিৰ বাকচ লগোৱা হৈছে। হাতীয়ে 

মৌ-মাখিক ভয় কৰে আৰু সেই পথেৰে দ্বিতীয় বাৰ নাযায়। অসমত সৰ্বাধিক বাঁহ উৎপাদন হয় বাবে ইয়াত ধুপ কাঠিৰ বৃহৎ কেন্দ্ৰ স্থাপন হৈ এক বহু নিবনুৱাই সংস্থাপন লাভ কৰাৰ সম্ভাৱনীয়তা আছে।' ইয়াৰ পূৰ্বে চাক্সেনাই ‘কেভিআইচি’-ৰ গুৱাহাটী চৌহদত স্থাপন কৰিব লগীয়া ‘প্রাকৃতিক পেইণ্ট প্রশিক্ষণ গোট’ আৰু এটা ‘কম্পিউটাৰ লেব’-ৰ নিৰ্মাণ সম্পৰ্কীয় ফলকখনো আনুষ্ঠানিক ভাবে মুকলি কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here