ইণ্ডিয়া ইণ্টাৰ্নেশ্যনেল ডান্স ফেষ্টিভেলৰ সফল সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 23 May 2022

ইণ্ডিয়া ইণ্টাৰ্নেশ্যনেল ডান্স ফেষ্টিভেলৰ সফল সামৰণি

 





W7s news ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটীৰ দৰ্পন ডান্স একাডেমী আৰু ভুৱনেশ্বৰৰ সংস্কৃতিকীৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হয় ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ডান্স ফেষ্টিভেল ২০২২'। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত  ২১ আৰু ২২ মে'ত ৰৱীন্দ্ৰ ভৱনত এই মহোৎসৱ অনুষ্ঠিত হয়। অসমত দ্বিতীয়বাৰৰ বাবে এই মহোৎসৱ অনুষ্ঠিত হয়। এই নৃত্য মহোৎসৱত অসমৰ পৰিচিত ধ্রুপদী, লোকনৃত্য আৰু সৃষ্টিশীল নৃত্যৰ যুৱ নৃত্যশিল্পী বি পাল্কী, সুকন্যা বৰা, প্রীতম বৰা, হৃদয় পৰশ কলিতা, সৃষ্টি ভট্টাচাৰ্য, গাৰ্গী ৰাভা, তনয়া পাত্ৰ, কর্ণিকা ফুকন, মনিষা কাকতি, ৰিম্পী নাথ, দেবাংশী সিন্হা, ৰূপৰেখা দাস, হিমাশ্ৰী ৰয়, হৰ্ষিতা ৰয়চৌধুৰী, নিশিতা পৰাশৰ, শর্মিষ্ঠা চৌধুৰী, কৌশিক দত্ত, অনুস্কা বৰুৱা, সুস্মিতা ডেকা, ঈষাণী মুডিয়াৰ, নিৱেদিতা তৰকদাৰ, নীলম দাস, অংকিতা চেতিয়া, কাকলি বেজবৰুৱা, দেৱব্ৰত বৰা, অপৰাজিতা দাউকাকে ধৰি আন কেইবাগৰাকী নৃত্যশিল্পীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত ‘ফিউচাৰ ফে'চ’ বঁটাও প্ৰদান কৰা হয়। ২০২২ বৰ্ষৰ বাবে কথক নৃত্যত বি পাল্কী আৰু সৃষ্টি ভট্টাচার্য, ভট নাট্যমত ভায়লিনা ঠাকুৰীয়া আৰু দীক্ষিত৷ কলিতা আৰু সত্ৰীয়াত হিমাশ্ৰী ৰয় আৰু আবিষা শ্বেইখ-এ এই বঁটা লাভ কৰে। অনুষ্ঠানত ২০১৯ বৰ্ষত অনুষ্ঠিত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ডান্স ফেষ্টিভেল’ৰ ‘ফিউচাৰ কেচ’ বঁটা সমূহো প্ৰদান কৰা হয়। কথক নৃত্যত হৃদয় পৰশ কলিতা, সুকন্যা বৰা আৰু কৌশিক দত্ত, ওডিচীত শর্মিষ্ঠা চৌধুৰী আৰু দেৱাৰৰ্তী সাহা, ভৰত নাট্যমত তনয়া পাত্ৰ আৰু আৰিষা শ্বেইখ, সত্ৰীয়াত কাকলি বেজবৰুৱা, নিশিতা পৰাশৰ তুতুমণি দাস আৰু প্ৰণামী গোস্বামীয়ে এই বঁটা লাভ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here