এইচডিএফচি বেংকৰ বিটুবি ফাৰ্মা মাৰ্কেটপ্লেছ ৰিটেইলিঅ’ৰে অংশীদাৰিত্বৰে কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 24 May 2022

এইচডিএফচি বেংকৰ বিটুবি ফাৰ্মা মাৰ্কেটপ্লেছ ৰিটেইলিঅ’ৰে অংশীদাৰিত্বৰে কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলি

 


প্ৰাৰম্ভিক পৰ্য্যায়ত ১.৪ লাখ গ্ৰাহকক সংযোগৰ লক্ষ্য


W7s news গুৱাহাটী : এইচডিএফচি বেংক আৰু ভাৰতৰ সৰ্ববৃহৎ বিটুবি ফাৰ্মা মাৰ্কেটপ্লেছ ৰিটেইলিঅ’ই আজি নতুন ৰেঞ্জৰ কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলিৰ কথা ঘোষণা কৰে। এই বিটুবি ক্ৰেডিট কাৰ্ডসমূহ মূলতঃ ব্যৱসায়ী খণ্ডটোৰ কেমিষ্ট আৰু ফাৰ্মাচীসমূহক লক্ষ্য কৰি মুকলি কৰা হৈছে। ক্ৰেডিট কাৰ্ডসমূহ ৰিটেইলিঅ’ৰ ১ লাখৰো অধিক গ্ৰাহকলৈ তেওঁলোকৰ বৰ্তমানৰ মাৰ্চেন্টবেছৰপৰা আৰু লগতে নতুন গ্ৰাহকৰ বাবে উপলব্ধ হ’ব। 

এই অংশীদাৰিত্বই ইয়াৰ প্ৰৱৰ্তনৰ প্ৰথম পৰ্য্যায়তে ১.৪ লাখৰো অধিক ব্যৱসায়ীক সামৰি লোৱাৰ সম্ভাৱনা আছে। কাৰ্ডৰ পৰিসৰে প্ৰতিজন অংশীদাৰৰ মূল শক্তিৰ প্ৰকাশেৰে গ্ৰাহকক উচ্চ মূল্য আৰু অভিজ্ঞতা প্ৰদান কৰিব। এইচডিএফচি বেংক হৈছে প্ৰতিটো বজাৰ খণ্ডতে বিদ্যমান ৬ কোটিৰো অধিক ক্ৰেডিট, ডেবিট আৰু প্ৰিপেইড কাৰ্ডৰ ভিত্তিৰে পেমেন্ট বাতাবৰণটোৰ অগ্ৰণী প্লেয়াৰ। ১ সহস্ৰাধিক চহৰত ৰিটেইলিঅ’ৰ উপস্থিতি আছে লগতে ইয়াৰে ১০০০ ৰোধিক স্বাস্থ্য সেৱা আৰু ফাৰ্মা কোম্পানী, ৩০০০ ফাৰ্মাচিউটিকেল বিতৰক, ১ লাখ ফাৰ্মাচী, হাস্পতাল ও নাৰ্চিং হ’মৰ এটা নেটৱৰ্ক আছে।

ৰিটেইলিঅ’ কো ব্ৰেণ্ড কাৰ্য্যক্ৰমৰ অধীনত ক্ৰেডিট কাৰ্ডসমূহত উপলব্ধ সুবিধাৰাজিঃ ৫০ দিনলৈকে সুত-মুক্ত ক্ৰেডিট পিৰিয়ড, সকলো ব্যৱসায়ীৰ জৰিয়তে খৰচ আৰু ক্ৰয়ত ৰিৱাৰ্ড পইন্ট, বাৰ্ষিক মাইলষ্ট’ন বেনিফিট যেনেঃ প্ৰতিমাহে ২৫,০০০ টকা খৰচত ৫০০ বানচ ৰিৱাৰ্ড পইন্ট আৰু প্ৰতিমাহে ৫০,০০০ টকা খৰচত (আৰআইঅ’ (RIO) ক্লাবৰ সদস্যসকলৰ বাবে বিশেষ) ১,৫০০ বানচ ৰিৱাৰ্ড পইন্ট, ইউটিলিটি, টেলিকম, চৰকাৰৰ দৰে সকলো ব্যৱসায়িক প্ৰয়োজনীয় বস্তু ও কৰ পৰিশোধ (প্ৰতিমাহে ২৫০ টকাত সীমাবদ্ধ) ত ৫% কেছবেক, ৪০০ টকাৰপৰা ৫০০০ টকাৰ ভিতৰত ইন্ধন ক্ৰয়ত ১% ইন্ধনৰ উপ কৰ ৰেহাই আৰু প্ৰতি ষ্টেটমেন্টত ২৫০ টকালৈকে ৰেহাই। স্মাৰ্টবাই, স্মাৰ্টপে’ আৰু পে’জেপ অফাৰত অন্যান্য চাবস্ক্ৰিপশ্যন অফাৰ, ব্যৱসায়িক উদ্দেশ্যৰ বাবে টাৰ্ম লোনৰ যোগ্যতাৰে সকলো গ্ৰাহকলৈ ক্ৰেডিট কাৰ্ডত খৰচ-বিহীন আৰু কম-খৰচী ইএমআই বিকল্প।

এই কাৰ্য্যক্ৰমৰ অংশ হিচাপে সদস্যসকলে প্ৰথম ৯০ দিনৰ ভিতৰত কাৰ্ডখন সক্ৰিয় কৰিলে ১০০০ বানচ পইন্টৰ দৰে এক্টিভেশ্যন কাৰ্ডৰ লাভো অৰ্জন কৰাৰ সমান্তৰালভাৱে আৰআইঅ’ ক্লাবৰ সদস্যসকলে ৯০ দিনৰ ভিতৰত সক্ৰিয় কৰিলে ৫০০ টকা মূল্যৰ অতিৰিক্ত গিফ্ট ভাউচাৰ লাভ কৰিব।

“ভাৰতৰ সৰ্ববৃহৎ কাৰ্ড ইছ্যুকাৰী হিচাপে আমি কৰ্পৰেট ইণ্ডিয়াৰ বিভিন্ন প্লেয়াৰৰ সৈতে সহযোগিতাৰে পেমেন্ট বাতাবৰণটোক আগুৱাই নিবলৈ অংগীকাৰবদ্ধ। ৰিটেইলিঅ’ৰ সৈতে আমাৰ অংশীদাৰিত্বৰ জৰিয়তে আমি ৰিটেইলিঅ’ ব্যৱসায়ী নেটৱৰ্কৰ ভিতৰত খুচুৰা ফাৰ্মাচী, বিতৰক আৰু হাস্পতালসমূহৰ বাবে এটা কাষ্টমাইজড প্ৰডাক্টৰে ফাৰ্মা খণ্ডটোলৈ এই সহযোগিতা আৰু অধিক সম্প্ৰসাৰণ কৰিম”, এইচডিএফচি বেংকৰ পেমেন্ট ব্যৱসায়, উপভোক্তা ফাইনেন্স, প্ৰযুক্তি আৰু ডিজিটেল বেংকিঙৰ দেশৰ মুৰব্বী পৰাগ ৰাওৱে এইদৰে কয়।

“আমি ৰিটেইলিঅ’ই সদায়েই স্বাস্থ্যসেৱা খণ্ডটোৰ সামগ্ৰিক বিকাশৰ অৰ্থে চেষ্টা কৰি আহিছো। এইচডিএফচি বেংকৰ সৈতে এই কো-ব্ৰেণ্ডেড পদক্ষেপটো তেওঁলোকৰ গুৰুত্ব স্বীকাৰৰ দিশত এটি পদক্ষেপ আৰু আমাৰ অংশীদাৰসকলৰ বাবে নিৰন্তৰ বৃদ্ধি সক্ষম কৰিবলৈ আমাৰ অন্যতম মূল প্ৰস্তাৱ”, এপিআই হ’ল্ডিংছৰ সহ-প্ৰতিষ্ঠাপক হৰ্ষ পাৰিখে এইদৰে কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here