বৰষুণ আৰু বানপ্ৰভাৱিত গ্ৰাহকলৈ এয়াৰটেলে আগবঢ়াইছে আনলিমিটেড কলিং-ডাটা লাভৰ সুবিধা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 24 May 2022

বৰষুণ আৰু বানপ্ৰভাৱিত গ্ৰাহকলৈ এয়াৰটেলে আগবঢ়াইছে আনলিমিটেড কলিং-ডাটা লাভৰ সুবিধা

 

 

W7s news গুৱাহাটী : অসম তথা উত্তৰ পূব ভাৰতত হোৱা মুষলধাৰ বৰষুণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ যোগাযোগৰ সুবিধা নিশ্চিত কৰাৰ বাবে এয়াৰটেলে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে আনলিমিটেড কলিং আৰু ডাটা লাভালাভৰ সুবিধা। এয়াৰটেলে ডিমা হাচাও, কাৰ্বি আংলং, উত্তৰ কাচাৰ হিলছ আৰু কাচাৰৰ বৰষুণ- বানত প্ৰভাৱিত তেওঁলোকৰ মোবাইল গ্ৰাহকৰ বাবে আগন্তুক ৫ দিনৰ বাবে বিনামূলীয়া আনলিমিটেড কল আৰু ২ জিবি ডাটা লাভৰ সুবিধাৰ কথা নিশ্চিত কৰিছে। ইয়াৰ ফলত বৰষুণ আৰু বানত প্ৰভাৱিত লোকসকলে তেওঁলোকৰ আত্মীয়ৰ সৈতে অনলাইনত সংযুক্ত হৈ থাকিব পাৰিব।

এয়াৰটেলে তেওঁলোকৰ নেটৱৰ্ক নিৰীক্ষণ কৰিবলৈ ৱাৰ ৰুম স্থাপন কৰিছে আৰু যিকোনো ব্ৰেকডাউনৰ বাবে স্পেয়াৰ মজুত কৰি ৰাখিছে। কোম্পানীটোৱে সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুৎ কৰ্তন ছাইটবোৰৰ বাবে বেটাৰী বেকআপ ক্ষমতা উন্নত কৰিছে। লগতে ক্ষতিগ্ৰস্ত অঞ্চলবোৰত তাৎক্ষণিক মেৰামতিৰ বাবে অস্থায়ী দ্ৰুত নিয়োজনৰ ব্যৱস্থা কৰিছে। 

অহা কেইদিনমানৰ ভিতৰত অসমত বাৰিষা পৰিব বুলি আশা কৰা হৈছে। আগন্তুক সময়ছোৱাত হ'বলগীয়া বৰষুণ আৰু বানপানীৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰটেলে অসম তথা উত্তৰ-পূব ভাৰতৰ ১৪.৬ নিযুতৰো অধিক গ্ৰাহকক মোবাইল নেটৱৰ্কৰ সৈতে বৰ্তাই ৰাখিবলৈ বিশেষ ইনফ্ৰা দল গঠন কৰিছে। বানপীড়িত অঞ্চলসমূহত নেটৱৰ্ক সংযোগ স্বাভাৱিক কৰিবলৈ এয়াৰটেল নেটৱৰ্ক দলে সেইটো নিশ্চিত কৰিবলৈ অতিৰিক্ত সময় কাম কৰি আছে, কিয়নো টেলিকম হৈছে লাখ লাখ গ্ৰাহকৰ এক মুখ্য জীৱনৰেখা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here