ৰাজ্যিক কলা বীথিকাৰ নবনির্মিত প্রদর্শনী গৃহৰ শুভ উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 20 May 2022

ৰাজ্যিক কলা বীথিকাৰ নবনির্মিত প্রদর্শনী গৃহৰ শুভ উদ্বোধন

 




W7s news ষ্টাফৰিপোৰ্টাৰ': অসমৰ চিত্রশিল্পৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যৰে ২০০৭ চনৰ পহিলা মে'ত আধুনিক আৰু বিজ্ঞানসন্মতভাবে নির্মাণ কৰা ৰাজ্যিক কলা বীথিকাৰ শুভ উদ্বোধন কৰা হৈছিল। পূর্বে দ্বিতীয় মহলাত এটা প্ৰদৰ্শনী গৃহ আছিল যদিও বর্তমান পৰিকল্পিতভাবে প্রথম মহলাতো আন এটা প্রদর্শনী গৃহ নির্মাণ কৰি উলিওৱা হৈছে। শুকুৰবাৰে এই নবনির্মিত প্রদর্শনী গৃহটোৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা সংগৃহীত চিত্ৰৰ প্রদর্শনী অনুষ্ঠান ‘দ্যা পাইঅ'নিয়াৰ’ৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৰবীন্দ্র ভৱন প্রেক্ষাগৃহত এক সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট চিত্ৰ-ভাস্কর্য শিল্পী  ননী বৰপুজাৰী, বিশিষ্ট চিত্র-ভাস্কর্য শিল্পী বীৰেণ সিংহ, ৰাজ্যিক কলা বীথিকাৰ অৱসৰপ্ৰাপ্ত প্রদর্শনী বিষয়া  জ্ঞানেন্দ্র বৰকাকতি, গুৱাহাটী আর্টিষ্ট গীল্ডৰ সভাপতি  আমিনুল হক, মেঘালয়ৰ বিশিষ্ট চিত্রশিল্পী বাফেল ৱাৰ্জাৰী আৰু সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক ড০ দেৱজিৎ খনিকৰৰ লগতে আন বহুতো বৰেণ্য শিল্পী উপস্থিত থাকে। জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত আদৰণি ভাষণ প্রদান কৰে সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক ড০ দেবজিৎ খনিকৰে। লগতে অনুষ্ঠানত উপস্থিত বিশিষ্ট শিল্পীসকলে নিজৰ বহুমূলীয়া বক্তব্য দাঙি ধৰি চিত্রশিল্পৰ বিভিন্ন বিষয়ত আলোকপাত কৰাব উপবিও চিত্রশিল্পৰ উত্তৰণৰ বাবে নানা গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়ায়। শেষত ৰাজ্যিক কলা বীথিকাৰ নৱনির্মিত প্রদর্শনী গৃহটোৰ আৰু প্রদর্শনীৰ শুভ উদ্বোধন কৰাৰ লগতে আমন্ত্রিত অতিথিসকল তথা উপস্থিত কলা প্রেমীসকলে ৰাজ্যিক কলা বীথিকা দর্শন কৰি ভূয়সী প্রশংসা কৰে। এতিয়াৰে পৰা ৰাজ্যিক কলা বীথিকাৰ প্ৰদৰ্শনী প্রতিদিনেই ৰাইজৰ দর্শনৰ বাবে মুকলি থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here