মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম গৱেষক সন্মিলন সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 20 May 2022

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম গৱেষক সন্মিলন সম্পন্ন

 




W7s news ষ্টাফৰিপোৰ্টাৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথমখন গৱেষক সন্মিলন শুকুৰবাৰে গুৱাহাটীৰ ৰূপনগৰস্থিত চৌহদত অনুষ্ঠিত হৈ যায় ৷ পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লৈ গৱেষকসকলৰ উপকৃত হোৱাকৈ মন্তব্য ৰাখে অসম চৰকাৰৰ শ্ৰমিক কল্যাণ আৰু দক্ষতা উন্নয়ন বিভাগৰ  প্ৰিন্সিপাল চেক্ৰেটাৰী ড° ভি কল্যান চক্ৰৱৰ্তীয়ে ৷ ভাষণ প্ৰসংগত তেওঁ বিশ্ববিদ্যালয়ৰ এই কাৰ্যসূচীৰ প্ৰশংসা কৰাৰ লগতে গৱেষকসকলে  নিজৰ গৱেষণা কৰ্মত গ্ৰহন কৰিব লগীয়া কৌশল সম্পৰ্কেও অৱগত কৰে ৷ বিশ্ববিদ্যালয়খনৰ উপ-পঞ্জীয়ক (শৈক্ষিক) ড° নয়নমনি শইকীয়াই আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ আগৱঢ়াই বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মৃণাল কুমাৰ বৰাই ৷ অনুষ্ঠানৰ মূল বিষয় “গৱেষকৰ সৈতে মত-বিনিময়” ত অংশ লয় বিশ্ববিদ্যালয়খনৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই ৷ ভাষণত তেওঁ নতুন শিক্ষানীতি, গৱেষণাৰ বাবে একোজন গৱেষকক কেনেধৰণৰ গুণ, কৌশলৰ প্ৰয়োজন আৰু গৱেষণাৰ গুনগত মান বৃদ্ধিৰ বাবে ল’বলগীয়া দিশ সমূহৰ বিষয়ে আলোকপাত কৰাৰ লগতে গৱেষকসকলে উত্থাপন কৰা প্ৰশ্নসমূহৰো উত্তৰ দিয়ে ৷ অনুষ্ঠানতে নিজৰ গৱেষণাকৰ্মৰ অভিজ্ঞতাৰে গৱেষকসকলক সততাৰে আগুৱাবলৈ পৰামৰ্শ কৰে উপ-পঞ্জীয়ক (প্ৰশাসনিক) ড° শেখৰ কান্তি সৰকাৰে ৷ বিশ্ববিদ্যালয়ৰ বিষয়া-কৰ্মচাৰী, অধ্যাপক-অধ্যাপিকা, গৱেষকসকল উপস্থিত থকা অনুষ্ঠানটোত শলাগৰ শৰাই আগৱঢ়াই বিশ্ববিদ্যালয়খনৰ আই.কিউ.এচ.চি-ৰ সমন্বয়ক ড° অজিত দেৱনাথে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here