নিউ আৰ্ট প্লেয়াৰ্ছৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 29 May 2022

নিউ আৰ্ট প্লেয়াৰ্ছৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

  







W7s news ষ্টাফৰিপোৰ্টাৰ  হীৰকজয়ন্তী অতিক্ৰম কৰি ৰাজ্যৰ অন্যতম সামাজিক - সাংস্কৃতিক অনুস্থান

নিউ আৰ্ট প্লেয়াৰ্ছে এইবাৰ  আঠষষ্ঠি বছৰত পদাৰ্পণ কৰিছে৷ জন্মলগ্নৰে পৰা অলেখ বাধা-বিঘিণি নেওচি আজিৰ পৰ্যায়ত উপনীত হোৱাত সদস্য সকলৰ অনবদ্য অৰিহণা নিউ আৰ্ট প্লেয়াৰ্ছে কেতিয়াও পাহৰিব নোৱাৰে৷ ইতিমধ্যে সময় প্ৰবাহত নিষ্ঠুৰ নিয়তিয়ে এই অনুস্থানটোৰ বহু নিষ্ঠাবান সদস্য চিৰদিনলৈ বিদায় ললে৷ এই প্ৰয়াত সদস্যসকলৰ পুণ্যাত্মাৰ প্ৰতি আন্তৰিকতাৰে সশ্ৰদ্ধ প্ৰণাম যাচিবলৈ দেওবাৰে নিউ আৰ্ট প্লেয়াৰ্ছৰ নৱনিৰ্মিত সাংস্কৃতিক প্ৰকল্প প্ৰাঙ্গণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অতি গাম্ভীৰ্যপূৰ্ণভাবে আয়োজিত এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সংঘৰ জ্যেষ্ঠ সদস্য-সুৰকাৰ ৰমেন বৰুৱাই আৰু সংঘৰ সদস্য সকলে পূষ্পাৰ্ঘৰে ৬০ গৰাকী প্ৰয়াত সদস্য সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়৷ ইয়াৰ পাছতেই বিবেকানন্দ কেন্দ্ৰৰ প্ৰতিনিধিয়ে মঙ্গলাচৰণ পাঠ কৰে আৰু প্ৰাপ্তি গগৈ আৰু নয়না ডেকায়ে বৰগীত পৰিবেশন কৰে৷ 

আদৰণি ভাষণ প্ৰসংগত সাধাৰণ সম্পাদক

ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্যই প্ৰয়াত সদস্য সকলৰ নাম পাঠ কৰে আৰু তেওঁলোকৰ সংঘৰ প্ৰতি আগবঢ়োৱা অনবদ্য বৰঙণি অবিহনে নিউ আৰ্ট প্লেয়াৰ্ছ আজিৰ পৰ্যায়ত উপনীত হোৱাটো অসম্ভৱ হলহেঁতেন বুলি উল্লেখ কৰে৷ এই প্ৰয়াত সদস্য সকল যাতে সময়ৰ সোঁতত হেৰাই নাযায় আৰু অনাগত দিনবোৰত তেওঁলোকক স্মৰণ কৰিব পাৰে তাৰ বাবে সংঘৰ পৰা প্ৰকাশিত "শ্ৰদ্ধাৰ্ঘ" নামৰ গ্ৰন্থৰে তেওঁলোকৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ প্ৰচেষ্টাৰ সম্পৰ্কেও আদৰণি ভাষণত ব্যক্ত কৰে৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদ্যপ্ৰয়াত সংঘৰ সভাপতি দীপক কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে ১৩ গৰাকী সদস্যৰ বিশেষভাবে স্মৃতিচাৰণ কৰে ক্ৰমে মল্লিকা বৰুৱা, অজয় দত্ত, নয়ন প্ৰসাদ, কল্যাণ কুমাৰ দাস, নমিতা ভট্টাচাৰ্য, মঞ্জুৰীমা শইকীয়া, ধৰণী ৰঞ্জন বৰুৱা, শঙ্কৰ চক্ৰৱৰ্তী, নিৰদা চক্ৰৱৰ্তী, গায়ত্ৰী ডেকা, চয়নিকা শৰ্মা আৰু তাপস দত্তই৷ অনুষ্ঠানত মৃন্ময়ী চেতিয়াই ভজন পৰিবেশন কৰে৷ অনুষ্ঠানটোৰ আঁত ধৰে মেলদি পাটগিৰীয়ে বুলি

নিউ আৰ্ট প্লেয়াৰ্ছৰ সাধাৰণ সম্পাদক

ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here