কান চলচ্চিত্র মহোৎসৱত আইমী বৰুৱাৰ 'চেমখৰ'ৰ বক্তব্যত মুগ্ধ বিশ্ব চলচ্চিত্র সমাজ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 23 May 2022

কান চলচ্চিত্র মহোৎসৱত আইমী বৰুৱাৰ 'চেমখৰ'ৰ বক্তব্যত মুগ্ধ বিশ্ব চলচ্চিত্র সমাজ

 




W7s news ষ্টাফৰিপোৰ্টাৰ: বিশ্ব চলচ্চিত্ৰ জগতৰ অতি সন্মানজনক কান চলচ্চিত্র মহোৎসৱত অসমৰ জনপ্ৰিয় অভিনেত্রী তথা ছবি নির্মাতা আইমী বৰুৱাৰ বহুল চৰ্চিত ‘চেমখৰ'ৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ পৰিল আন্তর্জাতিক সংবাদ মাধ্যম তথা বিশ্বৰ চলচ্চিত্ৰ অনুৰাগী। তাৎপর্যপূর্ণভাৱে কান চলচ্চিত্র মহোৎসৱৰ 'কাণ্ট্ৰি অব অ'নাৰ'ৰ ইণ্ডিয়ান পেভেলিয়নত আইমী বৰুৱাই ‘চেমখৰ’ সন্দৰ্ভত ১০ মিনিট সময় উজ্জীৱিত ভাষণেৰে মন্ত্ৰমুগ্ধ কৰি ৰাখে উপস্থিত বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ লগতে আন্তর্জাতিক সংবাদ মাধ্যমৰ প্রতিনিধিক। উক্ত অনুষ্ঠানত প্ৰদৰ্শন কৰা 'চেমখৰ'ৰ ট্ৰেইলৰেও মুগ্ধ কৰে উপস্থিত বিশ্বৰ সংবাদ মাধ্যমক। লক্ষণীয় বিষয় এয়ে যে অসমৰ এটা ক্ষুদ্র জনগোষ্ঠী হিচাপে চিহ্নিত ডিমাছা ভাষাত নিৰ্মিত 'চেমখৰ'ৰ বিভিন্ন কথা জানিবলৈ উদ্‌গ্ৰীৱ হৈ পৰিছিল কান চলচ্চিত্ৰত মহোৎসৱত উপস্থিত আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্ৰ জগতৰ বিভিন্ন দিশৰ ভালেসংখ্যক খ্যাতনামা ব্যক্তি। বিশেষকৈ ‘চেমখৰ' নিৰ্মাণ কৰা ধাৰণাটো কেনেকৈ, কিয় আৰু ক'ৰ পৰা আহিল, ‘চেমখৰ'ৰ নিৰ্মাণৰ ক্ষেত্ৰত কি কি প্রত্যাহ্বান আৰু এইসমূহ কেনেকৈ পাৰ হ’ল, অসমত এনেকুৱা এখন ঠাই এতিয়াও আছেনে নাই ইত্যাদি এশ এটা প্রশ্ন সাংবাদিক তথা চলচ্চিত্র অনুৰাগীয়ে সুধিছিল চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক। উল্লেখ্য, কান চলচ্চিত্র মহোৎসৱৰ সৈতে সংলগ্ন এখন মঞ্চত চলচ্চিত্র নির্মাতা অথবা এই ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিয়ে এক ছেকেণ্ড বক্তব্য ৰখাৰ সুবিধা পোৱাটো পৰম সৌভাগ্যৰ কথা। প্রসংগক্রমে উনুকিয়াব পাৰি যে ভাৰতত ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ মহোৎসৱ আৰু ভাৰতীয় পেনোৰামাক সর্বোচ্চ স্থান দিয়া হয়। বিগত বৰ্ষত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত নোহোৱা বাবে ভাৰতীয় পেনোৰামাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান আঁজুৰি অনা ‘চেমখৰ’ সন্দৰ্ভত কান চলচ্চিত্র মহোৎসৱৰ ইণ্ডিয়ান পেভেলিয়নত বক্তব্য ৰখাৰ বাবে ভাৰত চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক বাছনি কৰা হৈছিল। ইপিনে আজিৰ এই অনুষ্ঠানতে আইমী বৰুৱাৰ নতুন তথ্যচিত্র ‘স্ক্রিমিং বাটাৰফ্লাইছ' (Screaming Butterflies)ৰ পোষ্টাৰ আৰু ট্ৰেইলৰ মুকলি কৰা হয়। অগন্তক ২৯ মে'ত মুম্বাইৰ আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাবে ইতিমধ্যে নির্বাচিত 'স্ক্ৰিমিং বাটাৰফাইছ'ৰ পোষ্টাৰ মুকলি কৰে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰাই। ইপিনে কান চলচ্চিত্র মহোৎসৱত ‘চেমখৰ'ৰ বিষয়ে বক্তব্য দিয়াৰ সুবর্ণ সুযোগ লাভ কৰা সন্দৰ্ভত অভিমত জানিব বিচৰাত আইমী বৰুৱাই কয়— সঁচা অৰ্থত মই অভিভূত হৈ পৰিছো। ৱৰ্ল্ড মিডিয়া তথা বিশ্বৰ চলচ্চিত্র সমাজৰ সন্মুখত ‘চেমখৰ'ৰ বিষয়ে ক'বলৈ পাই মই যি সুখ অনুভৱ কৰিছো তাতকৈ বেছি আচৰিত হৈছো বিশ্ব সমাজে ‘চেমখৰ'ৰ বিষয়ে জানিবলৈ প্ৰকাশ কৰা প্ৰবল আগ্ৰহত। এটা নতুন ভাষা, নতুন কথা, নতুন পৰম্পৰা, নতুন ঠাই আদিৰ বিষয়ে জানিবলৈ তেওঁলোকে যি ধৰণৰ উৎসুকতা প্ৰকাশ কৰিলে সেয়া মোৰ বাবে আছিল সপোনৰো অগোচৰ। অসমত এতিয়াও এনেকুৱা ঠাই আছেনে নাই সেই বিষয়ে জানিবলৈ তেওঁলোকৰ যি আগ্রহ সেয়া সঁচা অৰ্থত ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আমাৰ বাবে এয়াই হৈছে সর্বশ্রেষ্ঠ সন্মান, সর্বোচ্চ উপহাৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here