বিশ্ব কাছ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 23 May 2022

বিশ্ব কাছ দিৱস পালন

 






W7s news ষ্টাফৰিপোৰ্টাৰ:  কাছৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে সোমবাৰে বিশ্ব কাছ দিৱস পালন কৰা হয়। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান আৰু টাৰটেল চাৰভাইভেল এলায়েন্স ইণ্ডিয়াৰে উদ্যোগত আৰু ৰাজ‍্যচৰকাৰৰ বন বিভাগ, আছাম ষ্টেট বায়ডাইভাৰচিটি বোর্ড, উগ্ৰতৰা মন্দিৰ কমিটি আৰু হেল্প আৰ্থৰ সহযোগত বিশ্ব কাছ দিৱস পালন কৰা হয়।

এই উপলক্ষে পুৱাৰ ভাগত যোৰ পুখুৰীৰ কাছৰ গণনা কৰা হয়। এই কাৰ্যসূচীত টি এছ এ ইণ্ডিয়াৰ প্ৰগ্ৰাম অফিচাৰ সৌনিকা কৰ্মকাৰে সকলোকে আদৰণি জনায়। এই অনুষ্ঠানত হেল্প আৰ্থৰ প্ৰতিষ্ঠাপক ড০ জয়ন্ত পুৰকায়স্থৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে স্থানীয় নাগৰিকে অংশ লয়। তাৰপাছত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত কাছৰ সংৰক্ষণৰ বাবে এক স্বাক্ষৰ অভিযান আৰম্ভ কৰা হয়। এই কাৰ্যসূচীত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here