বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি বাতিলৰ দাবীত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 1 May 2022

বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি বাতিলৰ দাবীত

 


চি আই টি ইউৰ ৰাজ্যজুৰি মে' দিৱস পালন





W7s news ষ্টাফৰিপোৰ্টাৰ:  বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক তথা শ্ৰমিক বিৰোধী নীতি বাতিলৰ দাবী তুলি আজি চি আই টি ইউয়ে ৰাজ্যজুৰি সভা-সমদল আদিৰ মাজেৰে মে' দিৱস পালন কৰে। ৰাজ্যখনৰ ঠায়ে ঠায়ে হাজাৰ হাজাৰ নিৰ্মাণ শ্ৰমিক সহ অসংগঠিত খণ্ডৰ শ্ৰমিক আৰু অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মচাৰী, চাহ শ্ৰমিক, ব্যক্তিগত কল-কাৰখানৰ শ্ৰমিকে ৰাজপথত ওলাই আহি চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যখনৰ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, লক্ষিমপুৰ, শোণিতপুৰ, কামৰূপ, দক্ষিণ কামৰূপ, কোকৰাঝাৰ, ধুবুৰী, মছলপুৰ, গোলাঘাট, বৰপেটা, নলবাৰী, কাচাৰ, কৰিমগঞ্জ, হাইলাকান্দি, দৰং, ধেমাজি, হোজাই, নগাঁও, বঙাইগাঁও, গোৱালপাৰা, আদি জিলাৰ বিভিন্ন ঠাইত শ্ৰমিক কৰ্মচাৰীয়ে মে' দিৱসৰ ৰক্ত পতাকা উত্তোলন কৰি সভা-সমদল সংগঠিত কৰে। ঠায়ে ঠায়ে বিভিন্ন ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী সংগঠনসমূহে এই সভাবোৰত অংশ লয়। একেদৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ বিভিন্ন ঠাইত কল-কাৰখানা শ্ৰমিকসকলে মে' দিৱস উপলিক্ষে সভা অনুস্থিত কৰে আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ কঠোৰ সমালোচনা কৰে। উক্ত সভাবোৰত বীৰেণ শৰ্মা, ভোলা শৰ্মা, মদন তালুকদাৰ, আলী আকবৰ, প্ৰতুল বৰ্মন, ইন্দিৰা নেৱাৰ আদি শ্ৰমিক নেতা নেত্ৰীসকলে অংশ লৈ কয় যে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰখনে দেশৰ অৰ্থনীতি দুৰ্দশাগ্ৰস্ত কৰি তুলিছে। জনসাধাৰণৰ কৰৰ টকাৰে সৃষ্ট দেশৰ স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তি দ্বিধাহীনভাৱে পানীৰ দৰত বিক্ৰী কৰি দেশখনক ৰুগ্ন কৰি তুলিছে। শ্ৰমিক বিৰোধী, জনবিৰোধী আৰু কৃষক বিৰোধী নীতি গ্ৰহণ কৰি শ্ৰমজীৱী মানুহৰ বাবে অন্ধকাৰ নমাই আনিছে। চৰকাৰখনৰ এই জাতীয় স্বাৰ্থ বিৰোধী নীতি সমূহৰ বিৰুদ্ধে শ্ৰমজীৱী মানুহৰ ঐক্যবদ্ধ সংগ্ৰামক তীব্ৰ কৰি তোলাৰ প্ৰয়োজন আহি পৰিছে। দেশী-বিদেশী কৰ্প'ৰেটৰ সহযোগিতাত একনায়কত্ববাদী পথেৰে বিজেপি চৰকাৰে গণতান্ত্ৰিক ব্যৱস্থাক চুৰমাৰ কৰি দিয়া কাৰ্যৰ বিৰুদ্ধে এইবাৰৰ মে' দিৱসত শ্ৰমিক কৰ্মচাৰীসকল ঐক্যবদ্ধ হোৱা দৰকাৰ। শ্ৰমিক নেতাসকলে কয় যে পুঁজিপতিৰ ধ্বজ্জা বহন কাৰী এই চৰকাৰে গ্ৰহণ কৰা নীতিৰ ফলত হোৱা অত্যাধিক মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজে নিত্যব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰাটো কঠিন হৈ পৰিছে। অন্ন-বস্ত্ৰ-বাসস্থান-শিক্ষা-স্বাস্থ্য আদিৰ বাবে দেশৰ জনগণে জীয়াতু ভূগিবলগীয়া হৈছে। শ্ৰমিক নেতাসকলে কয় যে মে' দিৱসৰ তাৎপৰ্য ৮ ঘণ্টা কাম, ৮ ঘণ্টা বিশ্ৰাম আৰু ৮ ঘণ্টা আমোদ প্ৰামোদ বিজেপি চৰকাৰে বিনষ্টা কৰিছে। ১২ ঘণ্টা কামৰ সময় এই চৰকাৰে নিয়মত পৰিনত কৰিব বিচাৰিছে। চৰকাৰখনে পুঁজিপতিৰ বহতীয়া হিচাপে কাম কৰিছে আৰু শ্ৰমিকৰ অধিকাৰ খৰ্ব কৰিছে। একেদৰে আজি দিনৰ ১২ বজাত গুৱাহাটী দীঘলীপুখুৰী পাৰত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেদাৰেচনসমূহৰ উদ্যোগত মে' দিৱস পালন কৰা হয়। এই কাৰ্যসূচীত মে' দিৱসৰ পতাকা উত্তোলন কৰে বিশিষ্ট শ্ৰমিক নেতা গৰ্গ তালুকদাৰে। শ্ৰমিক নেতা ক্ৰমে বীৰেণ শৰ্মা, চক্ৰেশ্বৰ কলিতা, আজাৰ হুছেইন, ধীৰাজ দাসৰ সভাপতিত্বত এক সভা অনুস্থিত হয়। সভাত চি আই টি ইউৰ হৈ শতঞ্জীৱ দাস, এ আই ইউ টি ইউ চিৰ পৰা প্ৰমোদ ভাগৱতী, এ আই টি ইউ চিৰ পৰা বাবুল চৌধুৰী এ আই চি চি টি ইউৰ পৰা ধীৰাজ দাস আৰু জে চি টি ইউৰ পৰা ভৱেন কলিতাই বক্তব্য ৰাখি কয় যে বিজেপি চৰকাৰে শ্ৰমজীৱী মানুহৰ অধিকাৰ কৰ্তন কৰাত লাগি পৰিছে আনপিনে ইয়াৰ বিৰুদ্ধে শ্ৰমিক কৰ্মচাৰীৰ আন্দোলন যাতে গঢ়ি উঠিব নোৱাৰে তাৰ বাবে শ্ৰমজীৱী মানুহৰ ঐক্য বিনষ্ট কৰাৰ বাবে হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰাৰ কাম তীব্ৰ কৰি তুলিছে। তেনে অৱস্থাত শ্ৰমিক-কৰ্মচাৰীসকলে অধিকাৰ ৰক্ষাৰ আন্দোলনৰ লগে লগে বিভাজনবাদী তথা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধেও ঐক্যবদ্ধ হব লাগিব। এইবাৰৰ মে' দিৱসত এই ক্ষেত্ৰত সংকলপ গ্ৰহণ কৰা দৰকাৰ। শ্ৰমিক-কৰ্মচাৰীসকলে দীঘলীপুখুৰী পাৰৰ পৰা এক সমদল উলিয়াই আৰু শ্ৰমিক বিৰোধী নীতি বাতিল কৰাৰ দাবীত আকাশ বতাহ কঁপাই তোলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here