নলবাৰী-জাগাৰাৰ বিশিষ্ট নাগৰিক ব্ৰজেন ভাগৱতীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 1 May 2022

নলবাৰী-জাগাৰাৰ বিশিষ্ট নাগৰিক ব্ৰজেন ভাগৱতীৰ মৃত্যু

 

জি এম চিত মৰণোত্তৰ দেহদান সম্পন্ন




W7s news ষ্টাফৰিপোৰ্টাৰ':

নলবাৰী জিলাৰ বেলচৰ-জাগাৰা অঞ্চলৰ বিশিষ্ট নাগৰিক তথা  ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, প্ৰগতিশীল জীৱন-দৰ্শনৰ মানৱহিতৈষী আৰু বিজ্ঞানমনস্ক ব্যক্তি ব্ৰজেন্দ্ৰ নাথ ভাগৱতী শনিবাৰে  নিশা ৮.৪৫ বজাত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। তেওঁ ২০১৪ চনৰ পৰাই ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ জটিল ৰোগবিধৰ বিৰুদ্ধে দীৰ্ঘদিন সাহসেৰে যুঁজি আছিল। বাঁওপন্থী আদৰ্শ আৰু আন্দোলনৰ লগতো ভাগৱতীৰ সমগ্র পৰিয়ালটো নিবিড়ভাৱে যুক্ত। অতি অমায়িক স্বভাৱৰ বিজ্ঞানমনস্ক ব্যক্তি ব্ৰজেন ভাগৱতীৰ শেষ ইচ্ছা অনুসৰি ১মে'ত পুৱা ১০ বজাত গুৱাহাটী মেডিকেল কলেজৰ এনাটমী বিভাগত তেওঁৰ মৰণোত্তৰ দেহ দান কৰা হয়। পৰিয়ালৰ সদস্যসকলৰ উদ্যোগ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ সহযোগত দেহদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে সম্পন্ন হয়। দেওবাৰৰ উপৰি আন্তৰ্জাতিক মে' দিৱস উপলক্ষে চৰকাৰী বন্ধ থকা সত্ত্বেও ব্ৰজেন ভাগৱতীৰ মৰণোত্তৰ দেহদান প্ৰক্ৰিয়া সুকলমে সম্পন্ন হোৱাৰ ক্ষেত্ৰত জি এম চি কৰ্তৃপক্ষ, বিশেষকৈ এনাটমী বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ সত্যজিৎ মিত্ৰৰ ভূমিকা আছিল প্ৰশংসনীয়। উল্লেখ্য  ১০ এপ্ৰিলত বিজ্ঞানমনস্ক ভাগৱতীয়ে চিকিৎসা বিজ্ঞানৰ উন্নয়ন তথা মানৱ কল্যাণৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে মৰণোত্তৰ দেহদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি থৈছিল। পূৰ্বতে তেওঁৰ পত্নী মিনতি ভাগৱতীয়ে অনুৰূপ সিদ্ধান্ত লৈ দেহদানৰ অংগীকাৰ পত্ৰত স্বাক্ষৰ কৰি ৰাখিছিল যদিও ক'ভিড পৰিস্থিতিৰ বিভীষিকাৰ মাজত পত্নীৰ শেষ ইচ্ছা পূৰণ কৰা সম্ভৱ হোৱা নাছিল।

ইলোৰা বিজ্ঞান মঞ্চই ব্ৰজেন ভাগৱতীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু সমাজহিতৈষী ব্যক্তিগৰাকীৰ প্ৰতি নিবেদন কৰিছে শ্ৰদ্ধা। মঞ্চই তেওঁৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। 

দেওবাৰে ভাগৱতীৰ মৰণোত্তৰ দেহদান। অনুষ্ঠানত উপস্থিত আছিল প্ৰয়াত ভাগৱতীৰ পুত্ৰ বিকাশ আৰু ৰাকেশ, কন্যা মনীষা, ভাতৃ প্ৰতুল ভাগৱতী, ভগ্নী নমিতা দেৱী সহ আত্মীয়-স্বজনৰ লগতে জি এম চিৰ এনাটমী বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ সত্যজিৎ মিত্ৰ, ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ সদস্য ডাঃ মনোৰঞ্জন শৰ্মা, অসম বিজ্ঞান সমিতিৰ ডাঃ সোণ কুমাৰ তালুকদাৰ, গুৱাহাটী পাব্লিক কলেজৰ অধ্যক্ষ মানবেন্দ্ৰ ভাগৱতী, ট্ৰেড ইউনিয়ন নেতা কুমুদ শৰ্মা, প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট ব্যক্তি। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পৰিচালনা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ উপ-সভাপতি তথা মঞ্চৰ অন্যতম মুখপাত্ৰ ইচফাকুৰ ৰহমানে। উপস্থিত সকলোৱে অনুষ্ঠানত অন্ধবিশ্বাসবিৰোধী তথা প্ৰগতিশীল চিন্তা-দৰ্শনৰ সমাজকৰ্মী ভাগৱতীৰ মৰদেহত পুষ্পমাল্য অৰ্পণ কৰি শেষ শ্ৰদ্ধা তৰ্পণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here