মানৱদৰদী যোদ্ধা পদ্মশ্ৰী বীৰুৱালা ৰাভাৰ জীৱনৰ আধাৰত নির্মাণ হ'ব অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত চলচ্চিত্ৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 2 May 2022

demo-image

মানৱদৰদী যোদ্ধা পদ্মশ্ৰী বীৰুৱালা ৰাভাৰ জীৱনৰ আধাৰত নির্মাণ হ'ব অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত চলচ্চিত্ৰ

Responsive Ads Here

 

IMG-20220503-WA0007


মৃত্যুৰ আগমুহূৰ্তলৈ অন্ধবিশ্বাস, কু-সংস্কাৰ বিৰুদ্ধে কাম কৰি যাম-বীৰুবালা ৰাভা


গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেলত ঘোষণা কৰিলে কামৰূপা ক্ৰিয়েচনে


W7s news ষ্টাফৰিপোৰ্টাৰ: মানৱদৰদী যোদ্ধা পদ্মশ্ৰী বীৰুৱালা ৰাভাৰ জীৱনৰ আধাৰত নির্মাণ হ'ব  অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত চলচ্চিত্ৰ। কামৰূপা ক্ৰিয়েচনৰ উদ্যোগত সোমবাৰে গুৱাহাটী প্রেছ ক্লাৱত অনুষ্ঠিত সম্বৰ্ধনা সভাত এইকথা সদৰী কৰে চলচ্চিত্ৰ খনৰ প্ৰযোজক তথা পৰিচালক,কামৰূপা ক্ৰিয়েছনৰ মুখ্যবিষয়া

 ভৰত কলিতাই। তেওঁ লগতে কয়-মানৱদৰদী যোদ্ধা পদ্মশ্ৰী বীৰুৱালা ৰাভাৰ জীৱনৰ আধাৰত

নিৰ্মাণ হ'ব লগীয়া জীৱনভিত্তিক বহুভাষী চলচ্চিত্ৰখনৰ বাবে মঙলবাৰৰ পৰা গৱেষণাৰ কাম আৰম্ভ হ'ব। তিনিজনীয়া এটা দলে গৱেষণাৰ কাম আৰম্ভ কৰিব। ২০২৩-২৪ চনৰ ভিতৰত চলচ্চিত্ৰ কেইখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। অসমীয়া ভাষাৰ চলচ্চিত্ৰখন কলাত্মক হ'ব। হিন্দী ভাষাৰ চলচিত্ৰখন বাণিজ্যিক হ'ব আৰু ইংৰাজী ভাষাৰ চলচ্চিত্ৰ খন আন্তৰ্জাতিক মান সম্পন্নকৈ নিৰ্মাণ কৰা হ'ব। আমি তেওঁৰ কৰ্মৰাজি বিশ্বদৰবাৰত তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ।'লগতে কামৰূপা ক্রিয়েচনৰ উদ্যোগত মানৱদৰদী যোদ্ধা পদ্মশ্রী বীৰুবালা ৰাভাক  এখন সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, এথোপা ফুল, এটা স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি 

বীৰুবালা ৰাভাই কয়- মোৰ জীৱনৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ বিচৰা বাবে আনন্দিত হৈছোঁ। সকলো মানুহে কিবা লাভালাভৰ কথা চিন্তা কৰি সমাজৰ হিতৰ বাবে কাম নকৰে। বহুতে নিস্বাৰ্থভাৱে কাম কৰে।

 মানুহে কৰ্মৰ ফল লাভ কৰে। সমাজৰ 

কু-সংস্কাৰ ৰোধ কৰাৰ বাবে কাম কৰা সহজ নহয়। মই মৃত্যুৰ আগমুহূৰ্তলৈ অন্ধবিশ্বাস, কু-সংস্কাৰ বিৰুদ্ধে কাম কৰি যাম। অকলশৰীয়া মহিলা, বিধৱা মহিলা আদিক ডাইনী সজাই তেওঁলোকৰ সম্পত্তি দখল কৰাৰ বাবে একাংশই সমাজৰ ডাইনীৰ নামত নিৰীহ লোকক হত্যা কৰি আহিছে। আধুনিক যুগত ওজা, বেজ আদিৰ চিকিৎসা গ্ৰহণ নকৰিবলৈ আমি বাৰম্বাৰ ৰাইজক আহ্বান জনাই আহিছোঁ।' এই অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী চেতনা দাস, জ্যেষ্ঠ সাংবাদিক শিৱাণু বৰা উপস্থিত থাকে। বিশিষ্ট অভিনেত্ৰী চেতনা দাসে কয়-  কামৰূপা ক্ৰিয়েচনে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।মহিলা হৈ গৌৰৱ অনুভৱ কৰিছোঁ। সমাজৰ পৰা কু-সংস্কাৰ আঁতৰাবলৈ তেওঁ প্রয়াস অব্যাহত কৰিছে। ভাল কাম কৰাৰ বাবে তেওঁৰ গুণগত অৰ্হতা আছে। ভাল কাম কৰিবলৈ ঈশ্বৰে তেওঁক দুগুণ শক্তি দিয়ক। তেওঁৰ জয় জয় ময় ময় হওঁক। ' 

সভাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, জ্যেষ্ঠ সাংবাদিক শিৱাণু বৰাই কয়- কু-সংস্কাৰ,অন্ধবিশ্বাসৰ বিৰুদ্ধে বীৰুৱালা ৰাভাই সং গ্ৰাম অব্যাহত ৰাখক। কামৰূপা ক্ৰিয়েচনৰ এই প্ৰয়াসক শলাগ ললোঁ। তেওঁলোকে চলচ্চিত্ৰখনত শুদ্ধ তথ্য যাতে সন্নিবিষ্ট কৰে তাৰে আশা প্ৰকাশ কৰিলোঁ।'সাংবাদিক মানস প্ৰতীম বৰুৱাই আঁতধৰা সভাখনত বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *