গীতি কবিৰ গীত কৰ্মশালাৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 May 2022

গীতি কবিৰ গীত কৰ্মশালাৰ সামৰণি

 



W7s news গুৱাহাটী': মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ দ্বাৰা নৱগঠিত 'জোনাকী বাটেৰে' শীর্ষক সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত বিশ্ববিদ্যালয়ৰ সভাগৃহত ২৭ আৰু ২৮ মে'ত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাৰ বন্তি প্ৰজ্বলন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই। বিশ্ববিদ্যালয়খনৰ পৰিৱেশ্য কলা বিভাগৰ অধ্যাপক ড০ জগদীশ পাটগিৰি, বিশিষ্ট সংগীত শিল্পী জে পি দাস, সূৰ্য গোস্বামী,  বিশিষ্ট বেহেলা বাদক বিদ্যুৎ কুমাৰ মিশ্ৰ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে। সাংস্কৃতিক কর্মী নিৰোৎপল গোস্বামীয়ে আঁতধৰা শুভাৰম্ভ অনুষ্ঠানত গীতিকবি দুগৰাকীৰ দুই জীনাতি অৰুন্ধতী আগৰৱালা আৰু অৰুণিমা চলিহা উপস্থিত থাকে। এই দুদিনীয়া কৰ্মশালাত সমল ব্যক্তি হিচাপে বিশিষ্ট শিল্পী প্ৰণতি বৰুৱা, দিপলীনা ওজা দেৱী আৰু জয়ামণি ভৰালী উপস্থিত থাকে। বাদ্যত তেওঁলোকক সহযোগ কৰে শিল্পী নিলোৎপল গায়ন আৰু তুলতুল দাসে। প্ৰশিক্ষণকালত প্ৰশিক্ষাৰ্থী গীতিকবিৰ চাৰিটা গীতৰ লগতে 'পুজো আহা আই মাতৃ' গীতটো সংস্কৃত ভাষাত শিকোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here