অমৃত চিমেণ্টে প্ৰদান কৰিলে "তৃতীয় বুঢ়া (জামে) মছজিদ শান্তি বঁটা, ২০২২ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 2 May 2022

অমৃত চিমেণ্টে প্ৰদান কৰিলে "তৃতীয় বুঢ়া (জামে) মছজিদ শান্তি বঁটা, ২০২২

 








W7s news ষ্টাফৰিপোৰ্টাৰ : উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ চিমেণ্ট প্ৰস্তুতকাৰী প্ৰতিষ্ঠান অমৃত চিমেণ্টে আজি গুৱাহাটীৰ আটাইতকৈ পুৰণি মছজিদ বুঢ়া জামে মছজিদৰ উদ্যোগত ৩য় বুঢ়া (জামে) মছজিদ শান্তি বঁটা, ২০২২ প্ৰদান কৰে।

বুঢ়া (জামে) মছজিদ শান্তি বঁটা, আগশাৰীৰ ডিজিটেল মিডিয়া আউটলেট টাইম ৮-ৰ সহযোগত 2019 চনতে আৰম্ভ কৰা হৈছিল। প্ৰতিবছৰে এই বঁটা সমাজৰ উন্নতি আৰু ইতিবাচক পৰিৱৰ্তনত অৰিহণা যোগোৱা বিভিন্ন ক্ষেত্ৰৰ দহজন যোগ্য ব্যক্তিক প্ৰদান কৰা হয়। প্ৰতি বছৰে পবিত্ৰ ৰমজান মাহত বিভিন্ন সম্প্ৰদায় আৰু ধৰ্মৰ ব্যক্তিসকলৰ উপস্থিতিত এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়।

বুঢ়া (জামে) মছজিদৰ প্ৰাক্তন সভাপতি আনোৱাৰ হুছেইন, বুঢ়া (জামে) মছজিদৰ সভাপতি ৰেকিবুদ্দিন আহমেদ, বুঢ়া (জামে) মছজিদৰ সাধাৰণ সম্পাদক নিজামুল হক, টাইম৮ৰ সম্পাদক ৰিতুশ্মিন শৰ্মা আৰু অমৃত চিমেণ্টৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়।

তৃতীয় বুঢ়া (জামে) মছজিদ শান্তি বঁটা, ২০২২, শ্ৰী পাৰ্থসাৰথি মহন্ত, ড০ অমৰজ্যোতি চৌধুৰী, শ্ৰী দেৱশীষ শৰ্মা, ড০ চৈয়দ ইফতিকাৰ আহমেদ, শ্ৰী মজিবুৰ ৰহমান, শ্ৰী আব্দুৰ ৰব, শ্ৰী বিজয় চৌধুৰী, শ্ৰী ঋষিৰাজ চৌধুৰী, শ্ৰী ঋষিৰাজ শইকিয়া, খালছা চেণ্টাৰ, উত্তৰ-পূৱ আৰু মাৰোৱাৰী যুৱ মঞ্চক প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানৰ পিছত বিভিন্ন ক্ষেত্ৰৰ ৮০০ ৰো অধিক লোকৰ বাবে মছজিদ প্ৰাঙ্গনত এটা ইফতাৰ পাৰ্টিৰো আয়োজন কৰা হয়।এই প্ৰচেষ্টা সন্দৰ্ভত মন্তব্য কৰি অমৃত চিমেণ্টৰ পৰিচালন সঞ্চালক প্ৰদীপ বাগলাই কয়, "ৰমজান মাহটো এটা বিশেষ মাহ, কিয়নো ই সংহতি, ধ্যান আৰু আত্ম-পৰীক্ষাৰে সমৃদ্ধ হয়। ৰমজান হৈছে এক উৎসৱ, যি মুছলমান আৰু অন্যান্য ধৰ্মৰ লোকসকলক একত্ৰিত কৰে, যিয়ে শান্তি, স্থিৰতা আৰু সমৃদ্ধি বৃদ্ধি কৰিবলৈ সদা-প্ৰতিশ্ৰুতিবদ্ধ। এই সন্মানীয় বঁটা প্ৰদান অনুষ্ঠানটো ৰমজানৰ সেই আত্মাৰ উৎসৱ"। তেওঁ লগতে কয়, "অমৃত চিমেণ্ট পৰিয়ালে এনে মহৎ পদক্ষেপক সদায়েই উদগনি যোগায় কৰে, যিয়ে সমাজত ইতিবাচক পৰিৱৰ্তন আনিবলৈ মানুহক অক্লান্ত পৰিশ্ৰম অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে।"

ইফালে ৰেকিবুদিন আহমেদে এই মহৎ পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি কয়, "যিসকল ব্যক্তিৰ জীৱনে আনৰ বাবে জীয়াই থকাৰ আদৰ্শৰ উদাহৰণ দিয়ে, আৰু যিসকলে বিশ্বজনীন ভাতৃত্ববোধ, আন্তঃধৰ্মীয় সহযোগিতা, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰীতি আৰু শান্তিৰ সংস্কৃতি স্থাপনৰ বাবে নিজকে সমৰ্পিত কৰে, তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ এনে এক সন্মানীয় প্ৰচেষ্টাৰ অংশ হিচাপে মই সন্মানিত।

খালচা চেণ্টাৰ, উত্তৰ-পূব আৰু মাৰোৱাৰী যুৱ মঞ্চৰ সদস্যসকলে আয়োজক আৰু মছজিদ সমিতিৰ বদান্যতাত আপ্লুত হোৱাৰ লগতে বুঢ়া (জামে) মছজিদ শান্তি বঁটাৰ যোগেদি প্ৰদৰ্শন কৰা ধৰ্মনিৰপেক্ষতাক প্ৰশংসা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here