গুৱাহাটী মিডিয়া ট্ৰাষ্ট, অসমত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 1 May 2022

গুৱাহাটী মিডিয়া ট্ৰাষ্ট, অসমত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ

 


উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো জনগোষ্ঠীৰ

অনুপ্ৰেৰণাঃ ৰমণী বৰ্মণ 



W7s news ষ্টাফৰিপোৰ্টাৰ: বডোফা  উপেন্দ্ৰনাথ ব্ৰহ্ম আছিল বড়ো জনগোষ্ঠীৰ অনুপ্ৰেৰণা। বড়ো জনগোষ্ঠীৰ উণ্ণয়নৰ বাবে জীৱন জোৰা সাধনাৰে যি  অৱদান এৰি থৈ  গ'ল সেয়া আজিৰ বড়ো যুৱকৰ বাবে তথা বড়ো জনগোষ্ঠীৰ বাবে অনুপ্ৰেৰণা। যিকোনো্ অধিপত্যৰ  বিৰুদ্ধে স্বাধীন চিন্তা চৰ্চা প্ৰাপ্তিৰ হকে জীৱনযোৰা সংগ্ৰাম কৰি এক আত্মত্যাগৰ উদাহৰণ  হ'ল উপেন্দ্ৰনাথ ব্ৰহ্ম।সে‌য়ে তেওঁৰ জীৱন বীক্ষা অনুধাৱন কৰাটোৱেই হ'ল আজিৰ দিনটোত মূল কথা। দেওবাৰে গুৱাহাটীৰ ৰূপনগৰত  অৱস্থিত মিডিয়া ট্টাষ্ট অসমৰ সভাগঘৰত দ্যা আসাম ট্ৰিবিউন কাকতৰ সম্পাদক তথা মিডিয়া ট্ৰাষ্ট অসমৰ 

সভাপতি  প্ৰশান্ত জ্যোতি  বৰুৱাৰ সভাপতিত্বত অনূষ্টিত বডোফাৰ স্মৃতিচাৰণ  সভাৰ বক্তব্যত কাৰ্যবাহী ট্ৰাষ্টী ৰমণী বৰ্মনে এনেদৰে কয়। সভাত  দিনটোৰ তাৎপৰ্যৰ ওপৰত ভাষণৰাখি ট্ৰাষ্টী দিলীপ শৰ্মা ই  বডোফাৰ জনপ্ৰিয়তাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন আৰু সাফল্যৰ ওপৰত বহলাই ব্যাখ্যা কৰে ট্ৰাষ্টী নিৰ্মল কুমাৰ ৰায়ে। অনুষ্ঠানত কাৰ্বি আংলঙৰ সাংবাদিক কানবুৰা চিগনাৰ, দ্যা বিলত টাইম কাকতৰ সাংবাদিক নীলমণি বৰাইও বডোফাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মিডিয়া ট্ৰাষ্ট অসমে লোৱা কাৰ্যসূচীৰ শলাগ লয় ৷স্মৃতিচাৰণ সভাৰ সভাপতিৰ ভাষণত  ট্ৰাষ্টৰ সভাপতি  প্ৰশান্ত জ্যোতি বৰুৱাই স্মৃতিচাৰণ সভাৰ তাৎপৰ্যপূৰ্ণ বক্তব্যৰ লগতে তেওঁৰ বডোফাৰ জীৱনৰ শেষ দিনত পোৱা মনোজ্ঞ  আলোচনা আগবঢ়ায়। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩২ সংখ্যক মৃত্যু দিৱসৰ কাৰ্যসূচী অনুসৰি  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন.কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জ্যেষ্ঠ ট্ৰাষ্ট্ৰী তৰুণ শইকীয়াই ৷ বন্তি প্ৰজ্বলন কৰে ৰূপনগৰৰ বিশিষ্ট নাগৰিক ফণী ভূষণ দাসে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে মিজিয়া ট্ৰাষ্ট, অসমৰ সভাপতি প্ৰশান্তজ্যোতি বৰুৱাই ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মিডিয়া ট্ৰাষ্ট, অসমৰ কেবাগৰাকী ট্ৰাষ্ট্ৰী আৰু স্থানীয় লোকে অংশ গ্ৰহণ কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here