ৰব’টিক ছাৰ্জনৰ ছ’চাইটি গঠন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 30 April 2022

ৰব’টিক ছাৰ্জনৰ ছ’চাইটি গঠন

 


অসমীয়া ছাৰ্জনে নেতৃত্ব দিব ৰব’টিক ছাৰ্জনৰ ছ’চাইটিক




W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীত অসম চৰকাৰৰ পৰিবহন, সংসদীয় পৰিক্ৰমা, দক্ষতা বিকাশ আৰু উদ্যমিতা, উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে শনিবাৰে আনুষ্ঠানিকভাৱে  মুকলি কৰে এ আৰ আই এছ “দা এছ’চিয়েচন অব দা ৰব’টিক এণ্ড ইন’ভেটিভ ছাৰ্জনছ” । এই মুকলি অনুষ্ঠানত সন্মানীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে প্ৰখ্যাত ৰব’টিক ছাৰ্জন ডাঃ সুভাষ খান্না ।  সৰ্বসন্মতিক্ৰমে এই এছ’চিয়েচনৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হয় ডাঃ সুভাষ খান্নাক আৰু ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিকিৎসকক প্ৰতিষ্ঠাপক সদস্য হিচাপে ছ’চাইটিত অন্তৰ্ভুক্ত কৰা হয় ।

এ আৰ আই এছ - দা এছ’চিয়েচন অব দা ৰব’টিক এণ্ড ইন’ভেটিভ ছাৰ্জনছ হৈছে ভাৰতৰ নিজা প্ৰথমটো ৰব’টিক  ছাৰ্জনৰ সংঘ ।  সম্ভৱতঃ এইটোৱেই হৈছে গুৱাহাটীত মুখ্য কাৰ্যালয় থকা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য ৰক্ষাৰ পেছাদাৰীসকলৰ সংঘ । স্বাস্থ্য ৰক্ষাৰ গন্তব্যস্থল হিচাপে বিশ্বৰ মানচিত্ৰত খোদিত হৈছে গুৱাহাটী আৰু উত্তৰ পূৰ্বাঞ্চল । এক ইউৰোপিয়ান এছ’চিয়েচনে  ইয়াৰ সৈতে সহযোগিতা স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাটো সঁচাকৈয়ে এক ঐতিহাসিক মুহূৰ্ত ।বিশ্বজুৰি ছাৰ্জাৰীৰ নতুন ভৱিষ্যৎ হৈছে ৰব’টিক  ছাৰ্জাৰী । শেহতীয়া অত্যাধুনিক সৰঞ্জাম আৰু ছাৰ্জিকেল কৌশলে ন্যূনতম আক্ৰমণাত্মক ছাৰ্জাৰীক জনপ্ৰিয় কৰি তুলিছে আৰু ছাৰ্জাৰীৰ বিভিন্ন ক্ষেত্ৰত আটাইতকৈ কাৰ্যকৰী কৌশল হিচাপে পৰিগণিত হৈছে । অতি সোনকালে সুস্থ হৈ উঠাকে ধৰি অস্ত্ৰোপচাৰৰ পিচত সংক্ৰমণৰ কম সম্ভাৱনা, বিষ উপশম হোৱা, অস্ত্ৰোপচাৰৰ পিচত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, কছমেটিক ফলাফলকে ধৰি ষ্টেণ্ডাৰ্ড ছাৰ্জিকেল পদ্ধতিত ইয়াৰ বিভিন্ন লাভজনক দিশ দেখিবলৈ পোৱা যায় ।এই এছ’চিয়েচনে  ৰব’টিকছ , ছাৰ্জিকেল দক্ষতা আৰু নতুন আৰু উদ্ভাৱনী পদ্ধতি আৰু প্ৰট’কলসমূহত একাডেমিক আৰু বৈজ্ঞানিক কাৰ্যপ্ৰণালীক প্ৰচাৰ কৰে  । ৰব’টিকছ ছাৰ্জিকেল দক্ষতা, নতুন আৰু উদ্ভাৱনী  পদ্ধতি আৰু প্ৰট’কলসমূহত‌‌‌ চিকিৎসা গৱেষণাক অনুপ্ৰাণিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে । চিকিৎসা শিক্ষা প্ৰগ্ৰেম, প্ৰশিক্ষণ প্ৰগ্ৰেম, ছেমিনাৰ,   আলোচনাচক্ৰ, বৈঠক আৰু সন্মিলনৰ জৰিয়তে জ্ঞান আৰু দক্ষতা বিকাশৰ কৌশল আগবঢ়োৱা হ’ব । ৰব’টিক  ছাৰ্জাৰীৰ বিষয়ে জ্ঞান আৰু দক্ষতাৰ কৌশল আগবঢ়াবলৈ এই এছ’চিয়েচনে বৈজ্ঞানিক কাকত, প্ৰচাৰ পত্ৰিকা, মনোগ্ৰাফ আৰু পাঠ্যপুথি প্ৰকাশ কৰিব ।মুকলি অনুষ্ঠানত উপস্থিত মিডিয়া আৰু ২০০ তকৈ অধিক প্ৰতিনিধিক উদ্দেশ্যি সন্মানীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰতিষ্ঠাপক সদস্যসকলক অভিনন্দন জ্ঞাপন কৰে । তেওঁ লগতে কয়, “আমি এছ’চিয়েচনৰ প্ৰচেষ্টাক সন্মান জনাইছোঁ আৰু গুৱাহাটীত এই ছ'চাইটি মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰতিষ্ঠাপক সদস্যসকলক ধন্যবাদ জনাইছোঁ ।  স্বাস্থ্য ৰক্ষাৰ আন্তঃগাথঁনি উন্নত কৰিবলৈ অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু আমাৰ বিশ্বাস যে অচিৰে  দেশৰ শীৰ্ষ ১০ খন স্বাস্থ্য ৰক্ষাৰ পৰ্যটন গন্তব্যস্থলৰ ভিতৰত স্থান লাভ কৰিব গুৱাহাটীয়ে । আমি লগতে প্ৰত্যক্ষ কৰিছো যে ৰব’টিকছৰ লগতে আন অত্যাধুনিক পদ্ধতিৰ চিকিৎসাৰ বাবে গুৱাহাটীৰ ওপৰত নিৰ্ভৰশীল আমাৰ চুবুৰীয়া ৰাজ্যসমূহ । এনে ক্ষেত্ৰত আমাৰ সকলোৰে বাবে স্বাভাৱিকতে এয়া এক গৌৰৱৰ মুহূৰ্ত আৰু বহু বছৰৰেপৰাই আমাৰ পৰিচিত ডাঃ খান্নাই এই এছ’চিয়েচনৰ  সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাত আমি নথৈ আনন্দিত হৈছোঁ । আমাৰ দৃঢ় বিশ্বাস যে ডাঃ খান্নাই এই এছ’চিয়েচন  আৰু ৰব’টিক  বিজ্ঞানক এক নতুন শিখৰলৈ উন্নীত কৰিব আৰু সামগ্ৰিকভাৱে আমাৰ জনসাধাৰণক উন্নত মানৰ স্বাস্থ্য ৰক্ষাৰ সেৱা আগবঢ়াব ।“আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিসহ এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে আই আই টিৰ সঞ্চালক অধ্যাপক শ্ৰী টি জি সীতাৰমন আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামী ।এই এছ’চিয়েচন গঠন সন্দৰ্ভত এ আৰ আই এছৰ সভাপতি ডাঃ সুভাষ খান্নাই কয়, “ভাৰতত বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ বহু ছাৰ্জন আৰু স্বাস্থ্য ৰক্ষাৰ পেছাদাৰী আছে আৰু এতিয়া সমগ্ৰ বিশ্বই ভাৰতত সম্ভৱ হৈ উঠা প্ৰশংসনীয় ছাৰ্জাৰী, চিকিৎসা, পদ্ধতি আৰু কামৰ মাত্ৰাক স্বীকৃতি প্ৰদান কৰা উচিত । ইতিহাসত  সম্ভৱতঃ এই প্ৰথমবাৰলৈ বহু আন্তঃৰাষ্ট্ৰীয় এছ’চিয়েচনে ৰব’টিকছত  ছাৰ্জনসকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ ভাৰতীয় এছ’চিয়েচনৰ সৈতে সহযোগিতা স্থাপন কৰাত আগ্ৰহ প্ৰকাশ কৰিছে । এই কথা সকলোৰে জ্ঞাত যে ৰব’টিকছ ছাৰ্জাৰীয়ে হৈছে ছাৰ্জাৰীৰ ভৱিষ্যৎ আৰু এনে ক্ষেত্ৰত  ৰব’টিকছৰ প্ৰতি আমাৰ সহকৰ্মী আৰু যুৱ ছাৰ্জনসকলৰ আগ্ৰহ দেখা পাই মই অভিভূত হৈ পৰিছো । সাংবাদিকক উদ্দেশ্যি ডাঃ খান্নাই কয় যে দেশত মাত্ৰ ১০০ টা ছাৰ্জিকেল ৰব’ট আছে । ইয়াৰ বিপৰীতে বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, মালয়েছিয়াত এনে ৰব’টৰ কোনো সুবিধা  নাই । এনেবোৰ দেশৰ সদস্যসকলো এই ছ’চাইটিৰ  সদস্য হিচাপে অন্তৰ্ভুক্ত হ’ব পাৰিব ।“

সাংবাদিকৰ সৈতে মত বিনিময় কৰি এ আৰ আই এছৰ সম্পাদক ডাঃ বিবেক বিন্দালে কয়, “অসম চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা স্বাস্থ্য ৰক্ষাৰ বিভিন্ন প্ৰগতিশীল পদক্ষেপক আমি সন্মান জনাইছোঁ আৰু অসমৰ জনসাধাৰণৰ বাবে উন্নত স্বাস্থ্য ৰক্ষাৰ পদ্ধতি আগবঢ়োৱাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিক পুনৰাবৃত্তি কৰি আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকাৰ বাবে  সন্মানীয় মন্ত্ৰীগৰাকীক অশেষ ধন্যবাদ জনাইছোঁ । আমি ই চিৰ সদস্যসকলে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত এনে আন বহু পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হৈছোঁ ।“উল্লেখযোগ্য যে বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক ৰব’টিক  ছাৰ্জাৰী কৰা শীৰ্ষ ৩ খন দেশৰ ভিতৰত অন্যতম হৈছে ভাৰত ।

এছ’চিয়েচনৰ  প্ৰতিষ্ঠাপক সদস্যসকল হৈছে বিভিন্ন প্ৰান্তৰ অগ্ৰণী কৰ্প’ৰেট  হাস্পতালসমূহক প্ৰতিনিধিত্ব কৰা প্ৰখ্যাত ছাৰ্জন আৰু এই সকলো ছাৰ্জনেই ভাৰতত সামগ্ৰিকভাৱে ৫০০০ ৰব’টিক ছাৰ্জাৰী কৰাৰ অভিজ্ঞতাৰে পুষ্ট । বিশ্বজুৰি বিভিন্ন ছাৰ্জিকেল স্পেচিয়েলটিজত ৰব’টিকছ-সহায়ক ছাৰ্জাৰীয়ে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু বহু প্ৰতিষ্ঠানে সাধাৰণ ছাৰ্জাৰী, ইউৰ’লজিকেল, মূৰ আৰু ডিঙি, স্ত্ৰীৰোগ সম্বন্ধীয় আৰু নিউৰ'ল'জিকেল ছাৰ্জাৰীত প্ৰয়োগৰ বাবে মেডিকেল ৰব’টিক প্ৰযুক্তিত বিনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰিছে । উন্নত আৰু তুলনামূলক ফলাফল আগঢ়োৱাত প্ৰমাণিত হৈছে এই নতুন আৰু আকৰ্ষণীয় প্ৰযুক্তি আৰু পৰম্পৰাগত ছাৰ্জিকেল পদ্ধতিৰ তুলনাত দীৰ্ঘকালীন সময়ছোৱাত এই প্ৰযুক্তি যথেষ্ট ব্যয় ৰাহিকাৰক হিচাপে বিবেচিত হ’ব ।

এই ক্ষেত্ৰখনক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আৰু সজাগতা সৃষ্টিৰ লগতে ৰব’টিকছ, ছাৰ্জিকেল দক্ষতা, নতুন আৰু উদ্ভাৱনী পদ্ধতি আৰু প্ৰট’কল ক্ষেত্ৰত শিক্ষাগত গৱেষণা অব্যাহত ৰাখিবলৈ আৰু বিশ্বজুৰি ছাৰ্জিকেল প্ৰযুক্তিৰ এই সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰখনৰ ব্যাপক  সুবিধা প্ৰদানৰ উদ্দেশ্যেৰে  প্ৰতিষ্ঠাপকসকলে এই ছ'চাইটি গঠনৰ সিদ্ধান্ত লয় । ছ’চাইটিৰ  মুকলিৰ স্মৃতিক স্মৰণীয় কৰি ৰাখিবলৈ এই এছ’চিয়েচনৰ প্ৰথমখন সন্মিলন আজি আৰু কাইলৈ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত কৰা হ’ব । এই সন্মিলনত অংশগ্ৰহণ কৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছুসংখ্যক শ্ৰেষ্ঠ বক্তাৰ সৈতে ২০০ তকৈ অধিক বিশিষ্ট ব্যক্তি ।মুকলি অনুষ্ঠানত দিনজোৰা আলোচনাচক্ৰ তথা সন্মিলনৰ আয়োজন কৰা হয়, য'ত বিশেষজ্ঞ ছাৰ্জনসকলে মানৱ শৰীৰৰ বিভিন্ন অংশ আৰু অংগত বিভিন্ন কৌশল আৰু এই ছাৰ্জিকেল উদ্ভাৱনৰ উপকাৰিতাৰ বিষয়ে বক্তৃতা প্ৰদান কৰে । “এম্পাৱাৰিং হিলাৰ্ছ উইথ টেকন’ল’জী” শীৰ্ষক থীমেৰে আয়োজন কৰা এই সন্মিলনত অধিকাংশ ফেকাল্টি বক্তাই শিশুৰ ক্ষেত্ৰত  পেডিয়েট্ৰিক ছাৰ্জাৰীৰ বাবে, কেন্সাৰ, সাধাৰণ ছাৰ্জাৰী, মূৰ আৰু ডিঙি, লিভাৰ, প্লীহা, বৃহদান্ত্ৰ, মহিলাৰ অংগত কেনেদৰে ৰব'ট ব্যৱহাৰ কৰিব পাৰি, সেই সম্পৰ্কে কিছুমান আশ্চৰ্যকৰ বক্তৃতা প্ৰদান কৰে আৰু লগতে মুখৰ ভিতৰত হনু নকটাকৈয়ে ছাৰ্জাৰী কৰাত ৰব’টিক ছাৰ্জাৰীয়ে কেনেদৰে সহায় কৰিব পাৰে সেই সম্পৰ্কেও কিছু কথা জানিবলৈ দিয়ে ।

সভাপতি ডাঃ খান্না আৰু সম্পাদক ডাঃ বিবেক বিন্দালে পৰৱৰ্তী সন্মিলনৰ বিষয়ে সবিশেষ ঘোষণা কৰে আৰু অংশগ্ৰহণকাৰীসকলক বৈদেশিক নিৰীক্ষণ আৰু মৃতদেহত প্ৰশিক্ষণৰ বাবে আহ্বান জনায় । লক্ষণীয় যে এয়াই হৈছে গুৱাহাটীত মুখ্য কাৰ্যালয় থকা উত্তৰ পূৱ ভাৰতৰ পৰা গঠিত প্ৰথমটো ভাৰতীয় আৰু গ্লবেল ছ'চাইটি ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here