অসমীয়া কমেডি 'লোকেল উৎপাত'ৰ ট্ৰেইলাৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 8 April 2022

অসমীয়া কমেডি 'লোকেল উৎপাত'ৰ ট্ৰেইলাৰ মুকলি

 


  ১৩ মে'ত মুক্তি পাব 

'লোকেল উৎপাত'ৰ



W7s news ষ্টাফৰিপোৰ্টাৰ: কাল্ট-ক্লাছিক চলচ্চিত্ৰ 'লোকেল কুং ফু' আৰু ইউটিউব চেনেল 'হেভি বাজেট'ৰ আঁৰৰ দলটোৱে ১৩ মে'ত তেওঁলোকৰ বহু প্ৰত্যাশিত কমেডি চলচিত্ৰ 'লোকেল উৎপাত' মুক্তি দিবলৈ সাজু হৈছে। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত 'লোকেল উৎপাত'ৰ ট্ৰেইলাৰ মুকলি কৰা হয়। কেনি বসুমতাৰীৰ দ্বাৰা লিখিত, সম্পাদিত আৰু পৰিচালিত, 'লোকেল উৎপাত' হৈছে 'লোকেল কুং ফু' আৰু 'হেভি বাজেট' দলৰ চতুৰ্থখন চলচ্চিত্ৰ। চলচ্চিত্ৰখনত বনি দেউৰী, পুনম গুৰুং, জনি দেউৰী, মণ্টু দেউৰী, কেনি বসুমতাৰী, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, টনি দেউৰী বসুমতাৰী, হিমাংশু গগৈ, কৌশিক নাথ, মৃগেন্দ্ৰ কোঁৱৰ, বিভূতি ভূষণ হাজৰিকা আৰু যথাৰ্থ অগ্নিহোত্ৰীয়ে অভিনয় কৰিছে।এই ছবিত সুৰুজ ডেকাই আকৌ এবাৰ কেমেৰাৰ দায়িত্ব চম্ভালিছে, বেকগ্ৰাউণ্ড সংগীতৰ দায়িত্ব লৈছে অসাধাৰণ বেচিষ্ট আকাশদীপ গগৈয়ে, চলচ্চিত্ৰ নিৰ্মাতা ধ্ৰুৱ জে বৰদলৈয়ে কালাৰ গ্ৰেডিং কৰিছে, আৰু চাউণ্ডট্ৰেকটোত উৎকল হাজোৱাৰী, বৰ্ণালী দেউৰী, গীত ভৈৰব আৰু কুল-ডিৰ গীত আছে। ১৩ মে'ত অসম আৰু অন্যান্য ঠাইৰ ছবিগৃহত মুক্তিৰ বাবে সাজু এই ছবিখন।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here