ৱল্ডেজ হোম আৰু চাইল্ড কেয়াৰ হোমত ব'হাগ বিহুৰ আনন্দ বিলালে টপচেম চিমেণ্টে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 8 April 2022

ৱল্ডেজ হোম আৰু চাইল্ড কেয়াৰ হোমত ব'হাগ বিহুৰ আনন্দ বিলালে টপচেম চিমেণ্টে

 




W7s News ষ্টাফৰিপোৰ্টাৰ: টপচেম চিমেণ্টে "টপচেম ৰঙালী বিহু উদযাপন ২০২২" শীৰ্ষক এক অনুষ্ঠান আয়োজনৰে ৱল্ডেজ হোম,চাইল্ড কেয়াৰ হোম আৰু বিভিন্ন প্ৰতিষ্ঠানৰ বিশেষভাৱে সক্ষম শিশুৰ সৈতে ব'হাগ বিহু উদযাপন কৰিবলৈ লৈছে। বসন্তৰ আগমনৰ উমান দিয়া ব'হাগ বিহু এক জনপ্ৰিয় আনন্দৰ উৎসৱ, যাক ৰঙালী বিহু বুলিও জনা যায়। এই সময়ৰ লগত সংগতি ৰাখি এই বছৰো টপচেম চিমেণ্টে ব'হাগ বিহুৰ উল্লাস বঢ়াবলৈ নিজকে সাজু কৰিছে। তেওঁলোকে ৱল্ডেজ হোম,চাইল্ড কেয়াৰ হোমৰ শিশু আৰু বিভিন্ন প্ৰতিষ্ঠানৰ বিশেষভাৱে সক্ষম শিশুৰ সৈতে বাৰ্ষিক বহাগ বিহু উদযাপনৰ কাৰ্যসূচী হাতত লৈছে। এই সন্দৰ্ভত সবিশেষ বাখ্যা আগবঢ়াই মেঘালয় চিমেণ্ট লিমিটেডৰ চেলছ এণ্ড মাৰ্কেটিঙৰ অধ্যক্ষ ডঃ অনিল কাপুৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত কয় "টপচেমে সমাজৰ বিকাশৰ বাবে সদায় বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে আৰু অদূৰ ভৱিষ্যতে এনে কৰা অব্যাহত ৰাখিব। বিশেষভাৱে সক্ষম শিশু, ৱল্ডেজ হোম আৰু চাইল্ড কেয়াৰ হোমবোৰৰ আবাসীসকল সদায়ে টপচেম চিমেণ্টৰ বিভিন্ন কাৰ্যকলাপৰ এক মূল্যৱান অংশ হৈ আহিছে। তেওঁলোকৰ সৈতে ৰঙালী বিহু উদযাপন কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।"টপচেম ৰঙালী বিহু উদযাপন ২০২২"ৰ আৰম্ভণি ৮ এপ্ৰিলৰ পৰা হৈছে, অৰ্থাৎ আজি ইয়াৰ লগত সংগতি ৰাখি প্ৰমোদ তালুকদাৰ মেম'ৰিয়েল ৱল্ডেজ হোমত বিহু উদযাপন কৰা হয়। য'ত তাৰ আবাসীসকলৰ মাজত উপহাৰ, বিহুৰ  সুস্বাদু খাদ্য – পিঠা, লড়ু ইত্যাদি বিতৰণ কৰা হয়। লগতে বিহু নৃত্যও পৰিবেশন কৰা হয়। একে ধৰণৰ কাৰ্যকলাপ হ'ব গুৱাহাটীৰ শিশু সাৰথি, গুৱাহাটীৰ অমোয়া চলিহালয়- ল'ৰাৰ বাবে মুকলি আশ্ৰয়,  গুৱাহাটীৰ আমাৰ ঘৰ, সোণাপুৰৰ সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰম, গুৱাহাটীৰ কল্যাণী নিৱাস কন্যা শিশু গৃহ, গুৱাহাটীৰ চেনেহ আৰু আশাদীপ পুনৰ্সংস্থাপন কেন্দ্ৰত। চাৰিদিনীয়া এই কাৰ্যসূচীৰ অংশৰূপে কামৰূপ (মহানগৰ) আৰু কামৰূপত বহাগ বিহু উদযাপন কৰা হ'ব। নিয়মীয়া বাৰ্ষিক কাৰ্যকলাপৰ সৈতে টপচেম চিমেণ্টে এই বছৰ আৰু এটা কাৰ্যকলাপ যোগ দিছে, যাৰ থীম হৈছে "FLOWER PLANTS FOR THE OLD AGE HOMES Child Care Homes – ENHANCING THE LIVES OF SENIORS and INMATES"। এই উদ্যোগৰ অধীনত টপচেম চিমেণ্টে অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানবোৰত ফুলৰ ক্ষেত্ৰ এটা বিকশিত কৰাৰ বাবে ফুলৰ পাত্ৰ দান কৰাৰ পদক্ষেপ লৈছে। ইয়াৰ কাৰণ হৈছে ফুলৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিব আৰু জীৱনলৈ ধৈৰ্য্য আৰু প্ৰফুল্লতা আনিব। ফুলে মেজাজ বৃদ্ধি কৰাত সহায় কৰে আৰু হতাশাৰ লগতে নিম্ন স্তৰৰ উদ্বেগৰ সৈতে যুঁজ দিয়াত সহায় কৰে। বিহুৰ কাৰ্যকলাপবোৰ ১২ এপ্ৰিলত সমাপ্ত হ'ব।


২০১০ চনৰ পৰা প্ৰতি বছৰে টপচেম চিমেণ্টে ৱল্ডেজ হোম, অনাথ আশ্ৰম, মানসিক স্বাস্থ্য গৃহ আৰু বিশেষভাৱে সক্ষম শিশুৰ মাজত ব'হাগ বিহু উৎসৱৰ আনন্দ বিলাই আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here