গুৱাহাটী প্ৰেছ ক্লাৱত সংযুক্ত বড়ো গণ মঞ্চৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 8 April 2022

গুৱাহাটী প্ৰেছ ক্লাৱত সংযুক্ত বড়ো গণ মঞ্চৰ সংবাদমেল

 


চৰকাৰক ১৩ দফীয়া দাবী পূৰণৰ আহ্বান


বিটিচিৰ বাহিৰৰ বড়ো জনগণৰ ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক, শৈক্ষিক আদি দিশৰ সুৰক্ষা, নিৰাপত্তা আৰু উন্নয়নৰ বাবে তৃতীয় বড়ো শান্তি চুক্তিৰ দফা সমূহ তৎকালীনভাৱে ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণৰ দাবী 




W7s News ষ্টাফৰিপোৰ্টাৰ:  দীৰ্ঘদিনীয়া দাবী আৰু আন্দোলনৰ ফলশ্ৰুতিত ২০২০ চনৰ ২৭ জানুৱাৰীত সংযুক্ত বড়ো গণ মঞ্চ (ইউবিপিঅ) , এবছু, এনডিএফবিৰ চাৰিটা গোটৰ মাজত সম্পাদনা হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ দফা সঠিকভাৱে ৰূপায়ন কৰাৰ দাবী জনাইছে সংযুক্ত বড়ো গণ মঞ্চই(ইউ বি পি অ')। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে  কয়  "বিটিএডি এলেকাত তৃতীয় বড়ো শান্তি চুক্তিৰ কিছুসংখ্যক দফা খৰকটীয়াকৈ ৰূপায়ন কৰিছে যদিও বিটিএডিৰ বাহিৰৰ ২২ খন জিলাত বসবাস কৰা ১০ লাখ বড়ো জনগণৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি দিশৰ সুৰক্ষা, নিৰাপত্তা আৰু উন্নয়নৰ বাবে চুক্তি সন্নিবিষ্ট অধিকাংশ দফা কাৰ্য্যকৰী হোৱা নাই।  চুক্তিৰ ৫.১ দফা অনুসৰি, নৱগঠিত পৰিষদখনৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু উন্নয়নৰ আঁচনি ৰূপায়নৰ বাবে শকত পৰিমাণৰ বিশেষ পুঁজি আৱন্টনৰ ব্যৱস্থা কৰাৰ বাবে, চুক্তিৰ ৫.২ দফা অনুসৰি বিটিএডিৰ বাহিৰৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত বসবাস কৰা বড়ো জনগণৰ উন্নয়নৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা,  চুক্তিৰ ৬.৪ দফা অনুসৰি উন্নত আন্তঃগাঁথনি নিৰ্মাণ, বিষয়া, কৰ্মচাৰী নিয়োগ আৰু অন্যান্য যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ইয়াক কাৰ্যক্ষম কৰা,চুক্তিৰ ৫.৩ অনুসৰি, বৰাক উপত্যকাত বসবাস কৰা ৰিয়াং-ব্ৰু জনজাতীয় লোকৰ বাবে বন আইন-২০০৬ ৰ অধীনত ভূমিৰ অধিকাৰ প্ৰদানত চৰকাৰে দৃষ্টি নিক্ষেপ  কৰা,চুক্তিৰ ৬.২ অনুসৰি বড়ো ভাষাক অসমৰ সকলো চৰকাৰী কাৰ্যালয়ত সহযোগী ভাষা হিচাপে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত তৎকালে কাৰ্যকৰী কৰা, যোৱা বিধানসভাৰ নির্বাচনী প্রতিশ্রুতি অনুসৰি অসম চৰকাৰৰ বিভিন্ন নিকায়, নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ পদত বিটিচিৰ বাহিৰৰ বড়ো পোকক নিযুক্তি দিয়াৰ কথা আছিল যদিও চৰকাৰে বিষয়টো আওকাণ কৰি আহিছে। এনে ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনালোৱা। লগতে বড়ো শান্তি চুক্তি ৰূপায়ণ আৰু বিটিচিৰ বাহিৰৰ বড়োসকলৰ সমস্যাৰ ওপৰত প্ৰতিটো আলোচনাড সংযুক্ত বড়ো গনময় (ইউ, বি, সিঅ) ক জড়িত কৰা আদি ১৩ দফীয়া দাবী পূৰণৰ বাবে চৰকাৰক আহ্বান জনালোঁ। আমি তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰকাৰী সংগঠন হিচাপে সংযুক্ত বড়ো গণ মঞ্চই বিটিচিৰ বাহিৰৰ বড়ো জনগণৰ ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক, শৈক্ষিক আদি দিশৰ সুৰক্ষা, নিৰাপত্তা আৰু উন্নয়নৰ বাবে তৃতীয় বড়ো শান্তি চুক্তিৰ দফা সমূহ তৎকালীনভাৱে ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক দাবী জনাইছোঁ।' সংবাদ মেলত মঞ্চৰ সহকাৰী সম্পাদক অমিত কুমাৰ বসুমতাৰীৰ লগতে মঞ্চৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here