গুৱাহাটী প্ৰেছ ক্লাৱত ড০ হৰেন দাসৰ জীৱনৰ ছাঁ-পোহৰ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 3 April 2022

গুৱাহাটী প্ৰেছ ক্লাৱত ড০ হৰেন দাসৰ জীৱনৰ ছাঁ-পোহৰ উন্মোচন

 





W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে শিক্ষাবিদ, আইনজীৱী, ৰাজনীতিবিদ ড০ হৰেন দাসৰ জীৱনৰ ছাঁ-পোহৰ উন্মোচন কৰা হয়। বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইয়ে গ্ৰন্থখন উন্মোচন কৰি কয়-অসমৰ ৰাজনীতিত ড০ হৰেন দাসে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। কেৱল টেলিভিছনত দপদপাই থকা নহয় তেওঁ সংযত, নীৰৱ আৰু শৃংখলবদ্ধতাৰে কাম কৰিছিল। আইনৰ বিশেষ দখল থকা দাস বাৰ কাউঞ্চিলৰ সদস্য হোৱা ডাঙৰ কৃতিত্ব। তেওঁ প্ৰেছ কাউঞ্চিলৰো সদস্য আছিল। অৱশ্যে এতিয়া প্ৰেছ কাউঞ্চিলৰ পূৰ্বৰ গৌৰৱ নাই।  তেওঁৰ ভাবমূৰ্তি দুৰ্নীতিৰ কণ্ঠস্বৰে মলিন কৰিব পৰা নাই। আইনজ্ঞ, সমাজ সচেতন নাগৰিক হিচাপে তেওঁ বিভিন্ন সময়ত বিভিন্ন বিষয়ত লিখা মেলা কৰিছে। তেওঁ এজন অসম প্ৰেমী, সৎ নাগৰিক। আজিকালি টকাৰ বাবেহে ৰাজনীতি কৰে। ৰাইজৰ সেৱাতকৈ নিজৰ সেৱা অধিক কৰে। এই গ্ৰন্থখন তেওঁৰ সুদীৰ্ঘ জীৱনৰ ঘটনাৰাজিৰ ইতিবৃত্ত। এইখন গ্ৰন্থৰ জৰিয়তে ৰাজনীতিৰ লগতে নানা কথা জনা যাব। শান্ত গুৱাহাটীখন কেনেকৈ সমস্যা জৰ্জৰ গুৱাহাটীলৈ পৰিৱৰ্ত্তন হ'ল সেই কথাও জনা যাব। এইখন গ্ৰন্থই আমাৰ  জীৱনৰ 

সঠিক পথ নিৰ্ধাৰণ কৰাত সহায় কৰিব।  তেওঁৰ সু-স্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ।'  সভাত সমজুৱাৰ তৰফৰ পৰা  ৰাতুল কুমাৰ বৰুৱা, ড০ অসমী গগৈ, মেহদি আলম বৰা আদিয়ে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। 'আমাৰ অসম'ৰ জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞাই আঁতধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ড০ সোণালী বুঢ়াগোহাঁইয়ে। স্বস্তিকা প্ৰিয়ম প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ লেখক ড০ হৰেন দাসে জীৱনৰ অভিজ্ঞতা  বিষয়ক গ্ৰন্থখনৰ বিষয়ে চমুকৈ কয়। সভাত লেখকৰ পত্নী দীপালী দাস প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here