মৌচুমী কন্দলীৰ 'দা ব্লেক মেজিক ৱমেন' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 3 April 2022

মৌচুমী কন্দলীৰ 'দা ব্লেক মেজিক ৱমেন' উন্মোচন

 






W7s news ষ্টাফৰিপোৰ্টাৰ : সাম্প্রতিক অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী কাহিনীকথক,

ড০ মৌচুমী কন্দলী তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ অধ্যাপক মৌচুমী কন্দলীৰ 'দা ব্লেক মেজিক ৱমেন' (The Black Magic Women') শীর্ষক নির্বাচিত গল্পৰ ইংৰাজী অনুবাদ সংকলন এখন উন্মোচন কৰা হয়। দেওবাৰে গুৱাহাটী আৰ্টিষ্টছ  গীল্ডৰ প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত এই সংকলনখন আনুষ্ঠানিকভাবে উন্মোচন কৰে প্রথিতযশা সাহিত্যিক অৰূপা পটংগীয়া কলিতাই। উন্মোচনী ভাষণত তেওঁ কয় -

এগৰাকীৰ লেখকৰ সৃষ্টিৰ আঁৰত বহু কথা থাকে। এখন জনগোষ্ঠীয় সমাজৰ প্ৰভাৱ আছে মৌচুমী কন্দলীৰ ওপৰত। তেওঁৰ নিজা শৈলী আছে, লেখা সমূহ একক। তেওঁৰ বৌদ্ধিক অনুসন্ধিৎসা সকলো সময়তে সজাগ। তেওঁৰ লেখাত ছবিৰ প্ৰভাৱ স্পষ্ট। তেওঁ মানৱীয় সমস্যাৰ প্ৰতি সজাগ, নাৰী সমস্যাৰ প্ৰতি অত্যন্ত স্পৰ্শকাতৰ। অনুবাদ কৰা অন্যন্ত কঠিন কাম। অনুবাদ কৰিবলৈ হলে অনুবাদকজনে ভাষা জনাৰ লগতে সংস্কৃতিও জানিব লাগিব। প্ৰতিভাশালী লেখিকা মৌচুমী কন্দলীৰ পৰা এনে সৃষ্টিশীল কৰ্ম অনাগত দিনটো আশা কৰিলোঁ।'প্রতিষ্ঠিত প্রকাশন গোষ্ঠী পেংগুইন ৰেওন হাউছে প্ৰকাশ কৰা গ্ৰন্থ উন্মোচনী সভাত সভাত আমন্ত্রিত অতিথিৰূপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক, সমালোচক ড০ বিভাস চৌধুৰী আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক, সমালোচক অৰিন্দম বৰকটকীযে শুভেচ্ছা মূলক মন্তব্য আগবঢ়ায়। উল্লেখ্য, সংকলিত কেউটি গল্পই ইংৰাজীলৈ ভাঙনি কৰিছে জোষ্ঠ সাংবাদিক-অনুবাদক পাৰবিনা ৰাম্বিদে। 

'দা ব্লেক মেজিক ৱমেন' (The Black Magic Women')-ত কন্দলীৰ নিৰ্বাচিত দহটা অসমীয়া গল্পৰ ইংৰাজী অনুবাদ সন্নিৱিষ্ট হৈছে। প্ৰকাশকৰ হৈ পেংগুইন  ৰেণ্ডম হাউছৰ ভাৰত শাখাৰ কাৰ্যনির্বাহক সম্পাদক এলিজাবেথ কুৰুৱিল্লাই  নব্য-প্রকাশিত সংকলনটোক লৈ উচ্ছ্বাস ব্যক্ত কৰে। অনুষ্ঠানটোত কায়িকভাৱে উপস্থিত থাকিব নোৱৰাত তেওঁ সভালৈ লিখিত এক মন্তব্য প্ৰেৰণ কৰে। অনুষ্ঠানটোত লেখকৰ নিৰ্বাচিত কেইটামান গল্পৰ অসমীয়া পাঠ আৰু ইংৰাজী অনুবাদৰ পঠনেও এক বিশেষ মাত্ৰাৰ সংযোগ ঘটায়। গল্পপাঠ কৰে ভাস্কৰ জ্যোতি আচাৰ্য আৰু নীলাক্ষী বৰাই। সুগায়িকা, কবি মৈত্রেয়ী পাটৰে আঁত ধৰা অনুষ্ঠানটোত গুৱাহাটী আৰ্টিষ্টছ  গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাসে আদৰণি ভাষণ দিয়ে।অনুষ্ঠানত অসমীয়া সাহিত্য, চলচ্চিত্ৰ আৰু কলাজগভৰ বহুকেইগৰাকী শিল্পী উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here