টেণ্ডাৰ পেটেলছৰ মেগা পেৰেণ্টিং ছামিট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 3 April 2022

টেণ্ডাৰ পেটেলছৰ মেগা পেৰেণ্টিং ছামিট

 






W7s News ষ্টাফৰিপোৰ্টাৰ: উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ প্রি-স্কুল শৃংখল টেণ্ডাৰ পেটেলছে দেওবাৰে গুৱাহাটীৰ নেডফি ভৱনত আয়োজন কৰে মেগা পেৰেণ্টিং ছামিটৰ। এই অনুষ্ঠানত টেণ্ডাৰ পেটেলছৰ গুৱাহাটীৰ আটাইকেইটা কেন্দ্ৰই অংশগ্ৰহণ কৰে। টেণ্ডাৰ পেটেলছ হৈছে ২০১৩ চনত আৰম্ভ হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ প্ৰি স্কুল শৃংখল। উত্তৰ-পূব ভাৰততো ইয়াৰ শাখা আছে। এই অনুষ্ঠান সন্দৰ্ভত টেণ্ডাৰ পেটেলছ থ্রি-স্কুলৰ পৰিচালন সঞ্চালক তথা প্রতিষ্ঠাপক ড° বাসবী আচার্যই কয়— "পিতৃ-মাতৃৰূপে সন্তানক পৰিচৰ্যা কৰাৰ ক্ষমতা আমি প্রাকৃতিকভাৱে লাভ কৰো যদিও সন্তানক সঠিকভাবে প্রতিপালন কৰাটো সহজসাধ্য নহয়। সেয়েহে আর্লি চাইল্ডহুড আৰু শিশুৰ সঠিক পৰিচালনাৰ বহুখিনি শিকিবলগীয়া আছে। সেয়েহে এই বিষয়টো সন্দৰ্ভত সকলো পিতৃ-মাতৃ সজাগ হোৱাৰ লগতে তেওঁলোকে সময়ৰ লগত তাল মিলাই এই বিষয়ে নতুন নতুন জ্ঞান আহৰণ কৰাটো প্রয়োজনীয়। এই সম্মিলনত গুৱাহাটীৰ দুই শতাধিক পিতৃ-মাতৃৰ লগতে বিশিষ্ট বক্তাসকলেও অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ ভিতৰত আছিল– ছ'চিঅ''-ইম'চনেল লার্নিং, শিশু মনোবিজ্ঞানৰ অধ্যয়ন ইত্যাদি। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে অসম আৰক্ষীৰ ডি আই জি পাৰ্থসাৰথি মহন্তই। বিশিষ্ট বক্তা হিচাপে অংশগ্রহণ কৰে প্ৰখ্যাত চিকিৎসক তথ্য এস্কেল হেল্ থ কেয়াৰ হাস্পতালছৰ সঞ্চালক ডাঃ প্রাকৃতিশ বৰাই। তেওঁ 'হেলথ ইন আর্লি ইয়েৰৰ্ছ' বিষয়ত বক্তৃতা প্রদান কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মাইণ্ড ইণ্ডিয়া, ৰয়েল গ্ল'বেল স্কুল, এন এল ইউৰ কনচালটেণ্ট চাইক'লজিষ্ট মীনাক্ষী বৰঠাকুৰে শিশু মনোবিজ্ঞান বিষয়ত আলোকপাত কৰে। ড০ বাসবী আচার্যই পিতৃ-মাতৃসকলৰ সহায়ক হোৱাকৈ ছ'চিঅ'-ইম'চনেল ইন্টেলিজেন্স: নীড অব্ দা আৱাৰ বিষয়ত বক্তৃতা প্ৰদান কৰে। আনহাতে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ মেনেজিং ট্রাষ্টি জ্যোতিষ্মান দত্তই ‘ৰেইজিং-২১ চেঞ্চুৰী চিলড্রেন ইন এ ডিজিটেল ৱৰ্ল্ড' শীর্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে। মুম্বাইত প্রি-প্রাইমাৰী কনটেণ্ট লীড এম্পাৰছেণ্ড গ্ৰুপৰ স্মৃতি আগৰৱালে 'ডিক'ডিং এন ই পি-২০২০' শীর্ষক ভার্চুৱেল কার্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানত টেণ্ডাৰ পেটেলছ বার্ষিক বঁটা ২০২১ ঘোষণা কৰাৰ লগতে বিজয়ীসকলক বিভিন্ন শাখাত পুৰস্কাৰ প্ৰদান কৰা হয়। লগতে বেলতলাত মুকলি হ'বলগীয়া টেণ্ডাৰ পেটেলছৰ নতুন কেন্দ্রৰ বিষয়েও ঘোষণা কৰা হয়। এই অনুষ্ঠানত অংশগ্রহণ কৰা অভিভাৱকসকলে টেণ্ডাৰ পেটেলছে আয়োজন কৰা এনে অনুষ্ঠানক লৈ সন্তুষ্টি প্রকাশ কৰে আৰু টেণ্ডাৰ পেটেলছৰ এনে সজাগতামূলক অনুষ্ঠানৰ বাবে স্কুল কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here