২০১৯-২২বৰ্ষৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা আৰু ২০২০-২৩ বৰ্ষৰ অনতিপলমে বিসংগতিপূর্ণ ফলাফলসমূহ ৱেবছাইটৰ পৰা আঁতৰাই ২১দিনৰ ভিতৰত স্বচ্ছ নিকা তথ্য উচিত ফলাফল ঘোষণা কৰিবলৈ দাবী-অসম ছাত্ৰ অধিকাৰ মঞ্চৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 April 2022

২০১৯-২২বৰ্ষৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা আৰু ২০২০-২৩ বৰ্ষৰ অনতিপলমে বিসংগতিপূর্ণ ফলাফলসমূহ ৱেবছাইটৰ পৰা আঁতৰাই ২১দিনৰ ভিতৰত স্বচ্ছ নিকা তথ্য উচিত ফলাফল ঘোষণা কৰিবলৈ দাবী-অসম ছাত্ৰ অধিকাৰ মঞ্চৰ

 



W7s news ষ্টাফৰিপোৰ্টাৰ : চলিত বৰ্ষৰ  ১৪ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰা ২০১৯-২২বৰ্ষৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা

আৰু ২০২০-২৩ বৰ্ষৰ অনতিপলমে বিসংগতিপূর্ণ ফলাফলসমূহ ৱেবছাইটৰ পৰা আঁতৰাই ২১দিনৰ  ভিতৰত স্বচ্ছ নিকা তথ্য উচিত ফলাফল ঘোষণা কৰাৰ  দাবী জনাইছে-অসম ছাত্ৰ অধিকাৰ মঞ্চই। বৃহস্পতিবাৰে মঞ্চৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত মঞ্চৰ প্ৰতিনিধি হিৰকজ্যোতি দাসে কয়-যোৱা বাৰৰ দৰে যাতে ছাত্র ছাত্রীসকল তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিব বিচৰা বিশ্ববিদ্যালয়সমূহত নামভৰ্তি কৰাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে চূড়ান্ত বর্ষণ ফলাফল সমূহ উচিত সময়ত ঘোষণা কৰাৰ বাবে আমি দাবী জনালোঁ। লগতে বিসংগতিপূর্ণ ৰিলেটিভ গ্ৰেডিং ছিষ্টেমৰ ক্ষেত্ৰত আলোচ


না তথা ইয়াৰ উচিত বিকল্প পদ্ধতি বাচি উলিয়াবলৈ।এখন কমিটি গঠন কৰিবলৈ দাবী জনালোঁ যিখন সমিতিত শৈক্ষিক মহলৰ তথা আন আন প্রতিনিধি হিচাপে থাকিববিশ্ববিদ্যালয় কর্তৃপক্ষ,সদৌ অসম অধ্যক্ষ সন্মিলন,সদৌ অসম শিক্ষক সম্মিলন,উপস্থিত ছাত্র সংগঠন আৰু প্ৰত্যেকখন কলেজৰ ছাত্ৰ একতা সভাৰ প্রতিনিধি আৰু অসম ছাত্র অধিকাৰ মঞ্চ।' সংবাদ মেলত মঞ্চৰ প্ৰতিনিধি পৰাগ শংকৰ হাজৰিকা, কৌস্তব মহন্ত, ধ্ৰুৱজ্যোতি দাস, মজনুৰ আলম, পাৰ্থজ্যোতি ভৰদ্বাজ, অনুৰাধা ৰাণা দাস উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here