টৰন্ট' ইণ্টাৰনেশ্বনেল ৱ'মেন ফিল্ম ফেষ্টিভেলত অসম কন্যা নয়নমণি মূৰাৰ শ্ৰেষ্ঠ যুৱ অভিনেত্ৰী সন্মান লাভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 April 2022

টৰন্ট' ইণ্টাৰনেশ্বনেল ৱ'মেন ফিল্ম ফেষ্টিভেলত অসম কন্যা নয়নমণি মূৰাৰ শ্ৰেষ্ঠ যুৱ অভিনেত্ৰী সন্মান লাভ

 




W7s news ষ্টাফৰিপোৰ্টাৰ: নগাঁৱৰ কাষৰীয়া ধনতুলা চাহ বাগিচাৰ নৱম শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰী নয়নমণি মূৰাই,টৰণ্ট আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ সমাৰোহত ,আকাংক্ষা ভাগৱতী নিৰ্মিত ছুটি ছবি "কুমু"ত কৰা অভিনয়ৰ বাবে,শ্ৰেষ্ঠ যুৱ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আকাংক্ষা ভাগৱতী নিৰ্মিত 'কুমু-দা চঙ অফ এ উইংলেচ বাৰ্ড'(KUMU-The song of a wingless bird),চুটি ছবিখনৰ  মূল চৰিত্ৰত অভিনয় কৰা নয়নমণিয়ে ,চাহবাগানৰ এগৰাকী ১২বছৰীয়া আদিবাসী কিশোৰীৰ চৰিত্র ৰূপায়ণ কৰিছিল।যিগৰাকী কিশোৰীয়ে পৰিয়ালৰ সমস্যাৰ মেৰপাকত পৰি নিজৰ শিক্ষা, সৌন্দৰ্য, সকলো আশা , সপোন আৰু মুকলিমুৰীয়া জীৱনক জলাঞ্জলী দিবলৈ বাধ্য  হৈছিল। চুটি ছবিখনত বিশেষকৈ অসমৰ চাহবাগান কিছুমানত  ঘৰুৱা পৰিৱেশ,পৰিয়ালৰ অনাদৰ ,অৱহেলাৰ মাজত বহুসংখ্যক ছোৱালীয়ে কিদৰে নিজৰ সপোনবোৰ হেৰুৱাই পেলাবলগীয়া হয়,তাকেই প্ৰস্ফুটিত কৰিবলৈ চেষ্টা কৰা হৈছে। নয়নমণিয়ে এই সম্পৰ্কত নিজৰ আনন্দ প্ৰকাশ কৰি কয় যে-এয়া মোৰ বাবে এক অবিশ্বাস্য খবৰ। আকাংক্ষা ভাগৱতীৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবিখনত অভিনয় কৰিবলৈ  যেতিয়া মোক কোৱা হৈছিল, মই নিজেই ভাবি পোৱা নাছিল, কোনো দিনে অভিনয়ৰ কোনো অভিজ্ঞতা নোহোৱাকৈ মই কিদৰে কেমেৰাৰ সন্মুখীন হ'ব।কিন্তু এতিয়া মই সুখী যে মই অভিনয় কৰিবলৈ সক্ষম হলোঁ। টৰন্ট' আন্তঃৰাষ্ট্ৰীয় মহিলা ছবি সমাৰোহ,এনে এখন সমাৰোহ য'ত পৃথিৱীৰ মহিলা চিত্ৰনিৰ্মাতা সকলৰ দ্বাৰা,মহিলা প্ৰাধান্য চৰিত্ৰ,কাহিনীৰ ওপৰত  নিৰ্মাণ কৰা  ছবিসমূহ প্ৰাধান্য দিয়া হয়। এইখিনিতে উল্লেখযোগ্য যে আকাংক্ষা

ভাগৱতীৰ দ্বাৰা নিৰ্মিত চুটি ছবিখনে ইতিমধ্যে কেৰেলা ১৫ সংখ্যক ছাইন্ চ (15th SiGNS) ছবি সমাৰোহত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। অসমৰ বিশিষ্ট চিত্ৰগ্ৰহণকাৰী চিদা বৰাৰ চিত্ৰগ্ৰহণেৰে,বিশিষ্ট শব্দযন্ত্ৰী দেৱজিৎ গায়নৰ শব্দৰে,বিশিষ্ট ৰং সংমিশ্ৰক সুৰজিৎ দুৱৰাৰ ৰঙৰ সংমিশ্ৰনেৰে আৰু অসম তথা দেশৰ এগৰাকী বিশিষ্টা সংগীতজ্ঞা তৰালি শৰ্মাৰ সংগীতৰে নিৰ্মিত ছবিখনৰ মূল গীতটিৰ ৰছনা কৰিছে আকাংক্ষাৰ মাতৃ জাহ্নৱী ভাগৱতীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here