ৰাজ্যজুৰি 'আপ'ৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 April 2022

ৰাজ্যজুৰি 'আপ'ৰ প্ৰতিবাদ

 





W7s news ষ্টাফৰিপোৰ্টাৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে অৰ্থাৎ বৃহস্পতিবাৰে আম আদমি পাৰ্টী চমুকৈ আপে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আপে বৃহস্পতিবাৰে ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰে ।গুৱাহাটী মহানগৰীতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰে দলটো গুৱাহাটীৰ গণেশগুৰিৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ওচৰত  আপে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে ইন্ধনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে । পৰ্বতসম মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পেট্ৰ’লত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই, ঔষধত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে । জনতা ভৱনৰ সমীপতে ৰূপায়ণ কৰা আপৰ প্ৰতিবাদী কাৰ্যসূচী নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আগবাঢ়ি অহাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে । একাংশ প্ৰতিবাদকাৰী ৰাজপথত শুই পৰে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই আম আদমি পাৰ্টীৰ বিক্ষোভ আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি হয় আৰু অৱশেষত নিৰাপত্তাৰাক্ষীয়ে প্ৰতিবাদকাৰী সকলক টানি-আজুঁৰি আটক কৰি বাছত উঠাই লৈ যায় । প্ৰতিবাদকাৰী সকলে  সাধাৰণ ৰাইজৰ বাবে বাছ নাই যদিও গণতান্ত্ৰিকভাৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আপৰ কৰ্মকৰ্তা সকলক উঠাই নিবলৈ বিজেপি চৰকাৰৰ ওচৰত বাছ আছে বুলি অভিযোগ কৰে ।

 এই কাৰ্যসূচীত আপৰ ৰাজ্যিক যুটীয়া সমম্বয়কদ্বয়  লক্ষ্মীকান্ত ডোবে, ৰুদ্ৰাংকুৰ হাজৰিকা, সাংগঠনিক সম্পাদক কামৰূপ জ'ন মানস শৰ্মা, ৰাজ্যিক প্ৰচাৰ সমম্বয়ক জয়ন্ত কুমাৰ কলিতাৰ লগতে প্ৰায় অৰ্ধশতাধিক কর্মী উপস্থিত থাকে।বশিষ্ঠ থানাত  স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবাদকাৰী সকলক বলপূৰ্বকভাৱে বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে। প্ৰতিবাদকাৰী সকলক সন্ধিয়াৰ ভাগত বশিষ্ঠ থানাৰ পৰা মুকলি কৰি দিয়া হয়। উল্লেখ্য, গুৱাহাটীৰ লগতে ৰ‍াজ্যৰ জিলা সদৰতো আপে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। মনকৰিবলগীয়া যে ৰাজ্যজুৰি অপ্ৰতিৰোধ্য হৈ আছে  মূল্যবৃদ্ধি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here