বাৰেৰহনীয়া সংস্কৃতি, থলুৱা বজাৰ সৃষ্টিৰ লক্ষৰে গুৱাহাটীৰ পশু চিকিৎসালয় খেলপথাৰত তিনিদিনীয়া ৰঙালীৰ শুভ উদ্ধোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 8 April 2022

বাৰেৰহনীয়া সংস্কৃতি, থলুৱা বজাৰ সৃষ্টিৰ লক্ষৰে গুৱাহাটীৰ পশু চিকিৎসালয় খেলপথাৰত তিনিদিনীয়া ৰঙালীৰ শুভ উদ্ধোধন




 



আজি আহিব শ্ৰুতি হাচান



W7s news ষ্টাফৰিপোৰ্টাৰ : অংকীয়া ভাওনা, হুঁচৰি, বৰপেটাৰ হলি গীত, বিহুৱতি প্ৰতিযোগিতা, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় খাদ্য সম্ভাৰ, অসমীয়া খাদ্য প্ৰকৰণ, থলুৱা পিঠাপনাকে ধৰি বিভিন্ন ব্যঞ্জন, জলপান, থলুৱা ৰন্ধন প্ৰকৰণ, হিপ হপ, ৰক মিউজিক, থলুৱা আৰু বিভিন্ন ৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ বিপনি, সাজ পোচাক আদিকে ধৰি অসমৰ বাৰেৰহনীয়া সংস্কৃতি তথা সৃষ্টিশীলতা  আৰু থলুৱা বজাৰ সৃষ্টিৰ লক্ষৰে মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰঙৰ আলি হিচাপে স্বকীয়তা বহন কৰি অহা ৰঙালীৰ ষষ্ঠ সংস্কৰণ। ৰঙালীৰ বাকৰিত আজি সন্ধিয়া অনুষ্ঠানটো আনুষ্ঠানিক ভাবে উদ্ধোধন কৰা হয়।অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, ক্ৰীড়া আৰু যুবকল্যান তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকি ৰঙালীৰ মুখ্য আয়োজক শ্যামকানু মহন্তই গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয় আৰু অনুষ্ঠানটোৰ উজ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে মহানগৰীৰ গন্ধৰ্ব কলা কেন্দ্ৰৰ শিল্পীসকলে মাধৱদেৱ বিৰচিত 'চোৰধৰা' নাটক খন মঞ্চস্থ কৰে। ইয়াৰ পিছতে যোৰহাটৰ মঞ্জুলা কলা কেন্দ্ৰই মহাপুৰুষ শঙ্কৰদেৱ বিৰচিত পত্নী প্ৰসাদ নাট খন মনস্থ কৰি দৰ্শকক আহ্লাদিত কৰি তোলে। এই অনুষ্ঠানতে মহানগৰৰ সাতগাঁও , দলবাৰিৰ সনাতন নামঘৰৰ মহিলা বৃন্দই বৰপেটাৰ হোলী গীত পৰিৱেশন কৰি ৰঙালীত আন ৰং প্ৰদান কৰে। তিনিদিনীয়াকৈ আয়োজন কৰা ৰঙালীৰ প্ৰতিযোগিতা মূলক কাৰ্যসূচী হিচাপে শুকুৰবাৰে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা কেইবাটাও হুঁচৰি দলে হুঁচৰি প্ৰদৰ্শনৰ উপৰি বিহু নাচনীয়ে বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ৰঙালীত প্ৰথম বাৰৰ বাবে অংশগ্ৰহণ কৰিছে বাহুবলি, কণ্যাকা আদিৰ দৰে খ্যাতনামা থলুৱা ব্ৰেন্দে। ৰঙালীত বেচৰকাৰী অসমীয়া থলুৱা খাদ্যৰ প্ৰতিষ্ঠান প্ৰিয়বন্ধুৰ উদ্যোগত থলুৱা খাদ্য প্ৰকৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰিয়বন্ধুৰ সঞ্চালক অৰ্চনা বৰঠাকুৰে পৰিচালনা কৰা মিঠা ব্যঞ্জন শীৰ্ষক প্ৰতিযোগিতা খনত অসমৰ বিভিন্ন অঞ্চলৰ ৩৮ গৰাকী মহিলাই  অংশগ্ৰহণ কৰে। সমান্তৰাল ভাবে খাদ্য ব্লগাৰ ডাঃ গীতা দত্তৰ সঞ্চালনত মিচিং, বৰো, কাৰ্বি, তিৱা আদি বিভিন্ন জনজাতীয় আৰু থলুৱা খাদ্যৰ খাদ্য প্ৰদৰ্শনী অনুষ্ঠিত হয়। খাদ্য সম্ভাৰে দৰ্শকক বিশেষ আকৰ্ষণ প্ৰদান কৰাৰ লগতে গভীৰ জ্ঞান আৰু অনুপ্ৰেৰণা প্ৰদান কৰে। ৰঙালিত দৰ্শকৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ইয়াৰ খাদ্য বিপণি সমূহ। নাগা, মণিপুৰী, খাচী, জয়ন্তীয়াকে ধৰি  উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলো বোৰ জাতি জনগোষ্ঠীৰ স্বকীয় খাদ্য বিপনী সমূহ হৈ পৰিছে দৰ্শকৰ আন এক আকৰ্ষণৰ কেন্দ্ৰ। আজিৰ দিনটোত অনুষ্ঠিত টেকেলি ভঙা খেল হৈ পৰিছিল ৰঙালীৰ বাকৰিত অনুষ্ঠিত অন্যতম দৰ্শনীয় খেল। সন্ধিয়ালৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গকে ধৰি ইন্দ্ৰানী তালুকদাৰ, জ ১৪, সান্নিধ্য ভূঞা, ৰাহুল ৰাজখোৱা, বেৰেমা বেণ্ড আৰু অন্যান্য বাচক বনীয়া শিল্পীৰ সৌজন্যত মনপৰশা সাংস্কৃতিক সন্ধিয়া অনুস্থিত হয়। অনুষ্ঠানতে অসমীয়া চলচ্চিত্ৰ ডাক্তৰ বেজবৰুৱা ২ ছবি খনৰ পষ্টাৰ আৰু সংগীত মুকলি কৰা হয়। অন্যহাতে ফেশ্বন ডিজাইনাৰ অনু মণ্ডল,  জেনোবিয়া কোঁৱৰ আৰু মৌচুমী বৰাৰ নিৰ্দেশনাত মনোমোহা ফেশ্বন শ্ব অনুষ্ঠিত হয়। প্ৰসঙ্গত অনুষ্ঠানৰ মূখ্য আয়োজক  শ্যামকানু মহন্তই ৰঙালী মূলতঃ নতুন উদ্যোগী সকলৰ ন উৎপাদ জাত দ্ৰব্য সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ এক উপযুক্ত ক্ষেত্ৰ বুলি কয়। লগতে ইয়াৰ যোগেদি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন আত্মসহায়ক গোট, ষ্টাৰ্ত আপ কোম্পানীৰ উপৰি বিভিন্ন কৃষি উদ্যোগী গোটে তেওঁলোকৰ ন ন দ্ৰব্য তথা খাদ্য প্রকৰণ সমূহৰ এক উপযুক্ত বজাৰ লাভ কৰিবলৈ সমৰ্থ হব বুলি মন্তব্য প্ৰদান কৰে। তেওঁ ৰঙালী ৰ বাকৰিত দৰ্শকৰ অভূত পূৰ্ব সহাঁৰি দেখি অভিভূত হয় আৰু পৰবৰ্তী কাৰ্যসূচী সমূহতো ৰাইজ তথা দৰ্শকৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে। উল্লেখ্য, কাইলৈ ৰঙালীত অংশগ্ৰহণৰ বাবে আহিব বলিউডৰ, দক্ষিণাত্যাৰ জনপ্ৰিয় অভিনেত্ৰী, সংগীত শিল্পী শ্ৰুতি হাচান।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here