আত্মনিৰ্ভৰ অসমৰ লক্ষ্যৰে পশুধন নিগমৰ দুদিনীয়া প্ৰশিক্ষণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 April 2022

আত্মনিৰ্ভৰ অসমৰ লক্ষ্যৰে পশুধন নিগমৰ দুদিনীয়া প্ৰশিক্ষণ

 




W7s news ষ্টাফৰিপোৰ্টাৰ: আত্মনিৰ্ভৰ অসমৰ লক্ষ্যৰে আৰু অসমৰ যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে অসম পশুধন নিগমে ২৬ এপ্ৰিলৰ পৰা আৰম্ভ কৰা গাহৰি, ছাগলী, আৰু হাঁহ-কুকুৰাৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ বুধবাৰে সামৰণি পৰে। দুয়োদিনাই প্ৰায় তিনিশতাধিক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীয়েও এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। বিজ্ঞানসন্মত ভাৱে পশুপালন বৃত্তিৰ লগত জড়িত হৈ আৰু চৰকাৰী আচঁনিৰ সুযোগ গ্ৰহণ কৰি কি দৰে স্বাৱলম্বী হ’ব পাৰি এই বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত উপস্থিত থাকি নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, ৰাজ্যখনক অৰ্থনৈতিক ভাৱে স্বাৱলম্বী কৰিবলৈ হ’লে পশুপালন বৃত্তি হৈছে এক উপযুক্ত মাধ্যম। নিজকে স্বাৱলম্বী কৰাৰ লগতে ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰিবলৈ যুৱক-যুৱতীসকলে এই ক্ষেত্ৰখনক নিৰ্বাচন কৰা উচিত। যিকোনো পাম খোলাৰ পূৰ্বেই প্ৰশিক্ষণ অতিকৈ জৰুৰী বুলি উল্লেখ কৰি নিগমে ধাৰাবাহিক ভাৱে এনে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি যাব বুলি ঘোষণা কৰে। ৰাজ্যখনত কণী, গাখীৰ, হাঁহ-কুকুৰা, ছাগলী, গাহৰিৰ মাংসৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বজাৰ দখলৰ প্ৰতিযোগিতাত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অনুষ্ঠানত নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, পৰিচালন সঞ্চালক দীপালী দেবী, প্ৰশাসনীয় বিষয়া ডা০ পূৰ্ণানন্দ কোৱঁৰ প্ৰমুখ্যে বিষয়াসকল উপস্থিত থাকে। প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীকে প্ৰমানপত্ৰ প্ৰদান কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here