বৰঝাৰ বিমানকোঠত নতুন যাত্ৰী সেৱা সংযোজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 26 April 2022

বৰঝাৰ বিমানকোঠত নতুন যাত্ৰী সেৱা সংযোজন

 

W7s news ষ্টাফৰিপোৰ্টাৰ: বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, বিমানযাত্ৰী সকলৰ সুবিধাৰ্থে বিভিন্ন নতুন- নতুন সেৱা সংযোজন কৰা হৈছে। উল্লেখযোগ্য যে, এই নতুন সেৱাসমূহ যাত্ৰীসকলে দিয়া মন্তব্যৰ ওপৰত নিৰ্ধাৰণ কৰি সংযোজন কৰা হৈছে। তাৰ ভিতৰত উল্লেখনীয় ভাৱে, প্ৰস্থান যাত্ৰীসকলে বেগসমূহ সোনকালে চেক কৰি ভিতৰলৈ প্ৰৱেশ কৰিব পৰা ব্যবস্থা কৰা হৈছে। তাৰোঁপৰি যাত্ৰীসকলে নিজে বৰ্ডিং পত্ৰ ওলিয়াব পৰাকৈ বৰ্ডিং মেচিন বাহিৰত স্থাপন কৰা হৈছে। পৰিস্কাৰ-পৰিচন্নতাৰ দিশতো বিমানকোঠত নতুন উন্নতমানৰ ক্লিনিং-মেচিন সংস্থাপন কৰা হৈছে। বিভিন্ন খাদ্যৰ সম্ভাৰ থকা বিপণিৰ লগতে যাত্ৰীসকলক থিতাতে প্ৰয়োজনীয় সামগ্ৰীৰ উপলব্ধ হোৱা বহুকেইখন বিপণি বিমানকোঠত উপলব্ধ হৈছে। আগমন কক্ষৰ ভিতৰত, বেগ সংগ্ৰহ কৰা বেল্টৰ ওচৰত যাত্ৰীসকলৰ অসুবিধা নোহোৱাকৈ ট্ৰ'লীসমূহ ৰখাৰ ব্যবস্থা কৰা হৈছে। যাৰ বাবে বিশেষভাৱে অক্ষম যাত্ৰীসকলে বিশেষ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ নিজৰ বেগসমূহ সংগ্ৰহ কৰি সহজভাৱে প্ৰস্থান কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here