অসম টেক্সটাইল ইনষ্টিটিউটত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক অভিনন্দন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 26 April 2022

অসম টেক্সটাইল ইনষ্টিটিউটত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক অভিনন্দন

 




W7s news ষ্টাফৰিপোৰ্টাৰ: অসম টেক্সটাইল ইনষ্টিটিউট সমূহ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ- ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ তৰফৰ পৰা ইনষ্টিটিউটৰ প্ৰাক্তন ছাত্ৰ তথা ৰাজ্য সভাৰ নৱ নিৰ্বাচিত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক  আনুষ্ঠানিক ভাৱে অভিনন্দন জ্ঞাপন কৰা হয় l এই উপলক্ষে মঙলবাৰে টেক্সটাইল ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত মাৰ্ঘেৰিটাৰ লগতে ইনষ্টিটিউটৰ অধ্যক্ষ ৰাম কুমাৰ দাস, মুৰবী অধ্যাপক অশোক কুমাৰ দাস আৰু  তন্ময় দাস উপস্থিত থাকে l তেওঁলোকে মাৰ্ঘেৰিটাই সাহিত্য সাংস্কৃতিক দিশৰ লগতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আগবাঢ়োৱা অৰিহণাৰ কথা উল্লেখ কৰি সন্তোষ প্ৰকাশ কৰে l সাংসদ মাৰ্ঘেৰিটাই নিজে অধ্যয়ন কৰা ইনষ্টিটিউট খনত এনেদৰে সন্মানিত হবলৈ পাই অভিভূত হৈ পৰা বুলি উল্লেখ কৰে l তেওঁ অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প  খণ্ডৰ বিকাশৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে l সাংসদ গৰাকীৰ  এজন শিক্ষক নিৰঞ্জন লাহনে আহোমৰ জাতীয় পাগুৰি আৰু পোচাকেৰে অভিনন্দন জনায়l সভাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উপ সভাপতি গিৰেন সৰকাৰ আৰু সম্পাদক ড° জয়ন্ত দেৱ শৰ্মাই সংগঠনৰ হৈ মাৰ্ঘেৰিটাক গামোচা আৰু ফুলৰ থোপাৰে অভিনন্দ জনায় l সাংসদ গৰাকীৰ কেবাগৰাকী সহপাঠী বন্ধু য়েও তেওঁক সভাত শুভেচ্ছা জ্ঞাপন কৰে l সভাখন আঁতধৰে প্ৰতিষ্ঠানৰ শিক্ষক গোপী কান্ত ঠাকুৰীয়াই I

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here