দগাওঁ শ্ৰী শ্ৰী বালিভূঁই বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ তৰুণ চন্দ্ৰ দেৱ গোস্বামীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 26 April 2022

দগাওঁ শ্ৰী শ্ৰী বালিভূঁই বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ তৰুণ চন্দ্ৰ দেৱ গোস্বামীৰ মৃত্যু

 




W7s news ষ্টাফৰিপোৰ্টাৰ: দগাওঁ শ্ৰী শ্ৰী বালিভূঁই বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ  তৰুণ চন্দ্ৰ দেৱ গোস্বামীৰ মঙলবাৰে পুৱা ১০-৩০ বজাত  গুৱাহাটীৰ নিজ বাস ভৱনত মৃত্যু হয় ৷ তেওঁ জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষক হিচাপে সুদীৰ্ঘ ৩৮ বছৰ শিক্ষকতা কৰি ১৯৯৯ বৰ্ষৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে ৷ তেওঁৰ জন্ম হৈছিল  ১৯৩৪ চনত ৷ তেওঁ এগৰাকী সত্ৰৰ সত্ৰাধিকাৰৰ ওপৰিও একাধাৰে সাংস্কৃতিক সাধক , সমাজসেৱক , শিক্ষাবিদ আৰু সাহিত্য সভা , ধৰ্মীয় অনুষ্ঠান - প্ৰতিষ্ঠান , নগাঁও জিলাৰ সত্ৰ মহাসভাৰ বৰ্তমানৰ উপদেষ্টা  তথা অসম সত্ৰ মহাসভাৰ আজীৱন সদস্যৰ ওপৰিও জুৰীয়া দগাওঁ আদি বিভিন্ন অনুষ্ঠান , প্ৰতিষ্ঠান আদিৰ বিষয় বাবটো জঢ়িত হৈ আছিল ৷ বিভিন্ন অঞ্চলৰ ভক্ত - বৈষ্ণৱক শৰণ - ভজন দিছিল ৷ তাৰ উপৰিও নাট - ভাওনা আদিত বায়নৰ মুখ্য ভূমিকা পালন কৰি সকলোৰে পৰা সমাদৰ লাভ কৰিছিল ৷ সত্ৰৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ জৰিয়তে বহুতো  ভক্ত বৈষ্ণৱ সকলক খোলৰ প্ৰশিক্ষণ আদি দিছিল ৷ ইয়াৰ উপৰিও সত্ৰৰ চাৰি প্ৰসঙ্গ নাম তেওঁ ৰাখিছিল ৷ তেওঁৰ মৃত্যুত দগাওঁ শ্ৰী শ্ৰী বালিভূঁই বৰ এলেঙি  সত্ৰ তথা অঞ্চলত শোকৰ ছাঁ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here