চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতি বাগিচা ছুটীৰ দিন ঘোষণা কৰিবলৈ বিচৰাৰ তীব্ৰ বিৰোধিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 26 April 2022

চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতি বাগিচা ছুটীৰ দিন ঘোষণা কৰিবলৈ বিচৰাৰ তীব্ৰ বিৰোধিতা

 






W7s news ষ্টাফৰিপোৰ্টাৰ : চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে  ডিব্ৰুগড় জিলাৰ  উপায়ুক্ত গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ ডিব্ৰুগড় আগমন উপলক্ষে ২৮ এপ্ৰিলৰ দিনটো বাগিচা ছুটীৰ দিন ঘোষণা কৰিবলৈ আৰু ২৮ এপ্ৰিলৰ সলনি আন এদিন বাগিচা খোলাৰ বাবে পৰিচালক সকলক  নিৰ্দেশ দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু এনে বে-আইনী নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে

মুখ্য আহ্বায়ক বিবেক দাসে কয়- সপ্তাহৰ মুৰত ১ দিন ছুটী এটা আইনসন্মত অধিকাৰ, ইয়াৰ আন্তৰ্জাতিক ন্যাযতা আছে আৰু  এগৰাকী উপায়ুক্তই এই নিয়ম সলনি কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰীৰ  প্ৰতি সন্মান জনাই মালিকপক্ষই হাজিৰাসহ ছুটী দিয়াতো বা শ্ৰমিকসকলে নিজখুচীমতে সভাত যোগদান কৰাটো বেলেগ কথা আৰু ইয়াত উপায়ুক্তৰ নিৰ্দেশৰ প্ৰশ্ন আহিব নোৱাৰে বা এই দিনটোৰ সলনি আন এদিন কাম কৰাৰ প্ৰশ্নও আহিব নোৱাৰে। এয়া দেখদেখ দেওবৰীয়া ছুটীৰ অধিকাৰ হৰণৰ ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়। তদুপৰি প্ৰত্যেক শক্তিশালী মন্ত্ৰীয়ে এইটো অভ্যাসত পৰিণত কৰিব আৰু চাহ শ্ৰমিকসকলৰ কষ্টোপাৰ্জিত এটা অধিকাৰ ৰাজনীতিকৰ স্বাৰ্থৰ বাবে বলি দিব লাগিব। আমি ভাবিছিলো প্ৰধানমন্ত্ৰীয়ে নিজৰ ক্ষমতা প্ৰদৰ্শন কৰি চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবী নূন্যতম মজুৰি নিৰ্দ্ধাৰণ কৰিব। কিন্ত চাহ শ্ৰমিকৰ নূন্যতম মজুৰি নিৰ্দ্ধাৰণ কৰিবলৈ  আৰু দেওবৰীয়া ছুটীৰ হাজিৰা দিবলৈ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ ৰাজ্য চৰকাৰখন সক্ষম নহল।  কিন্তু এই চৰকাৰখনে চাহ শ্ৰমিকৰ ছুটিৰ বিনিময়ত উপস্থিতি দেখুৱাইহে  শক্তি প্ৰদৰ্শন কৰিব খোজাটো লজ্জাজনক  আৰু ধিক্কাৰজনক।'  উল্লেখ্য,এই বিবৃতিত স্বাক্ষৰ কৰিছে  চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক বিবেক দাস, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰা,অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি ৰয়েল চোৰেণ, অসম সংগ্ৰামী  চাহ শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক জিতেন তাতী ,, সদৌ অসম আদিবাসী নাৰী সন্থাৰ সভানেত্ৰী পাউলিনা এক্কা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক মোবাৰক আলী,অসম মজুৰি শ্ৰমিক ইউনিয়নৰ কাৰ্য্যকৰী সভাপতি কৃষ্ণ গগৈয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here