ভাৰতত বছৰি এক নিযুত লোক মুখগহ্বৰৰ কৰ্কটত আক্রান্ত ঃ ডাঃ শেঠীয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 April 2022

ভাৰতত বছৰি এক নিযুত লোক মুখগহ্বৰৰ কৰ্কটত আক্রান্ত ঃ ডাঃ শেঠীয়া

 


W7s News ষ্টাফৰিপোৰ্টাৰ : “ভাৰতত বছৰি কমেও এক নিযুত লোক মুখগহ্বৰৰ কৰ্কট ৰোগত আক্রান্ত হয়। চল্লিছৰ পৰা ষাঠি বছৰলৈ সৰ্বাধিক লোক এই ৰোগত আক্রান্ত হয়- এইদৰে কয় জ্যেষ্ঠ দন্ত চিকিৎসক দিলীপ শেঠীয়াৰ। বুধবৰাৰে ফটাশীল আমবাৰীৰ পাৰ্ল ৩২ দন্ত ক্লিনিকৰ অষ্টম বর্ষপূর্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে। লগতে তেওঁ কয় - আমাৰ সমাজৰ প্ৰায়সংখ্যক লোকেই দাঁতৰ যতন লোৱাৰ ক্ষেত্ৰত সচেতন নহয়। দন্ত ৰোগৰ বাবে যে আন সমস্যায়ো গা কৰি উঠিব পাৰে সেই বিষয়ে বহু লোক আগ্রহী নহয়। সৰুৰে পৰাই যদি সতর্কতা অৱলম্বন কৰা হয় তেনেহ'লে মুখগহ্বৰৰ কৰ্কট ৰোগৰ পৰা হাত সাৰিব পাৰি। গুটখা, ধঁপাত আদিৰ বাবে মুখগহ্বৰৰ কৰ্কট ৰোগ হয় যদিও আন কাৰণতো হ'ব পাৰে। আনহাতে, অতিসম্প্রতি সমগ্র বিশ্বতে মধুমেহ আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে।এনে ৰোগীয়েও সতর্কতা অৱলম্বন কৰা উচিত। আজিকালি মধুমেহ আক্রান্ত বহুতো লোকেই দন্ত সমস্যা লৈ চিকিৎসকৰ ওচৰলৈ যায়।  ব্ৰাছ কৰোঁতেও সকলোৱে সাৱধান হ’ব লাগে। পার্ল ৩২ দন্ত ক্লিনিকৰ বৰ্ষপূতি উপলক্ষে ষাঠি বছৰৰ ঊৰ্ধ্বৰ লোকসকলক বিনামূলীয়াকৈ চোৱা হয়।  তদুপৰি বৰ্ষপূৰ্তিৰ স’তে সংগতি ৰাখি ‘টুথ গাইড বুক’ নামৰ এখন ডিজিটেল বুকলেট মুকলি কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডাঃ অনুৰাধা শৰ্মা, ডাঃ হাৰ্ষিকা নাৰুকা, ডাঃ জয়শ্রী কলিতা, ডাঃ নেহা বোথৰা, ডাঃ গুঞ্জনা কলিতা, ডাঃ শ্রেয়া কোঠাৰী, ডাঃ কল্যাণ ডেকা, ডাঃ নিশি পোড্ডাৰ, ডাঃ চনাম পোড্ডাৰ আগৰৱাল আৰু ডাঃ পাৰ্থ সাহা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here