আৰ্টফেড কৰ্মচাৰী সন্থাৰ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 April 2022

আৰ্টফেড কৰ্মচাৰী সন্থাৰ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল

 


কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে জাতীয় অনুষ্ঠান আৰ্টফেড


১০ মাহে দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰী


ধাৰাবাহিক আন্দোলনৰ হুংকাৰ


এইবাৰ মাদ্ৰাজী গামোচাৰে ভৰি পৰিব বিহুৰ বজাৰ



W7s News ষ্টাফৰিপোৰ্টাৰ: বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে জাতীয় অনুষ্ঠান আৰ্টফেড। বিগত

১০ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছে আৰ্টফেডৰ  কৰ্মচাৰী-এই অভিযোগ 

আর্টফেড কৰ্মচাৰী সন্থাৰ। সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক ধীৰেন কুমাৰ নাথে কয়- 

অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ পিছতেই হস্ততাঁত বস্ত্ৰ শিল্প খণ্ডই মূখ্য ভূমিকা গ্ৰহণ কৰি আহিছে । অসমৰ শিপিনীয়ে উৎপাদন কৰা চানেকীযুক্ত বস্ত্র সন্তাৰ বিক্ৰীৰ বাবে বজাৰ সৃষ্টি কৰি শিপিনী সকলক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ লগতে অসমৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিগত ৫ দশক ধৰি আৰ্টফেডে অহৰহ প্ৰচেষ্টা চলাই আহিছে ৰাজ্যখনৰ লগতে দেশৰ অন্য প্রান্তত থকা ৪৩টা বিক্ৰী কেন্দ্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় বানিজ্যিক মেলাত শিপিনীৰ উৎপাদিত চানেকীযুক্ত বস্ত্ৰ প্ৰদৰ্শন আৰু বিক্ৰী কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

লাভজনক ব্যৱসায় কৰি সুনাম অর্জন কৰা জাতীয় প্রতিষ্ঠানটি আজি কৰ্তৃপক্ষৰ ভুলৰ বাবে ব্যৱসায় নিম্নগামী হৈ যোৱাৰ লগতে ১০ মাহ ধৰি কৰ্মচাৰীয়ে মাহিলী দৰমহাৰ পৰা বঞ্চিত হব লগা হৈছে । দৰমহাৰ অভাৱত সু-চিকিৎসা কৰিব নোৱাৰি ৩ গৰাকী কৰ্মচাৰী ইতিমধ্যে মৃত্যু মুখত পৰে ঘৰৰ ভাড়া, বেংকৰ ঋণৰ সুত, স্কুল কলেজ মাচুল দিব নোৱাৰি ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হব লগীয়া  হৈছে। বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এইবাৰ ৰঙালী বিহুৰ বজাৰ  মাদ্ৰাজী গামোচাৰে ভৰি পৰিব। চৰকাৰে হেণ্ডলুমত গুৰুত্ব দিয়াৰ সময়ত পাৱাৰ লুমৰ গামোচাৰে ভৰি পৰিব ৰঙালী বিহুৰ বজাৰ। দেশ-বিদেশত অসমৰ শিপীনিৰ হাতত প্ৰাণ পাই অহা  গামোচাখনে বিশেষ মৰ্যাদা দখল কৰি আহিছে। ইয়াৰ সৈতে অসমৰ লাখ লাখ শিপিনী জড়িত হৈ আছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহীৰ বাবে এইবাৰ অসমীয়া সংস্কৃতিত ব্যাঘ্যাত জন্মিব। আৰ্টফেডৰ পৰিচালন সঞ্চালক পৰাগমণি মহন্তই বিগত ৯ মহাত মাত্ৰ ৪ দিন কাৰ্যালয়ত পদাৰ্পণ কৰিছে।আনহাতে ক'ভিড মহামাৰীৰ বাবে আৰ্টফেডৰ ব্যৱসায় বিগত ২টা বছৰে ব্যাপক ক্ষতিগ্রস্থ হয় তাৰোপৰি হস্ততাঁত বস্তু শিল্প বিভাগৰ সঞ্চালক পৰাগমণি মহন্ত যথাক্রমে আর্টফেডৰ ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালকৰ দায়িত্ব দিয়াৰ পিছৰে পৰা এই জাতীয় অনুস্থানটোত ব্যৱসায় একেবাৰে স্থবিৰ হৈ পৰিছে। প্ৰতিস্থানটিৰ ৰাজ হাড় স্বৰূপ শাখাৰ ব্যৱসায় বিগত এবছৰে ধৰি স্তব্ধ হৈ পৰে । মূলত আয়ৰ পথ বন্ধ হৈ পৰে। ইয়াৰ মাজতে অসম চৰকাৰৰ বিভিন্ন আঁচনি আর্টফেডে ৰূপায়ন কৰি আছে অথচ সেই আঁচনিত কৰ্মচাৰীৰ দৰমহা অর্ন্তভুক্ত নাথাকে । সেয়ে নিজৰ উপাৰ্জনত চলি থকা প্রতিস্থানটো তেনে আঁচনি ৰূপায়ন কৰিবলৈ গৈ নিজৰ ব্যৱসায় এৰি যাব লগীয়া হৈছে। ২০২২-২০২৩ বিত্তীয় বৰ্ষত অসম চৰকাৰৰ বাজেটত পুনৰ কৰ্মচাৰীৰ দৰমহা, শাখা আধুনিকৰণ, ব্যৱসায় গতিশীল কৰিবৰ বাবে গ্ৰেড-ইন-এ আই ডি (Grand-in-aid) বিচাৰি প্ৰস্তাৱ  দাখিল কৰা হৈছিল যদিও অনুমোদন লাভ কৰা দেখা নগল । আজি এনেবোৰ সমস্যাত ভাৰক্ৰান্ত হোৱা আৰ্টফেডে কি স্থিতি গ্ৰহণ কৰিলে পুনৰায় প্ৰতিস্থানটো অসমৰ জাতীয় জীৱনত উজ্জ্বলি উঠিব সেয়া আৰ্টফেড কৰ্মচাৰী সম্বাই অভিজ্ঞতাৰ ভিত্তিত যোৱা বার্ষিক সাধাৰণ সভাই কিছু প্রস্তাৱ গ্ৰহণ কৰিছিল । ইয়াৰ অধিকাংশ প্রস্তাৱে আছিল অনুস্থানৰ স্বাৰ্থত। সন্থাৰ কথা হল অনুস্থান থাকিলেহে সন্থা থাকিব । অনুস্থান উন্নয়নৰ প্ৰাধান্য দি সন্থাৰ দাবী আৰু প্ৰস্তাৱ তথা পৰামৰ্শ সমূহ আর্টফেড কর্তৃপক্ষ আৰু অসম চৰকাৰক জনাই অহাৰ পিছতো কোনো ধৰনৰ সমাধান নোপোৱাত উপায়ন্তৰ হৈ গনতান্ত্রিক আন্দোলনৰ দৰে পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। সন্থাই মাহৰ পিছত মাহ ধৰি অনাদায় হৈ থকা আৰ্টফেডৰ কৰ্মচাৰীৰ মাহিলী দৰমহা আদায়,আর্টফেড কৰ্মচাৰী সম্বা আৰু চৰকাৰৰ মাজত হোৱা আলোচনাৰ সিদ্ধান্তসমূহ অনতিপলমে কাৰ্য্যকৰি কৰা, অতি শীঘ্ৰে আৰ্টফেডৰ এগৰাকী স্থায়ী পৰিচালন সঞ্চালক নিযুক্তি দিয়া,। বিগত এবছৰ ধৰি স্থায়ী পৰিচালন সঞ্চালক নথকাত আর্টফেডৰ ব্যৱসায়কে ধৰি সকলো দিশ স্থবিৰ হৈ পৰাত এগৰাকী স্থায়ী পৰিচালন সঞ্চালক নিযুক্তি দিয়া,বৰ্তমানৰ বজাৰত ফেৰ মাৰিব পৰাকৈ আৰ্টফেডৰ বিক্ৰী কেন্দ্ৰ সমূহ আধুনিকীকৰণ কৰাৰ লগতে কম্পিউটাৰাইজ কৰা,আর্টফেডৰ উৎপাদন কেন্দ্ৰসমূহ আধুনিকীকৰণ আৰু কাৰিকৰি ভাৱে উন্নত কৰি উৎপাদন বৃদ্ধি কৰা,

অসম চৰকাৰৰ আঁচনি সমূহ আর্টফেডৰ দ্বাৰা ৰূপায়ন কৰিবলৈ হলে আঁচনিত নিয়োজিত কৰ্মচাৰী সকলৰ দা-দৰমহা অসম চৰকাৰৰ পৰা আদায় দিয়া, আর্টফেডৰ দ্বাৰা ৰূপায়িত অসম চৰকাৰৰ আঁচনিৰ বিপৰিতে চলি থকা অনুসন্ধানসমূহ সোনকালেনিষ্পতি কৰি স্থবিৰ হৈ থকা ব্যৱসায় পুনৰ গতিশীল কৰা,অসমৰ ভিন্ন স্থানত আৰু বহিঃ ৰাজাত সিঁচৰিত হৈ থকা আৰ্টফেডৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পতিৰ সুৰক্ষা আৰু সংৰক্ষণ কৰা,

আর্টফেডৰ কৰ্মচাৰীক অসম চৰকাৰে ইতিপূর্বে মঞ্জুৰী দিয়া সপ্তম সংশোধিত দৰমহা অতিৰিক্ত মৰগীয়

ভাট্টা আদায় দিয়া,গ্রেচুইটি আইন অনুসৰি আটফেডৰ কৰ্মচাৰীক শ্রেণী বিভাজন নীতি পৰিহাৰ কৰি গ্ৰেচুইটি আদায় দিয়াৰ বাবে কতৃপক্ষক দাবী জনালোঁ। এই দাবী পূৰণৰ বাবে আমি ,৫ এপ্ৰিলৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰ্টফেডৰ মুঠ ১৭০ জন কৰ্মচাৰীয়ে কাইলৈ কলম বিৰতি আৰু ১১. ১২ এপ্ৰিলত

ধর্ণা কাৰ্য্যসূচী (মুখ্য কাৰ্যালয়ত) গ্ৰহণ কৰিম আৰু

১৮, ১৯ এপ্রিল অনশন কাৰ্য্যসূচী, ২০ এপ্রিলত দ্বিতীয়

পৰ্য্যায়ৰ কাৰ্যসূচী হিচাপে আলোচনা চক্র (আর্টফেড সুৰক্ষা আৰু কৰ্মচাৰীৰ ভৱিষ্যতৰ ওপৰত ) অনুষ্ঠিত কৰা হ'ব।' সংবাদ মেলত সন্থাৰ সভাপতি সূৰ্যকান্ত ৰাভাৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here