২০২২ ত ভাৰতীয় উপভোক্তাসকললৈ এলানি নতুন ঘৰুৱা আহিলা প্ৰৱৰ্তন এলজি ইলেকট্ৰনিক্সৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 25 April 2022

২০২২ ত ভাৰতীয় উপভোক্তাসকললৈ এলানি নতুন ঘৰুৱা আহিলা প্ৰৱৰ্তন এলজি ইলেকট্ৰনিক্সৰ

 

W7s news গুৱাহাটী: এলজি ইলেকট্ৰনিক্সে ২০২২ ৰ ঘৰুৱা আহিলাৰ নতুন লাইনআপ মুকলি কৰিছে য'ত বিভিন্ন স্মাৰ্ট হ’ম এপ্লিয়েন্স অন্তৰ্ভুক্ত হৈছে। ২০২২ ৰ লাইনআপত আছে নতুন অত্যাশ্চৰ্য্য ষ্টাইলিছ ৰেফ্ৰিজাৰেটৰ- ইনষ্টাভিউ ড’ৰ-ইন-ড’ৰ™ আৰু ফ্ৰষ্ট ফ্ৰী ৰেফ্ৰিজাৰেটৰ, এআই ডাইৰেক্ট ড্ৰাইভ ৱাছিং মেচিন, পিউৰিকেয়াৰ™ ৱেৰেবল এয়াৰ পিউৰিফায়াৰ, বিৰাট (VIRAAT) এয়াৰ কণ্ডিশ্যনাৰ, ইউভি+ইউএফ ৱাটাৰ পিউৰিফায়াৰ আৰু চাৰ্কল মাইক্ৰ'ৱেভৰ এক নতুন পৰিসৰ।এলজিয়ে ব্যৱহাৰকাৰীসকলৰ অভিজ্ঞতা উন্নত আৰু পাকঘৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ এলজি চাইড-বাই-চাইড আৰু ফ্ৰষ্ট ফ্ৰী ৰেফ্ৰিজাৰেটৰৰ ২০২২ ৰ পৰিসৰৰ ডিজাইনত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে। ফ্ৰষ্ট ফ্ৰী ৰেফ্ৰিজাৰেটৰৰ নতুন পৰিসৰটো ই-মিকমৰে সজ্জিত যাৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে দুৱাৰ নোখোলাকৈয়ে সুবিধাজনকভাৱে তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে, ফলত ঠাণ্ডা বায়ুৰ লোকচান যথেষ্ট হ্ৰাস হয়। তদুপৰি ফ্ৰষ্ট ফ্ৰী ৰেফ্ৰিজাৰেটৰসমূহ এক নতুন শক্তিশালী হাইজিন ফ্ৰেছ এয়াৰ ফিল্টাৰেৰে সজ্জিত। এই শেহতীয়া প্ৰযুক্তিয়ে ভিতৰৰ বায়ুক দুর্গন্ধমুক্ত আৰু বিশুদ্ধ কৰে। এলজিয়ে এআই প্ৰযুক্তি চালিত এয়াৰ কণ্ডিশ্যনাৰ মুকলি কৰিছে। এলজিৰ বিৰাট (VIRAAT) এচিত ৩৫% ডাঙৰ আউটড’ৰ ইউনিট আছে যাৰ জৰিয়তে তাপ বিনিময় অনুকূলিত হয় আৰু ই ১১^% কম শক্তি ব্যৱহাৰেৰে উচ্চ পৰিবেশৰ তাপ স্থিতিত কাম কৰিব পাৰে।এলজি মেট ব্লেক ডিচৱাচাৰক ট্ৰু ষ্টীম ® আৰু কোৱাড ৱাছ সুবিধাৰে সজ্জিত কৰা হৈছে যি ডিচৱাচাৰ পৰিসৰৰ শেহতীয়া সংযোজন। এই শেহতীয়া মডেলটোৱে প্ৰতিটো কোণৰপৰা জিলিকি থকা পৰিষ্কাৰ ডিচ নিশ্চিত কৰে। ফ্ৰন্ট ল’ড ও টপ ল’ড ৱাছিং মেচিনৰ এলজি এআই ডাইৰেক্ট ড্ৰাইভ চিৰিজ এআই ডাইৰেক্ট ড্ৰাইভ প্ৰযুক্তি আৰু এলজি থিনকিউৰে সজ্জিত যি উন্নত ৱাছ প্ৰদৰ্শন কৰে আৰু গ্ৰাহকসকলৰ বাবে ধোৱাকাৰ্য্য সুবিধাজনক কৰি তোলে। ৱাছিং মেচিনস্কেনত এআই সুবিধাই ফেব্ৰিকৰ প্ৰকাৰ, ওজন চিনাক্ত কৰে আৰু উন্নত ধোৱা প্ৰদৰ্শন আৰু ফেব্ৰিকৰ যত্নৰ বাবে অনুকূল ধোৱাৰ প্ৰকাৰ বাছনি কৰে। 

এলজি ৱাটাৰ পিউৰিফায়াৰত কেতবোৰ উৎকৃষ্ট সুবিধা আছে যথাঃ দ্বৈত সুৰক্ষাৰ এয়াৰটাইট ষ্টেইনলেছ-ষ্টীল টেংক, ডিজিটেল বীজাণুমুক্তকৰণ ব্যৱস্থা, মিনাৰেল বুষ্টাৰ আৰু ইন-টেংক ইউভি। উপভোক্তাসকলক এক আৰামদায়ক তথা স্বাস্থ্যকৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ, এলজিয়ে পিউৰিকেয়াৰ ৱেৰেবল এয়াৰ পিউৰিফায়াৰ প্ৰৱৰ্তন কৰিছে যি এইচইপিএ (HEPA) ফিল্টাৰ, ডুৱেল ফেন, ভইচ অন, আইপিX৪ প্ৰযুক্তি আৰু বহু সুবিধাৰে সজ্জিত। নতুন এলজি চাৰ্কল মাইক্ৰ'ৱেভ অভেন মডেলটো নিঅ’ চেফ ডিজাইনৰ য'ত স্বাস্থ্যসন্মত হাৰ্ট ডিচ, ৩৬০-ডিগ্ৰী মটৰচালিত ৰোটিচেৰী, ডায়েট ফ্ৰাই, ৩০১ অট’ কুক মেন্যু আৰু অন্যান্য মূল সুবিধাৰাজি আছে।ঘৰুৱা আহিলা ও এয়াৰ কণ্ডিশ্যনাৰৰ সঞ্চালক হয়ং চাবজীয়ে কয়, “এলজিৰ গ্ৰাহকসকলক তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু জীৱনশৈলীত সহায়কাৰী সৰ্বশ্ৰেষ্ঠ সামগ্ৰী প্ৰদান সদায়েই আমাৰ উদ্দেশ্য হৈ আহিছে। এই উদ্দেশ্যৰ কথা মনত ৰাখিয়েই, আমি ২০২২ ৰ বাবে নতুন ঘৰুৱা আহিলাৰ লাইনআপ প্ৰৱৰ্তন কৰি আনন্দিত হৈছো।“

“এলজি ইলেকট্ৰনিক্সে উপভোক্তাৰ অন্তৰ্দৃষ্টিৰ ওপৰত ভিত্তি কৰি সামগ্ৰী আগবঢ়াবলৈ অংগীকাৰবদ্ধ যিয়ে দৈনন্দিন জীৱন আৰামদায়ক আৰু স্বাস্থ্যকৰ কৰি তোলে। ঘৰুৱা আহিলা আৰু উপভোক্তা ইলেকট্ৰনিক্সৰ অগ্ৰণী হিচাপে, এআইক উপভোক্তালৈ অধিক উপলব্ধ আৰু বিপদাশংকা কম কৰিবলৈ আমি দায়বদ্ধ”, এইদৰে কয় ঘৰুৱা আহিলা ও এয়াৰ কণ্ডিশ্যনাৰৰ উপাধ্যক্ষ দীপক বনচালে।ভাৰতীয় উপভোক্তাসকলৰ আগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপেৰে ডিজাইন কৰা নতুন ঘৰুৱা আহিলাৰ ডিজাইনাৰ শৃংখলা আগবঢ়োৱা হৈছে। শৃংখলাটোত নতুন ৰেফ্ৰিজাৰেটৰ, ৱাছিং মেচিন, মাইক্ৰ'ৱেভ আৰু ৱাটাৰ পিউৰিফায়াৰ আছে। নতুন লাইনআপৰে বাৰটো বৃদ্ধি কৰি, শেহতীয়া সামগ্ৰীসমূহে উন্নত জীৱনশৈলীলৈ উন্নীত কৰিবলৈ অত্যাধুনিক ডিজাইনৰে আত্মপ্ৰকাশ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here