ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 April 2022

ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস

 



চিকিৎসকৰ সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে-ভাৰতীয় চিকিৎসা সেৱা সন্থা অসম শাখা


চিকিৎসকক আক্ৰমণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয়


কেন্দ্ৰীয় চৰকাৰৰ ছত্র ছায়াত ঔষধৰ মূল্যবৃদ্ধি হৈছে





W7s News ষ্টাফৰিপোৰ্টাৰ : চিকিৎসকৰ সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে-এই দাবী ভাৰতীয় চিকিৎসা সেৱা সন্থা অসম শাখাৰ। শাখাৰ উদ্যোগত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত শাখাৰ সভাপতি ডাঃ সত্যজিৎ বৰাই কয়- চিকিৎসকক আক্ৰমণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰবাবে আমি চৰকাৰক এখন চিকিৎসকৰ সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰৱৰ্তন কৰাৰ দাবী জনালোঁ। চিকিৎসকক আক্ৰমণৰ ঘটনা 

আমাৰ দেশত ক্ৰমাৎ বৃদ্ধি পাইছে। চলিত বছৰৰ ২৯ মাৰ্চ ত ৰাজস্থানৰ ব্যক্তিগত খণ্ডৰ হাস্পতাল আনন্দ হাস্পতালৰ চিকিৎসক ডাঃ অৰ্চনা শৰ্মাই অত্যধিক মানসিক চাপৰ বাবে আত্মহত্যাৰ বলি হ'ব লগীয়া হ'ল। জ্যেষ্ঠ স্ত্ৰী আৰু প্ৰসূতি চিকিৎসক গৰাকীয়ে চিকিৎসা কৰা এগৰাকী চিজাৰীয়ান ৰোগীয়ে মৃত্যু বৰণ কৰা বাবে তেওঁক জগৰীয়া কৰা হয়। ৰোগীগৰাকীৰ অত্যধিক ৰক্ত ক্ষৰণৰ বাবে মৃত্যু হৈছিল যদিও আৰক্ষীয়েও চিকিৎসক গৰাকীক মানসিক চাপ দি দোষী সাব্যস্ত কৰে। যাৰ ফলত চিকিৎসক শৰ্মাই চৰম পন্থা অৱলম্বন কৰিব লগীয়া হয়। ইয়াৰ বাবে ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ আহ্বান মৰ্মে আমিও  ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস কলা বেজ পৰিধান কৰি পালন  কৰিছোঁ। আমি ডাঃ অৰ্চনা শৰ্মাৰ মৃত্যুৰ উচিত তদন্ত দাবী কৰাৰ লগতে ইয়াৰবাবে জগৰীয়া সকলৰ উচিত শাস্তিৰ তদন্ত দাবী কৰিছোঁ। লগতে তেওঁৰ দুটা কণ কণ শিশু আৰু পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰৰ ওচৰত দাবী জনালোঁ। এনেধৰণৰ ঘটনা যদি ঘটি থাকে তেতিয়া আমি অস্ত্ৰোপচাৰ কৰাৰ সাহস হেৰুৱাই পেলাম। এই সন্দৰ্ভত আমি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পত্ৰ প্ৰেৰণ কৰি আমাৰ দাবী সমূহক নাৰ্যতা দিবলৈ অনুৰোধ জনাইছোঁ।' আনহাতে শাখাই কেন্দ্ৰীয় চৰকাৰৰ ছত্র ছায়াত ঔষধৰ মূল্যবৃদ্ধি হৈছে বুলি অভিযোগ উত্থাপন কৰে। ঔষধৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সম্পুৰ্ণ নিয়ন্ত্রণ থাকে। চৰকাৰে বিচাৰিলে ঔষধৰ মূল্য কমাব পাৰে, বঢ়াব পাৰে। চৰকাৰে অভিজাত কোম্পানী সমূহক ৰঙা দলিছা পাৰি দিয়াৰ কৌশল ৰচনা কৰাৰ বাবে সৰ্বসাধাৰণ ৰাইজে ঔষধ অত্যধিক মূল্যত ক্ৰয় কৰিব লাগিব বুলি শাখাই কয়। জীৱন দায়িনী ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাইজে চৰকাৰক হেঁচা দিয়া উচিত। উল্লেখ্য, শাখাই সন্ধিয়া গুৱাহাটীৰ আমবাৰীৰ অসম শাখাৰ কাৰ্যালয়ত ডাঃ অৰ্চনা শৰ্মাৰ আত্মাৰ শান্তিৰ বাবে বন্তি প্ৰজ্জলন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here