সংবাদ মেলত চি পি আই (এম) ৰ অভিযোগ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 April 2022

সংবাদ মেলত চি পি আই (এম) ৰ অভিযোগ

 



জনসাধাৰণৰ বিৰুদ্ধে বিজেপি চৰকাৰে যুদ্ধ ঘোষণা কৰিছে


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংসদৰ মজিয়া কদৰ্য কৰিছে


জনতাৰ পৰা ধন সংগ্ৰহ কৰি বিধায়ক কিনা-বেচা কৰিছে





W7s news ষ্টাফৰিপোৰ্টাৰ: জনসাধাৰণৰ বিৰুদ্ধে বিজেপি চৰকাৰে যুদ্ধ ঘোষণা কৰিছে। জনতাৰ পৰা ধন সংগ্ৰহ কৰি বিধায়ক কিনা-বেচা কৰিছে- এই অভিযোগ চিপিআই(এম) দলৰ। শনিবাৰে গুৱাহাটীৰ 

হেদাৎপুৰত  দলৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰি দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়- চি পি আই (এম) দলে ক্ৰছ ভোটিং কৰাৰ নজিৰ নাই । ৰাজনীতিবিদ বোৰৰ অলপ আত্মসন্মান থকা উচিত। দুৰ্নীতিত নিমজ্জিত এইখন চৰকাৰে গৰু ছাগলীৰ দৰে বিধায়ক কিনিছে।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে সংসদক মন্দিৰ বুলি কৈছিল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংসদৰ মজিয়া কদৰ্য কৰিছে। বিধায়ক কিনা বেচা কৰি ভোট দিয়ে।সংসদৰ অপবিত্ৰ কৰা মূল হোতা হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

 ৰিপুণ বৰাই আহ্বান নজনালেও বিজেপি বিৰোধী প্ৰাৰ্থীক সমৰ্থন জনাই যাব আমাৰ দলে। বিজেপি বিৰোধী শক্তিক একত্ৰিত হ'বলৈ আমি আহ্বাব জনালোঁ।


সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিক লৈ আমাৰ দলৰ  নেতৃত্ব সৰব হৈ উঠিছে।

দামবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ কোনো পদক্ষেপ নাই। 

পেট্ৰ'ল-ডিজেলৰ অত্যাধিক কৰ হ্ৰাস কৰাৰ আমি দাবী জনালোঁ।বন্ধ হোৱা চিলিণ্ডাৰৰ ৰাজসাহায্য পুনৰ প্ৰতিগৰাকী গ্ৰাহকক দিয়াৰ দাবী জনালোঁ।

আজিৰ পৰা দামবৃদ্ধিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন মই ঘোষণা  কৰিছোঁ।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৪খন আসনত আমি প্ৰাৰ্থী দিম। ৪, ৭, ৪৪, ৫২ ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। গুৱাহাটী বাসীয়ে যাতে খোৱাপানী লাভ কৰে আৰু জাৱৰ জোথৰ, বাটপথৰ সমস্যাক লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আমাৰ প্ৰাৰ্থী।' সংবাদ মেলত দলৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here