গুৱাহাটী প্ৰেছ ক্লাৱত 'পটভূমি' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 April 2022

গুৱাহাটী প্ৰেছ ক্লাৱত 'পটভূমি' উন্মোচন

 





W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে  উন্মোচন কৰা হ'য় মাহেকীয়া আলোচনী 'পটভূমি'। আলোচনীখন উন্মোচন কৰি  বিশিষ্ট শিক্ষাবিদ ড০ অমৰ জ্যোতি চৌধুৰীয়ে কয় -'পটভূমি' আলোচনীখনৰ জৰিয়তে জাতি গঠন প্ৰক্ৰিয়া, সাধাৰণ মানুহৰ সপোন প্ৰতিফলিত কৰাৰ একোখন মঞ্চ মুকলি কৰিব বুলি আশা কৰিলোঁ। পটভূমিয়ে

আমাৰ কৃষ্টি, সংস্কৃতি, আশা, আকাংক্ষা তথা বিশ্বৰ মানুহৰ আশা আকাংক্ষা তুলি ধৰাৰ যাতে প্ৰয়াস কৰিব বুলি আশা কৰিলোঁ। এই আলোচনীখনে সমাজখনলৈ নতুন চিন্তা কঢ়িয়াই আনিব বুলি আশাবাদী। নতুন চামৰ মাজত নতুন চিন্তাৰ বাট দেখিছোঁ। নতুন প্ৰজন্মৰ কণ্ঠ সাৰ্থকভাৱে এইখন আলোচনীত প্ৰতিফলিত হ'ব বুলি আশা কৰিলোঁ। অন্ধকাৰ সময়ৰ মাজেৰে গৈ অসমীয়া ভাষাই প্ৰতিষ্ঠা লাভ কৰিছে। আমি যাতে শিৰ উচ্চ কৰি মেৰুদণ্ড পোন কৰি ৰাখিব পাৰোঁ তাৰ প্ৰয়াস অব্যাহত ৰাখিব লাগিব।' সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই কয় - পটভূমিৰ জৰিয়তে যোগাত্মক আৰু শক্তিশালী বার্তা দিয়াৰ প্ৰয়াস কৰা হৈছে। নতুন প্ৰজন্মৰ একাংশই ধিমিক ধামাককৈ বন্তি জ্বলাই ৰাখিছে তেওঁলোকে কিতাপ পঢ়িছে। লেখক, সাংবাদিক ৰবীন ভূঞাই

নি:স্বাৰ্থভাৱে অসমীয়া সত্বাক সন্মান কৰে। পটভূমিয়ে এটা নতুন পটভূমি সৃষ্টি কৰিব। নিৰাশাৰ মাজত আশা জীয়াই  থাকিব বুলি আশা কৰিলোঁ।'বিশিষ্ট সাহিত্যিক ফণিন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয়- মনত আগ্নেয়গিৰি থকা সকলৰ লাভাৰ উদ্গীৰণ হ'বই। ৰবীন ভূঞাই অসমৰ সাহিত্যৰ, জাতীয়তাবাদৰ বাবে কাম কৰি আছে। অসমীয়া ভাষা, জাতীয়তাবাদৰ সংকটৰ সময়ত এক ঐতিহাসিক দায়িত্ব পালন কৰিবলৈ ভূঞা আগবাঢ়ি অহা বাবে অভিনন্দন জনালোঁ। এই আলোচনীখনে সমগ্ৰ অসমতে এক জাগৰণ সৃষ্টি কৰিব বুলি আশা কৰিলোঁ।' 

সভাত বিশিষ্ট লেখক দেৱেন তামুলী, অধ্যাপক ডঃ নব কুমাৰ তালুকদাৰ, শৰাইঘাট ফটো টাইপছৰ তপন কুমাৰ গোস্বামীয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। 

পটভূমিৰ মুখ্য সম্পাদক (অবৈতনিক), 'আমাৰ অসম'ৰ জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞাই উন্মোচনী সভাৰ আদৰণি ভাষণত কয়-বিশ্বায়ন নামৰ আজগৰটোৱে আমাক ক্ৰমশঃ গিলি আনিছে।এক ভাষা, এক সংস্কৃতিকৰ বাণিজ্যকৰণে আমাৰ ক্ষুদ্ৰ পৰিচয়ক গিলি থ'বলৈ তৎপৰ হোৱাৰ  সময়ত আমি মগজুৰ টোকৰ দি-বিবেকৰ সৈতে মুখামুখি হোৱাৰ সময় সন্নিকট।পটভূমিৰ মাজেৰে আমি জাতিপ্ৰেমৰ পোনপটিয়া কন্ঠ স্বৰৰ প্ৰাৰ্থনা কৰিছোঁ।' উল্লেখ্য,  এই আলোচনীখনত ১১২ জন ন-পুৰণি লেখকৰ গল্প, কবিতা, প্ৰবন্ধ, কবিতা সন্নিবিষ্ট কৰা হৈছে।  উল্লেখ্য,পটভূমিৰ প্ৰস্তাৱনা সংখ্যাটো ৰঙালী বিহু বিশেষ হিচাপে প্ৰকাশ কৰা হৈছে। এই সংখ্যাত ডঃ নগেন শইকীয়া,মনোজ কুমাৰ গোস্বামী, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী,অৰুণ গোস্বামী, ডঃ দীনেশ চন্দ্ৰ গোস্বামী আদিৰ লেখা সন্নিবিষ্ট কৰা হৈছে। ইতিমধ্যে ৰাজ্যজুৰি প্ৰথম সংস্কৰণে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। উন্মোচনী সভাত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here