ৰঙালীলৈ আহি অভিভূত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাচান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 9 April 2022

ৰঙালীলৈ আহি অভিভূত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাচান

 


 বিহুগীত গাবলৈও ইচ্ছুক অভিনেত্ৰী গৰাকী


 W7s News ষ্টাফৰিপোৰ্টাৰ : খানাপাৰা পশু চিকিৎসা মহাবিদ্যালযত অনুষ্ঠিত ৰঙালিলৈ আহি অভিভূত হৈ পৰিল আৰম্ভণিতে দাক্ষিণাত্যৰ অভিনেত্ৰী হিচাপে পৰিচিত শ্ৰুতি হাছান। প্ৰথম বাৰলৈ তেওঁৰ প্ৰেমিক অসম সন্তান শিল্পী শান্তনু হাজৰিকাৰ সৈতে অসমলৈ আহি মূলতঃ অসমৰ প্ৰেমত পৰিছে হিন্দী ছবি লোকেৰে বলিউডত ভুমুকি মৰা জনপ্ৰিয় এই অভিনেত্ৰী গৰাকীয়ে। ৰঙালীৰ বাকৰিত আজি সম্বৰ্ধনা জনোৱা হয় এইগৰাকী নিজৰ ৰক ব্ৰেণ্ড ৰ জৰিয়তে আন এক পৰিচয় লৈ ফুৰা অনন্য সুন্দৰী অভিনেত্ৰী গৰাকীক। কলা ৰং তেওঁৰ প্ৰিয় আৰু সেয়েহে ভাবি শাহু আয়ে উপহাৰ হিচাপে আগবহুৱা কলা ৰঙৰ পাতৰ কাপোৰ জোৰেৰে আজি ভুমুকি মাৰি দৰ্শকৰ অজস্ৰ হাত চাপৰি লাভ কৰে। অসমলৈ আহি অভিভূত হৈ শ্ৰুতি হাচানে কয়, অসম খন ইমান ধুনীয়া অথচ গানৰ ভিদি অ নহয় কিয়। ভৱিষ্যতে সুবিধা পালে অসমীয়া চিনেমা কৰিব বুলি আশা প্ৰকাশ কৰি অভিনেত্ৰী গৰাকীয়ে ক য় যে আমি এনেইয়ে আমাৰ ভাৰত খনক পশ্চিম ভাৰত, মধ্য ভাৰত বা উত্তৰ পূৰ্বাঞ্চল বুলি ভাগ ভাগ কৰি আহিছোঁ। সেইহে মই মূলতঃ দক্ষিণ ভাৰতৰ যদিও অসমত সুবিধা পালে ছবি বা নিজ ব্রেণ্ডৰ জৰিয়তে নিজ ভাষাত ৰক সংগীত পৰিবেশন কৰাটো কোনো অসুবিধা নাই। শ্ৰুতি য়ে শেহতীয়া ভাবে দুই এটা অসমীয়া শিকি আছে। অসমীয়া থলুৱা খাদ্য প্ৰকৰণো খাবলৈ শিকি চে। আলু পিটিকা আৰু ভো ট জলকীয়া খাই ভাল পোৱা শ্ৰুতি যে ভাল পায় ভাৰত ৰত্ন ডাক্তৰ ভূপেন হাজৰিকাৰ গান। প্ৰেমিক শান্তনু ক  শ্ৰুতি যে লগ পাইছিল নিজেই বলিউডত প্ৰতিষ্ঠা লাভ কৰাৰ বহু পূৰ্বেই। আজিৰ ৰঙালী ৰ বাকৰিলৈ যোৱাৰ কিছু আগমূহুৰ্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাকাৰত শান্তনু যে প্ৰেমিকাৰ শ্ৰুতিৰ অনন্য গুণ গৰিমাৰ বিষয়ে কয়। তাই এগৰাকী বহু প্ৰতিভা সম্পন্ন শিল্পী। যিকোনো বিষয় তেওঁ খুব সুন্দৰ আৰু মসৃণ ভাবে উপস্থাপন কৰিব পাৰে। মূলতঃ মই কৰা ছবিৰ প্ৰতি আকৰ্ষিত হোৱাৰ মাজেৰেই আমাৰ চিনাকি হয়। অন্যহাতে নিজ প্ৰতিভা ৰ জৰিয়তে মুম্বাই নগৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা শান্তনু অসমত থাকি প্ৰথমে বৰ হতাশ গ্ৰস্থ হৈছিল। মূলতঃ ইঞ্জিনিযাৰিং শিক্ষা কেৰিয়াৰ হিচাপে লোৱা শান্তনু যে সৰুৰে পৰাই চিত্ৰ ৰ প্ৰতিহে অধিক আকৰ্ষিত আছিল। ঘৰৰ ইচ্ছাৰ প্ৰতি সমৰ্থন জনায়েই শান্তনু যে ইঞ্জিনিযাৰিং পঢ়িছিল যদিও পঢ়াৰ  মাজতে ছবিৰ প্ৰতিহে অধিক গুৰুত্ব প্ৰদান কৰিছিল আৰু পঢ়াৰ মাজতে ছবি আঁকি ফুৰিছিল। পিছলৈ তেওঁ অন্তিম বাৰ্ষিক ইঞ্জিনিয়াৰিং শিক্ষা আধাতে এৰি পুনৰ ছবি অঁকাত লাগি গৈছিল আৰু আজি এজন সফল শিল্পী হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। দুই শিল্পীৰ সৈতে হোৱা কথোপকথনৰ আঁত ধৰি আজি ৰঙালী ৰ মুখ্য আয়োজক শ্যামকানু মহন্তই শ্ৰুতি হাসানক ধন্যবাদ প্ৰদান কৰাৰ লগতে শিল্পী শান্তনু হাজৰিকাই ৰঙালী ৰ সৈতে পূৰ্বৰে পৰা জৰিত হৈ ৰঙালী আৰু অসমৰ বাহিৰেও নতুন দিল্লীত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত বহু বাচ ক বণিয়া পৰ্ত্ৰেইট উপহাৰ দিয়াৰ কথা সদৰি কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here